প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ সময়ত জীৱন

Posted On: 19 APR 2020 6:32PM by PIB Guwahati

যুৱ-প্ৰজন্মৰ লগতে বিভিন্ন কৰ্ম ক্ষেত্ৰত সেৱা আগবঢ়াই থকা ব্যক্তিসকলৰো মনোগ্ৰাহী হব পৰা কিছু কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সকলোৰে বাবে আগবঢ়াইছে।

তলত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্য দাঙি ধৰা হল।

এই শতিকাৰ তৃতীয়টো দশকৰ বাবে সাজু হোৱাৰ সময় আছিল এয়া। পিছে, সকলো খেলি-মেলি লগাই দিলে কভিড-১৯য়ে। এইমুহূৰ্তত কৰোনাভাইৰাছে বিভিন্ন কৰ্মক্ষেত্ৰত সেৱা আগবঢ়াই থকা সকলো ব্যক্তিৰে জীৱন-পৰিক্ৰমা যেন লক্ষণীয় ভাবে সলাই পেলালে। আজিৰ প্ৰেক্ষাপটত, ঘৰখনেই সকলোৰে বাবে নতুন কাৰ্যালয়লৈ ৰূপান্তৰিত হৈছে। এতিয়া ইণ্টাৰনেট সলনি হৈছে নতুন সভাকক্ষলৈ। কিছুদিনৰ বাবে হলেও, সতীৰ্থ সৈতে অফিচ-ব্ৰেক কটোৱাটো যেন এতিয়া ইতিহাসহে হৈছেগৈ।

ময়ো এই পৰিৱৰ্তনক আদৰি লৈছো। প্ৰায়বোৰ সভা, সেয়া লাগিলে সতীৰ্থ মন্ত্ৰীমণ্ডলীৰেয়েই হওক, বিষয়া-বৰ্গ কিম্বা বিশ্ব-নেতাই হওক, সকলোৰে সৈতে এতিয়া ভিডিঅনফাৰেন্সিং ব্যৱস্থাৰেই আলোচনাত মিলিত হও। সেইদৰে তৃণমূল পৰ্যায়ৰ বা-বাতৰি, তথ্যাদি লাভ কৰাৰ বাবে সমাজৰ বিভিন্ন পক্ষৰ সৈতে আলোচনা কৰিবলৈও এই ভিডিঅনফাৰেন্সিং ব্যৱস্থাকে সাৰোগত কৰিছো। বহু এনজিঅ, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰে বিস্তৃত আলোচনাত মিলিত হৈছো। অলপতে ৰেডিঅ জকীসকলৰ এটা দলৰ সৈতেও কথা-বতৰা পাতিছিলো।

কেৱল এয়াই নহয়, মই প্ৰতিদিনে ফোন কৰিও অসংখ্যজনৰ সৈতে বাৰ্তালাপ কৰো, সমাজৰ বিভিন্নপক্ষৰ পৰা তথ্য আহৰণ কৰো।

এইখিনি সময়ত মানুহে কেনেকৈনো তেওঁলোকৰ কাম-কাজ আগুৱাই নিছে সেয়া্ চাবৰ বাবেও মই প্ৰয়াস কৰিছো। ঘৰত আবদ্ধ হৈ থকাৰ আহ্বান জনাই আমাৰ একাংশ চলচ্চিত্ৰ তাৰকাই প্ৰেৰণ কৰা কিছু সংখ্যক ভিডিঅ বাৰ্তাত সৃষ্টিশীলতাৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে। আমাৰ একাংশ সংগীতশিল্পীয়ে এটা অনলাইন কনচাৰ্ট কৰিছিল। ডবা-খেলুৱৈসকলে ডিজিটেল মাধ্যমত ডবা খেলিছিল আৰু ইয়াৰ জৰিয়তেও তেওঁলোকে কভিড-১৯ বিৰোধী যুঁজত অৰিহণা যোগাইছে। সঁচায়ে, এয়া নিতান্তই উদ্ভাৱনশীল পদক্ষেপ!

কৰ্মস্থলীসমূহ পোনতে ডিজিটেল হল। আৰু, নহবনো কিয়?

