কৃষি মন্ত্ৰালয়

‘লকডাউন’ৰ সময়চোৱাত কৃষক-ৰাইজক সেৱা আগবঢ়াব পৰাকৈ বিভিন্ন কাম-কাজ নিয়মীকৰণৰ পদক্ষেপ গ্ৰহণ সম্পৰ্কত কৃষি মন্ত্ৰীৰ আলোচনা

বীজ-যোগান ধৰোতাৰ অনুজ্ঞাৰ ম্যাদ আৰু আমদানী সংক্ৰান্তীয় অনুমতিৰ ম্যাদ ২০২০ৰ ছেপ্টেম্বৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ উপৰি ‘পেক-হাউছ’, সংসাধন গোট আৰু সুৰক্ষা-ব্যৱস্থাৱলীৰ ৩০জুনত অন্ত পৰিবলগীয়া বৈধতাৰ পৰিসৰ এবছৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত

পথাৰৰ উত্পাদন কঢ়িওৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে ‘কিষাণ-ৰথ’ এপ্ মুকলি কৰিলে শ্ৰী নৰেন্দ্ৰ সিং তোমৰে

Posted On: 17 APR 2020 8:51PM by PIB Guwahati

লকডাউনৰ সময়চোৱাত কৃষক-ৰাইজক সেৱা আগবঢ়াব পৰাকৈ বিভিন্ন কাম-কাজ নিয়মীকৰণৰ বাবে কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বিস্তৃত আলোচনা কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে ৰাজ্যিক মন্ত্ৰীদ্বয় পুৰুষোত্তম ৰুপালা, কৈলাশ চৌধুৰীক লগতলৈ বিভাগীয় জ্যেষ্ঠ বিষয়া-বৰ্গৰে এক সভাত মিলিত হয়। এই সভাত তলত উল্লেখ কৰা সিদ্ধান্তসমূহ গ্ৰহণ কৰা হয়—

 ০ কৃষকসকললৈ ৰাজসাহায্যযুক্ত কৃষিসম্পৰ্কীয় সা-সৰঞ্জাম, যন্ত্ৰ-পাতি আদি নিবিচ্ছিন্ন ভাবে যোগান ধৰিব পৰাকৈ ট্ৰেক্টৰ, টিলাৰ, শস্য-কঁটা যন্ত্ৰৰ উত্তৰণ সম্পৰ্কীয় নমুনাৰ পৰীক্ষণৰ অনুমোদন চলিত বৰ্ষৰ অন্ত পৰ্যন্ত পিচুৱাৰ দিহা কৰা।

০ বীজ-যোগান ধৰোতাৰ অনুজ্ঞাৰ ম্যাদ আৰু আমদানী সংক্ৰান্তীয় অনুমতিৰ ম্যাদ ২০২০ৰ ছেপ্টেম্বৰ পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ ব্যৱ্স্থা কৰা

০ পেক-হাউছ, সংসাধন গোট আৰু সুৰক্ষা-ব্যৱস্থাৱলীৰ ৩০জুনত অন্ত পৰিবলগীয়া বৈধতাৰ পৰিসৰ এবছৰৰ বাবে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

 

ইফালে, এই সময়চোৱাত কৃষক ৰাইজক সহযোগিতা আগবঢ়োৱাৰ লক্ষ্যৰে বিভাগটোৱে আন কেতবোৰ পদক্ষেপো গ্ৰহণ কৰিছে। সেই অনুসৰি

১) খেতি-পথাৰৰ উত্পাদিত সামগ্ৰী আদি কঢ়িওৱাৰ লগতে বিপণনৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে কিষাণ-ৰথশীৰ্ষক এক বিশেষ এপ্ মুকলি কৰিলে মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে

২) ৰেল বিভাগে দ্ৰুতগতিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিশ্চিত কৰাৰ বাবে ৬৫টা ৰেলপথেৰে ৫৬৭খন পাৰ্চেল বিশেষ ৰেলগাড়ী চলোৱাৰ ব্যৱস্থা কৰিছে। এই সমূহ ৰেলগাড়ীয়ে এই পৰ্যন্ত ২০,৬৫৩ টন সামগ্ৰী দেশৰ বিভিন্ন প্ৰান্তলৈ পৰিবহণ কৰিছে।

৩) প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত লকডাউনৰ এই সময়চোৱাত অৰ্থাত ২৪ মাৰ্চ,২০২০ৰ পৰা আজি পৰ্যন্ত দেশৰ ৮.৭৮ কোটি কৃষক পৰিয়াললৈ ১৭,৫৫১ কোটি টকাৰ অনুদান আবঢ়োৱা হৈছে।

৪) প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বিতৰণ কৰাৰ বাবে এই পৰ্যন্ত ৮৮,২৩৪.৫৬ মেট্ৰিক টন পৰিমাণৰ দাইল মোকলাই দিয়া হৈছে।

*****

APS/PK/MS/KB



(Release ID: 1615689) Visitor Counter : 146