যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ দুৰ্গম অঞ্চলত ডাক প্ৰেৰণৰ বিশেষ ব্যৱস্থা

জ্যেষ্ঠ পেন্সনাৰসকলৰ বাবে ঘৰতে পেন্সন প্ৰদানৰ ব্যৱস্থা ডাক বিভাগৰ

Posted On: 15 APR 2020 4:48PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰোধী যুঁজ আৰু এই ক্ষেত্ৰত মানি চলিবলগীয়া সামাজিক দুৰত্ব আৰু জনসমাগম হ্ৰাস কৰাৰ উদ্দেশ্যে ডাক বিভাগে জ্যেষ্ঠ পেন্সনাৰসকলক ঘৰে ঘৰে পেন্সন প্ৰদান কৰাৰ পদক্ষেপ হাতত লৈছে৷ ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনক সহায় কৰাৰ বাবে তথা জনসাধাৰণৰ বিত্তীয়, স্বাস্থ্য আৰু কল্যানৰ স্বাৰ্থত প্ৰতিটো অঞ্চলৰ ডাকঘৰ সমূহে সমাজৰ প্ৰতি এই সেৱা আগবঢ়াইছে৷

সমগ্ৰ জম্মু আৰু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ডাকঘৰসমূহে জনসাধাৰণক বিত্তীয় লেনদেনৰ সুবিধা প্ৰদান কৰিছে, যাতে তেওঁলোকে এই সময়ছোৱাক প্ৰয়োজনীয় ধন আহৰণ আৰু জমা কৰাৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰাত সহায় হয়৷ ডাক বিভাগে যিকোনো বেংক একাউণ্ট থকা লোকক মাহিলী ১০,০০০টকাকৈ উঠোৱাৰ সুবিধা প্ৰদান কৰি এই ক্ষেত্ৰত আধাৰকেন্দ্ৰিক লেনদেন ব্যৱস্থা(এইপিএছ) ব্যৱহাৰ কৰিছে৷ অৱশ্যে আধাৰসংযোগী হিতাধিকাৰীসকলেহে এই ব্যৱস্থাৰ সুফল লাভ কৰিছে৷

ইফালে, জম্মু আৰু কাশ্মীৰ আৰু লাডাখৰ দুৰ্গম অঞ্চলৰ লোকসকলক স্পীড পোষ্ট, ৰেজিষ্টাৰ্ড পোষ্ট ইত্যাদিৰ সুকলমে প্ৰেৰণৰ বাবে ডাক বিভাগে বিশেষ ব্যৱস্থা হাতত লৈছে৷

এই সংকটকালত সমাজৰ দুখীয়া আৰু অনগ্ৰসৰ লোকসকলৰ সাহায্য আৰু প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছে ডাক বিভাগে৷ তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ সৈতে সম্বন্বয় ৰক্ষা কৰি ৰাইজৰ মাজত খাদ্য সামগ্ৰীৰ লগতে মাস্ক, চেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰিছে বিভাগটোৱে৷ ইফালে, বিভাগটোৰ ডাক সৰবৰাহ কৰা বাহনসমূহ জিলা আৰু পৌৰনিগম কৰ্তৃপক্ষক খাদ্য আৰু অন্যান্য সামগ্ৰী কঢ়িওৱা কামত ব্যৱহাৰ কৰিবলৈ প্ৰদান কৰিছে৷ পৌৰনিগম কৰ্তৃপক্ষৰ সহযোগত ডাকঘৰসমূহৰ চৌহদত বীজানুমক্তকৰণ কৰা হৈছে৷

***

RJ/NG/DB



(Release ID: 1614895) Visitor Counter : 139