মুঠতে, প্ৰযুক্তিয়ে সৃষ্টি কৰা প্ৰায়বোৰ ৰূপান্তৰৰ প্ৰভাৱে আটাইতকৈ বেছিকৈ প্ৰভাৱিত কৰে দৰিদ্ৰসকলৰ জীৱনক। এই প্ৰযুক্তিৰ সুবাদতে আমোলাতন্ত্ৰৰ উচ্চাত্মিকা ধুলিস্যাত্ হয়, মধ্যভোগীৰ উপস্থিতি নোহোৱা হয় আৰু কল্যাণমূলক কাৰ্মসূচীসমূহে গতি লবলৈ ধৰে।

এটা উদাহৰণ দিও ৰব। ২০১৪চনত আমি যেতিয়া সেৱা কৰাৰ সুযোগ লাভ কৰিছিলো, তেতিয়া আমি ভাৰতীয়সকলক, বিশেষকৈ দৰিদ্ৰ জন-সাধাৰণক জন-ধন একাউণ্ট, আধাৰ আৰু মোবাইল নম্বৰৰে সংযোজিত কৰিবলৈ ধৰিছিলো।

দেখাত তেনেই সাধাৰণ যেন লগা এই প্ৰয়াসেই যুগ ধৰি বৰ্তী অহা দুৰ্নীতিৰ গতিকে কেৱল যে স্তব্ধ কৰিবলৈ সক্ষম হল এনে নহয়, বৰং, বুটাম এটা টিপিয়েই ধন হস্তান্তৰ কৰিব পৰাকৈ চৰকাৰক সুযোগো প্ৰদান কৰিলে। এই কাম টিপতে কৰিব পৰা হোৱাৰ বাবে টেৱুলে টেৱুলে ফাইল বাগৰাৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ অন্ত পৰাৰ লগতে বহু সপ্তাহজোৰা বিলম্বৰো সামৰণি পৰিল।

আজিৰ পৃথিৱীত এনে আন্তঃগাঁথনি থকা ভাৰত সম্ভৱতঃ আটাইতকৈ বৃহত্ দেশ। এই আন্তঃগাঁথনিয়ে প্ৰত্যক্ষ লাভ হস্তান্তৰণৰ ক্ষেত্ৰত বাৰুকৈয়ে সহযোগিতা আগবঢ়োৱাৰ লগতে খুউব কম সময়তে দৰিদ্ৰ ৰাইজলৈ ধন প্ৰেৰণৰ সুযোগ প্ৰদান কৰি কভিড-১৯ৰ এই সংকটৰ সময়তো দেশৰ কোটি কোটি পৰিয়ালক উপকৃত কৰিছে।

শিক্ষাখণ্ডৰ এটা কথা উনুকিয়াব খুজিছো। এই খণ্ডত বহুসংখ্যক পেছাদাৰীব্যক্তিয়ে অনন্য উদ্ভাৱনশীলতাৰ পৰিচয় দিছে। বহু প্ৰযুক্তিয়ে এইটো খণ্ডক বাৰুকৈয়ে উপকৃত কৰিছে। ভাৰত চৰকাৰেও দীক্ষা পৰ্টেলৰ জৰিয়তে শিক্ষকসকলকৰ লগতে ই-লাৰ্ণিং-ৰ পৰিসৰ বৃদ্ধিৰ বাবে আন এক প্ৰয়াস চলাইছে। সেইদৰে, স্বয়ম-ৰ জৰিয়তে প্ৰৱেশ, সমতা আৰু উন্নত মানৰ শিক্ষা দানৰ পৰিৱেশ সৃষ্টিৰ বাবেও প্ৰয়াস অব্যাহত ৰখা হৈছে। বহুকেইটা ভাষাত উপলব্ধ ই-পাঠশালা-ৰ জৰিয়তে ই-বুক আৰু অন্যান্য শিকণ-সমল ব্যৱহাৰৰো সুযোগ প্ৰদান কৰা হৈছে।

আজিৰ পৃথিৱীয়ে নতুন বাণিজ্যক পথৰ সন্ধানত ঢাপলি মেলিছে।

এনে পৰিস্থিতিত যুৱ-প্ৰজন্মৰে ভৰি থকা আৰু নতুন নতুন চিন্তাৰে উদ্বুদ্ধ ভাৰতে এক নতুন কৰ্ম-সংস্কৃতিৰে পৃথিৱীক নেতৃত্ব প্ৰদান কৰিব পাৰে।

মই এই বাণিজ্যৰ, এই নতুন পথ আৰু কৰ্ম সংস্কৃতিক ইংৰাজী স্বৰবৰ্ণকেইটাৰে বাখ্যা কৰিব খুজিছো।

মই এইকেইটা ভাৱেলনিউ নৰ্মেল বুলি অভিহিত কৰিব বিচাৰিছো। কাৰণ ইংৰাজী ভাষাৰ বাবে যেনেকৈ এইকেইটা ভাৱেল অতিকে প্ৰয়োজনীয়, সেইদৰেই কভিড-উত্তৰ পৃথিৱীৰ বাবেও নতুন চিন্তাৰে উদ্বুদ্ধ এনে বাণিজ্যিক আৰ্হি প্ৰয়োজনীয় উপাদান হিচাপে পৰিগণিত হব।

