সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

আৰচিডি, দিল্লীয়ে ৫০,০০০ পুনৰ ব্যৱহাৰযোগ্য ফেচ মাস্ক যোগান ধৰে

লকডাউনৰ সময়ছোৱাত ঘৰৰ পৰা কাম কৰা অৱস্থাত মাস্কসমূহ প্ৰস্তুত কৰা হৈছে

प्रविष्टि तिथि: 17 APR 2020 6:02PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ সংকটৰ সময়ত দেশবাসীক সহায় কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰ’টাৰী ক্লাব অৱ দিল্লী হেৰিটেজে প্ৰেছ ইনফ’ৰমেচন ব্যুৰ’(পিআইবি)ৰ সহযোগত বিস্তৃত বিতৰণৰ বাবে প্ৰায় ৫০,০০০ পুনৰ ব্যৱহাৰযোগ্য ফেচ মাস্ক যোগান ধৰে৷

 

ফেচ মাস্কসমূহ লকডাউনৰ সময়ছোৱাত দৰ্জীয়ে ঘৰৰ পৰা কাম কৰা অৱস্থাত প্ৰস্তুত কৰিছে৷ পিআইবিৰ মুখ্য সঞ্চালক প্ৰধান শ্ৰী কুলদীপ সিং ধাটৱালিয়াই আজি মাস্কসমূহ বিতৰণ কৰে৷ ৰ’টাৰী ক্লাব অৱ দিল্লীৰ হৈ পিআইবিৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী ৰাজীৱ জৈনে গোটেই অনুষ্ঠানটোত সহযোগিতা আগবঢ়ায়৷

 

নেচনেল মিডিয়া চেণ্টাৰত আজি মাস্কসমূহ প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ মহাসচিব শ্ৰী আনন্দ কুমাৰ, প্ৰেছ এছ’চিয়েচনৰ সাধাৰণ সম্পাদক শ্ৰী চি.কে নায়ক আৰু চিআইএছএফৰ ডেপুটি কমাণ্ডেণ্ট শ্ৰী সন্দীপ মানহাছৰ হাতত অৰ্পণ কৰা হয়৷

****

NB/MS


(रिलीज़ आईडी: 1615470) आगंतुक पटल : 223
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada