প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পেলেষ্টাইনৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 14 APR 2020 7:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেলেষ্টাইনৰ ৰাষ্ট্ৰপতি মেহমুদ আব্বাছৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিগৰাকীয়ে আগন্তুক ৰমজান মাহৰ শুভেচ্ছা জনায়৷ দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে পৰম্পৰৰ পদক্ষেপসমূহ উভয়ৰে আগত অৱগত কৰে৷ প্ৰধানমন্ত্ৰীয়ে পেলেষ্টাইনৰ প্ৰশাসনে ভাইৰাছবিধৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাত গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে আৰু ভাৰতৰ তৰফৰ পৰা যথাসম্ভৱ সাহায্য প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ দুয়োগৰাকী নেতাই এই প্ৰত্যাহ্বানমূলক সময়ত পৰস্পৰে পৰস্পৰক সহায়-সহযোগিতা আগবঢ়াব বুলি সহমত পোষণ কৰে৷

*****

VRRK/SH/MANN



(Release ID: 1614587) Visitor Counter : 182