এডাপ্টিবিলিটী’:(অৰ্থাত উপযোগী হোৱাৰ সামৰ্থ্য থকা)

আজিৰ পৰিস্থিতিত সহজে গ্ৰহণযোগ্য হোৱাৰ সামৰ্থ্য থাকিব পৰা বাণিজ্যিক আৰ্হি আৰু জীৱনশৈলীৰ অনুসন্ধান কৰিব লাগিব।

তাকে কৰিবলৈ যাওতে, এটা কথা মনত ৰাখিব লাগিব যে সংকটৰ মাজতো আমাৰ কাৰ্যালয়ৰ কাম-কাজ, বেহা-বেপাৰ আৰু বাণিজ্যৰ গতি দ্ৰুতগতিত অব্যাহত থাকিব লাগিব। কোনো পৰিস্থিতিতে যাতে জীৱনপাতৰ সম্ভাৱনা নাথাকে সেয়াও নিশ্চিত হব লাগিব

ডিজিটেল পেমেণ্ট ব্যৱস্থা এই এডাপ্টিবিলিটীৰ উত্কৃষ্ট উদাহৰণ।

ইয়াৰ আন এক উদাহৰণ হটেলিমেডিচিনএই সময়ত চিকিত্সালয়লৈ নোযোৱাকৈয়ে চিকিত্সা পৰামৰ্শ লৈ সুস্থ হোৱা বহুজনক আমি দেখিছো। টেলিমেডিচিনৰে সমগ্ৰ বিশ্বকে সেৱা আগবঢ়াব পৰা কোনো ব্যৱসায়ীক আৰ্হিৰ কথা আমি ভাবিব পাৰোনে?

এফিচিয়েন্সী (উপযুক্ততা)

আমি কিমান সময় কাৰ্যালয়ত কটাও, সেই কথাই আমাৰ কৰ্মদক্ষতা কিম্বা উপযুক্ততা নিৰ্ণয় নকৰে। বৰঞ্চ, আজিৰ পৰিস্থিতিত আমি এনে কৰ্ম-সংস্কৃতিৰ কথাহে ভাবিব লাগে, যিয়ে আমাৰ উপস্থিতিতকৈ আমাৰ উত্পাদনশীলতা আৰু কৰ্মকুশলতাৰ গুৰুত্বকহে অনুভুত কৰিব পাৰে। নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত কৰ্ম সম্পাদনতহে আমি গুৰুত্ব আৰোপ কৰিব লাগে।

ইনক্লুচিভিটী (সৰ্বাত্মকতা)

এনে বাণিজ্যিক আৰ্হি বিকশিত কৰা উচিত যিয়ে দৰিদ্ৰজনৰ, আমাৰ এই গ্ৰহটোত বসবাস কৰা বঞ্চিত-পীড়িতসকলৰ জীৱন সুৰিক্ষিত কৰিব পাৰে।

আমি জলবায়ু পৰিবৰ্তনৰ গতি সীমিত কৰাৰ ক্ষেত্ৰত বিশেষ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছো। কেনেকৈ মানুহৰ কামৰ গতি লেহেমীয়া হলে দ্ৰুতগতিৰে প্ৰকৃতি ফুলে-ফলে জাতিষ্কাৰ হৈ উঠিব পাৰে সেয়া প্ৰকৃতি-আয়ে আমাক দেখুৱাই দিছে। সেয়ে আমাৰ ভৱিষ্যতৰ প্ৰযুক্তিসমূহৰ লগতে আমাৰ কৰ্ম-কাণ্ডবোৰ যিমান পাৰি সিমান কমকৈ প্ৰকৃতিক প্ৰভাৱিত কৰাকৈহে বিকশিত হোৱা উচিত।

ভিড-১৯য়ে আমাক কম খৰছী অথচ বিশাল পৰিমাণে উপলব্ধ হব পৰা চিকিত্সা সমাধানৰ অনুসন্ধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰালে।

অপৰ্চুনিটী (সুযোগ-সুবিধা)

সকলো সংকটেই সুযোগৰো সৃষ্টি কৰে। কভিড-১৯ও ইয়াৰ ব্যতিক্ৰম নহয়। আমি এইবেলি অহা সুযোগৰ সমীক্ষা কৰো আহকচোন।

