কৃষি মন্ত্ৰালয়

‘লকডাউন’ৰ সময়চোৱাত উদ্যানশস্য আৰু আনুষংগিক ক্ষেত্ৰৰ উত্তৰণৰ বাবে ‘কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগ’ৰ বিভিন্ন উদ্যোগ

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিতৰণৰ বাবে ৫,৫১৬মেট্ৰিক টন মাহ প্ৰেৰণ

Posted On: 14 APR 2020 7:22PM by PIB Guwahati

লকডাউনৰ সময়চোৱাত কৃষক আৰু কৃষি-কৰ্মৰে জড়িতসকলক সকাহ দিব পৰাকৈ কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। তলত ইয়াৰ কিছু আভাস দাঙি ধৰা হল-

১. ৰবি শস্যৰ বতৰ ২০২০ৰ সময়চোৱাত নাফেড-য়ে ন্যূনতম সহযোগিতা মূল্যত ৫৯৬কোটি টকাৰে ১,২১,৮৮৩মেট্ৰিক টন মাহ আৰু তৈলবীজ ক্ৰয় কৰিছে। প্ৰতিষ্ঠানটোৰ এই পদক্ষেপে দেশৰ ৮৯,১৪৫গৰাকী কৃষকক উপকৃত কৰিছে।

২. প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ যোজনাৰ অধীনত প্ৰায় ৫,৫১৬ মেট্ৰিক টন মাহ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বিতৰণৰ বাবে প্ৰেৰণ কৰা হৈছে।

৩. লকডাউনৰ সময়চোৱাত অৰ্থাত ২৪মাৰ্চ, ২০২০ৰ পৰা এই পৰ্যন্ত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত প্ৰায় ৮.৩১কোটি কৃষক পৰিয়াললৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। ইয়াৰ বাবে ইতিমধ্যে ১৬,৬২১কোটি টকাৰ পুঁজি মোকলাই দিয়া হৈছে।

৪. কভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতিত দেশ জুৰি বলবত্ কৰা লক ডাউন-য়ে কৃষিজাত আৰু ইয়াৰ আনুষংগিক ক্ষেত্ৰৰ উত্পাদিত সা-সামগ্ৰীসমূহৰ ৰপ্তানীৰ ক্ষেত্ৰত সন্মুখীন হোৱা ব্যাপক সমস্যাৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে চৰকাৰে সংশ্লিষ্ট পক্ষসমূহৰ সৈতে আলোচনা আৰম্ভ কৰিছে। কেন্দ্ৰীয় কৃষি তথা কৃষক-কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰৰ নিৰ্দেশ অনুসৰি কৃষি, সমবায় আৰু কৃষক কল্যাণ বিভাগৰ সচিব শ্ৰী সঞ্জয় আগৰৱালে কালি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে কৃষি আৰু আনুষংগিক ক্ষেত্ৰসমূহৰ উত্পাদিত সা-সামগ্ৰীসমূহ ৰপ্তানীৰ ক্ষেত্ৰত ৰপ্তানীকৰোতাসকলে সন্মুখীন হোৱা সমস্যাৱলীৰ পোন-পতীয়া ভাবে সমীক্ষা কৰে। এই আলোচনাত সচিবগৰাকীয়ে ৰপ্তানীকৰোতাসকলৰ সমস্যাৱলীৰ খৰতকীয়া সমাধান সূত্ৰ উদ্ভাৱনত গুৰুত্ব আৰোপ কৰে। কালিৰ আলোচনাত কৃষিজাত সামগ্ৰী যথা- ফল-মূল, শাক-পাচলী, বাচমতী আৰু অনা-বাচমতী চাউল, বীজ, ফুল, গছ পুলি, জৈৱিক উত্পাদন, কৃষি উপকৰণ আৰু যন্ত্ৰ-পাতিৰে জড়িত সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰিছিল।

৫. প্ৰতিনিধিসকলে কেতবোৰ উমৈহতীয়া আৰু কেতবোৰ ক্ষেত্ৰভিত্তিক সমস্যাৰ প্ৰসংগ উথ্থাপন কৰিছিল। উমৈহতীয়া প্ৰসংগসমূহৰ ভিতৰত পৰ্যাপ্তাৰ ওপৰত ভিত্তি কৰি সকলো কৃষিজাত সামগ্ৰী আৰু শ্ৰমিকৰ চলাচল, আন্তঃ ৰাজ্যিক পৰিবহণত বাধা, বজাৰ বন্ধৰ ফলত কেঁচা-মালৰ নাটনি, ফাইটো-ছেনিটেৰী চাৰ্টিফিকেশ্যন, কোৰিয়াৰ সেৱা বন্ধৰ পৰিণতিত প্ৰয়োজনীয় নথি-পত্ৰৰ আদান-প্ৰদানত বাধা, পৰিবহন সেৱা, বন্দৰ অথবা অন্য য়াৰ্ডসমূহত প্ৰৱেশ তথা সামগ্ৰীৰ আমদানী-ৰপ্তানীৰ ক্ষেত্ৰত প্ৰয়োজনীয় অনুমোদন নপোৱাৰ দৰে প্ৰসংগসমূহ উল্লেখ কৰে।

*****

APS/PK/MS/BA/KB



(Release ID: 1614586) Visitor Counter : 202