জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ট্ৰাইফেড-এ ৰাজ্যিক ন’ডেল বিভাগ আৰু ৰূপায়নকাৰী সংস্থাক ‘এমএফপি আঁচনিৰ বাবে এমএছপি’ৰ অধীনত উপলব্ধ পুঁজিৰ পৰা ক্ৰয় আৰম্ভ কৰিবলৈ আহ্বান জনাইছে

Posted On: 11 APR 2020 8:22PM by PIB Guwahati

জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনষ্ঠ ট্ৰাইফেড-এ ৰাজ্যিক ন’ডেল বিভাগ আৰু ৰূপায়নকাৰী সংস্থাক ‘লঘু বন উৎপাদন(এমএফপি) আঁচনিৰ বাবে নূন্যতম সমৰ্থন মূল্য(এমএছপি)’ৰ অধীনত উপলব্ধ পুঁজিৰ পৰা ক্ৰয় আৰম্ভ কৰিবলৈ আহ্বান জনাইছে৷ ৰাজ্যিক ন’ডেল বিভাগ আৰু ৰূপায়নকাৰী সংস্থাৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰত ট্ৰাইফেডৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰৱীৰ কৃষ্ণই কয় যে ইউনিছেফৰ সহযোগত ট্ৰাইফেড-এ জনজাতীয় লোকসকলৰ মাজত সামাজিক দূৰত্ব আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত সজাগত সৃষ্টিৰ বাবে ভান ধন আত্ম সহায়ক গোটৰ সৈতে ৱেব ছেমিনাৰ আয়োজন কৰিছে৷ সকলো ৰাজ্যিক ন’ডেল বিভাগ আৰু ৰূপায়নকাৰী সংস্থাসমূহে এই বৈঠকত অংশগ্ৰহণ কৰিছে৷

কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী অৰ্জুন মুণ্ডাইও বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰ প্ৰেৰণ কৰিছে৷ পত্ৰত তেওঁ জনজাতীয় সমূদায়ৰ মাজত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ তেওঁলোকৰ মাজত সজাগত সৃষ্টিৰ প্ৰয়োজনীয়তাৰ কথা বিশেষভাৱে উল্লেখ কৰে৷

 

*****

NB/SK/MoTA-2/11.04.2020/MS



(Release ID: 1613706) Visitor Counter : 96