আমি থাউকতে পোৱাখিনি ধৰাৰ পৰিৱৰ্তে কভিড-১৯-উত্তৰ প্ৰেক্ষাপটত পৃথিবীলৈ আহিব পৰা সংকট প্ৰশমণৰ ক্ষেত্ৰত ভাৰত এখোজ আগত থকাৰ প্ৰয়াস কৰিব নোৱাৰোনে? আমাৰ নাগৰিক, আমাৰ দক্ষতা, আমাৰ অভ্যন্তৰত থকা সামৰ্থ্য ব্যৱহাৰ কৰি এই প্ৰয়াসত সফল হোৱাৰ কথা ভাবো আহকচোন।

ইউনিভাৰ্ছেলিজম (বিশ্বজনীনতা)

ভিড-১৯য়ে আক্ৰমণ কৰাৰ আগতে কাৰো জাত-পাত, ধৰ্ম, বৰ্ণ, গোত্ৰ, বংশ, ভাষা কিম্বা ভৌগলিক সীমাৰেখাৰ সমীক্ষা নকৰে। সেয়ে ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰহাৰো একতা আৰু ভাতৃত্ববোধৰে উদ্বুদ্ধ হৈয়ে হোৱা উচিত হ

আমাৰ ভৱিষ্যত আমাৰ একতাৰ ওপৰতে সমৃদ্ধ হব।

আমাৰ উদ্ভাৱন কেৱল ভাৰতৰ কথা ভাবিয়েই কৰিলে নহব, বৰং এই উদ্ভাৱনে সমগ্ৰ পৃথিৱী তথা মানৱ সমাজকে উপকৃত কৰিব পৰা হব লাগিব।

যোগান-ব্যৱস্থাপনাক ইমানদিনে পথ, পণ্যাগাৰ, বন্দৰ আদিৰ দৰে বুনিয়াদী সংসাধনসমূহৰ উপলব্ধতাৰ দৃষ্টিৰে সমীক্ষা কৰা হৈছিল। পিছে আজিৰ তাৰিখত, যোগান-ব্যৱস্থাপনাৰ বিশেষজ্ঞসকলে নিজৰ ঘৰৰ সুবিধা অনুসৰি পৃথিৱীৰ যোগান-ব্যৱস্থাপনা নিয়ন্ত্ৰিত কৰিব পৰা হৈছে।

ভিড-১৯-উত্তৰ প্ৰেক্ষাপটত ভাৰত বাস্তৱ আৰু ভাৰ্চুৱেল সংসাধনসমূহৰ সুন্দৰ সমন্বয়ৰে জটিল আৰু আধুনিক বহু-ৰাষ্ট্ৰীয় যোগান-শৃংখলৰ নাভী-কেন্দ্ৰ হৈ উজলি উঠিব পাৰে। আহকচোন আমি তেনে এক সম্ভাৱনীয়তাৰ সন্ধান কৰো আৰু সেই সুযোগ কাঢ়ি আনিবলৈ সষ্টম হও।

মই আপোনালোক আটাইকে কথাবোৰ গমি চাবলৈ আৰু ইয়াৰ বাবে অৰিহণা যোগাবলৈ আহ্বান জনাইছো।

 আনুষ্ঠানিক আৰু ব্যক্তিগতৰ মাজত সমতুলতা স্থাপনৰ নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবে BYOD ৰ পৰা WFH লৈ স্থানান্তৰিত হওকশাৰিৰীক আৰু মানসিক সুস্থতা আৰু উত্তৰণৰ বাবে যোগ-ক আহিলা কৰি লোৱাৰ বাবে চেষ্টা কৰক

ভাৰতৰ পৰম্পৰাগত চিকিত্সা পদ্ধতিয়ে শৰীৰক সুস্থ কৰি ৰখাত সহায় কৰে বুলি জনা যায়। নিজকে সুস্থ কৰি ৰাখিব পৰা কেতবোৰ বিধি-বিধানৰে ইতিমধ্যে আয়ুষ মন্ত্ৰালয়ে এক বিধি-নিৰ্দেশনা যুগুতাই উলিয়াইছে। এইবোৰ পালন কৰিবলৈ চেষ্টা কৰক।

শেহত, আৰু অতিকে গুৰুত্বপূৰ্ণ কথাটো হল, অনুগ্ৰহ কৰি আৰোগ্য সেঁতু এপ-টো ডাউনলোড কৰক। এইটো নিশ্চিত ভাবেই এক ভৱিষ্যত-সন্ধানী এপ, যিয়ে প্ৰযুক্তিৰ জৰিয়তে কভিড-১৯ৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰিব। যিমানে ডাউনলোড কৰিব সিমানে ইয়াৰ প্ৰভাৱশালীতা বৃদ্ধি পাব।

আপোনালোকৰ পৰা সঁহাৰি পাম বুলি অপেক্ষা কৰিলো

***

VRRK/SH/KB



(Release ID: 1616283) Visitor Counter : 517