নতুন আৰু পুনঃনবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

২০০০ মেগাৱাট গ্ৰিঢ সংযোগী ছ’লাৰ পিভি প্ৰকল্পৰ বাবে এনএইচপিচিয়ে আয়োজন কৰিলে ই-ৰিভাৰ্ছ নিলাম

प्रविष्टि तिथि: 17 APR 2020 6:53PM by PIB Guwahati

কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠান এনএইচপিচিয়ে ভাৰতৰ যিকোনো স্থানতে স্থাপন কৰিব পৰা  ২০০০ মেগাৱাট গ্ৰিড সংযোগী চ’লাৰ পিভি প্ৰকল্পৰ বাবে বিগত ১৬ এপ্ৰিল, ২০২০ তাৰিখে সফলতাৰে ই-ৰিভাৰ্ছ নিলামৰ আয়োজন কৰে। এই নিলাম প্ৰক্ৰিয়াত উপস্থিত থাকে এনএইচপিচিৰ মুখ্য পৰিচালন সঞ্চালক এ কে সিং আৰু কাৰিকৰী সঞ্চালক ৱাই কে চৌৱে।

এই সন্দৰ্ভত কেন্দ্ৰীয় শক্তি মন্ত্ৰী তথা নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী আৰ কে সিঙে এক টুইটযোগে কয়, ২০০০ মেগাৱাটৰ সৌৰশক্তি সৃষ্টিৰ বাবে নিবিদা কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠান এনএইচপিচিয়েই চূড়ান্ত কৰিছিল প্ৰতি ইউনিটত ২.৫৫/২.৫৬ টকা দৰত। লকডাউনৰ সময়ছোৱাত আমি অংশীদাৰসকলৰ সৈতে নিয়মিতভাৱে ভাৰ্চুৱেল প্লেটফৰ্মত আলোচনা কৰিছিলো আৰু আমাৰ নতুন নিবিদাও এনেদৰেই লাভ কৰিছিলো।’ মন্ত্ৰী সিঙে লগতে কয় যে এই টেৰিফ হৈছে ভালেমান পদক্ষেপৰ ফলাফল, যিবোৰ পদক্ষেপ আমি বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধিৰ বাবে আৰু ব্যৱসায় কৰাৰ সুচলতা বৃদ্ধিৰ বাবে বিগত কেইটামান মাহত গ্ৰহণ কৰিছিলো। বিনিয়োগকাৰীসকলৰ শংকা হ্ৰাস কৰাৰ বাবে আমি সদায়েই প্ৰতিজ্ঞাবদ্ধ।

উল্লেখ্য যে এই ই-ৰিভাৰ্ছ অকশ্যন বা নিলাম সম্পন্ন কৰা হৈছিল সৰ্বমুঠ ৩১৪০ মেগাৱাট শক্তি উৎপাদনৰ ক্ষমতা থকা ৭ গৰাকী নিলাম ডাঁকোতা বা বিডাৰৰ মাজত। মুঠ অনুমোদিত সামৰ্থ্য ২০০০ মেগাৱাটৰ বিপৰীতে আটাইতকৈ কম ই-ৰিভাৰ্ছ অকশ্যন আছিল প্ৰতি ইউনিটত ২.৫৫ টকা অথবা ২.৫৬ টকা। প্ৰাৰম্ভিক অৱস্থাত এই মূল্য ধাৰ্য কৰা হৈছিল প্ৰতি ইউনিটত ২.৭১ টকাৰ পৰা ২.৭৮ টকা। সমগ্ৰ দেশতে সম্পূৰ্ণৰূপে লকডাউন চলি থকা সত্ত্বেও এনএইচপিচিয়ে সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হয় এই ই-ৰিভাৰ্ছ অকশ্যন।

***

RCJ/M/RD


(रिलीज़ आईडी: 1615769) आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , English , Urdu , हिन्दी , Punjabi