সংযুক্ত লোকসেৱা আয়োগ

‘লকডাউন’ৰ অন্তত অনুষ্ঠিতব্য পৰীক্ষাসূচী ঘোষণা ‘ইউপিএছচি’-ৰ

এপ্ৰিল, ২০২০ৰ পৰা বলবত্ হোৱাকৈ এবছৰৰ বাবে ‘বেচিক পে’-ৰ ৩০শতাংশ স্বেচ্চাই নোলোৱাকৈ থাকিব অধ্যক্ষ আৰু সদস্যবৃন্দই

‘ইউপিএছচি’-ৰ বিষয়া-কৰ্মচাৰীয়ে ‘পিএম কেয়াৰ্ছ’-লৈ আগবঢ়ালে এদিনৰ দৰমহা

Posted On: 15 APR 2020 2:59PM by PIB Guwahati

ৰোনাভাইৰাছৰ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ সমীক্ষা কৰাৰ উদ্দেশ্যে আজি অৰ্থাত ১৫এপ্ৰিল তাৰিখে ইউপিএছচি-ৰ এখন বিশেষ সভা অনুষ্ঠিত হয়।

দেশত বলবত্ থকা লকডাউনৰ সময়ত পালন কৰিবলগীয়া সামাজিক ব্যৱধানবিধিকে ধৰি অন্যান্য স্বাস্থ্য সম্পৰ্কীয় নীতি-নিৰ্দেশনাসমূহৰ পৰিপ্ৰেক্ষিতত আয়োগে অনুষ্ঠিত কৰিবলগীয়া আৰু যাৰ বাবে প্ৰাৰ্থী আৰু পৰীক্ষা আৰু নিয়োগ পৰিষদসমূহৰ পৰামৰ্শদাতাসকলে দেশৰ প্ৰান্তে প্ৰান্তে ঘূৰিবলগীয়া হয়, তেনে পৰীক্ষা, সাক্ষাতকাৰ আদিৰ সূচী সন্দৰ্ভত সময়ে সময়ে পৰ্যালোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে, অসামৰিক সেৱা, ২০১৯ৰ বাকী থকা পাৰ্ছনেলিটী টেষ্টৰ বাবে নতুন তাৰিখ অহা ৩ মে অৰ্থাত লকডাউনৰ দ্বিতীয় পৰ্যায়ৰ সামৰণি পৰাৰ পিছত ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেইদৰে, অসামৰিক সেৱা, ২০২০ৰ(প্ৰাৰম্ভিক), আভিযান্ত্ৰিক সেৱা(মূল) আৰু ভূ-তাত্বিক সেৱা(মূল) পৰীক্ষাৰ তাৰিখ ইতিমধ্যে ঘেষণা কৰা হৈছে। বিশেষ পৰিস্থিতি উদ্ভৱ হলে যদি পৰীক্ষাসূচী সলনি কৰিবলগীয়া হয়, তেন্তে তেনে পৰিস্থিতিত আয়োগৰ বেৱ-ছাইটৰ জৰিয়তে এই তথ্য প্ৰচাৰৰ ব্যৱস্থা কৰা হব। আনহাতে, চিকিত্সা সেৱাৰ একত্ৰ পৰীক্ষা, ভাৰতীয় অৰ্থনৈতিক সেৱাৰ পৰীক্ষা, আৰু ভাৰতীয় পৰিসাংখ্যিক সেৱা, ২০২০ৰ পৰীক্ষাসমূহ পিচুওৱা সম্পৰ্কীয় অধিসূচনা ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। ইফালে, চিএপিএফ পৰীক্ষা ২০২০ৰ তাৰিখ ইউপিএছচি-ৰ বেৱ-ছাইট যোগে অৱগত কৰা হব। অহা ১০ জুন,২০২০ত অনুষ্ঠিত হব লগা এনডিএ-ii পৰীক্ষা নিৰ্দ্ধাৰিত সূচী মতেই অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ বাহিৰেও পৰীক্ষা, সাক্ষাত্কাৰ অথবা নিয়োগ পৰিষদ সম্পৰ্কীয় যিকোনো সিদ্ধান্ত সম্পৰ্কে আয়োগৰ ৱেব-ছাইট যোগে সময়ে সময়ে অৱগত কৰি থকা হব।

আজিৰ সভাত ’ৰোনাভাইৰাছৰ পৰিপ্ৰেক্ষিতত দেশৰ অৰ্থনৈতিক পৰিমণ্ডলটোত হোৱা ব্যাপক ক্ষতিৰ বিষয়েও আলোচনা কৰা হয় এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় পৰ্যায়ত বিত্তীয় সমলসমূহৰ সংৰক্ষণ অতিকে গুৰুত্বপূৰ্ণ হৈ উঠালৈ চাই এপ্ৰিল, ২০২০ৰ পৰা বলবত্ হোৱাকৈ এবছৰৰ বাবে ‘বেচিক পে’-ৰ ৩০শতাংশ স্বেচ্চাই নোলোৱাকৈ থাকিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আয়োগৰ অধ্যক্ষ আৰু সদস্যবৃন্দই। আনহাতে ‘ইউপিএছচি’-ৰ বিষয়া-কৰ্মচাৰীয়ে ‘পিএম কেয়াৰ্ছ’-নিধিলৈ আগবঢ়ালে এদিনৰ দৰমহা।

 

 

 

<><><><><>

VG/SNC/KB



(Release ID: 1614762) Visitor Counter : 354