বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ ৰ সংক্ৰমণৰ লক্ষণ নেদেখুওৱা ৰোগীৰ পৰীক্ষণৰ সঁজুলি নিৰ্মাণৰ বাবে ষ্টাৰ্ট-আপলৈ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ পুঁজি যোগান আৰু প্ৰতিষেধক উৎপাদনৰ দিশত ক্ষীপ্ৰতা

“প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুত সময় ল’লে, গতিকে এতিয়া সেই প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলাৰ সময়”, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ আশোতোষ শৰ্মাই কয়।

Posted On: 11 APR 2020 12:21PM by PIB Guwahati

ছীগাল বায়’চলিউশ্যনচ নামৰ নতুন জৈৱবৈজ্ঞানিক প্ৰযুক্তিৰ ক্ষেত্ৰত কাম কৰি থকা ষ্টাৰ্ট-আপলৈ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ক’ভিড-১৯ ৰ জৰুৰীকালীন পৰিস্থিতিৰ বাবে এক্টিভ ভিৰ’চম (এ ভি) প্ৰতিষেধক আৰু ইমিউন’ডায়েগনষ্টিক সঁজুলি সাজি উলিয়াবৰ বাবে পুঁজি যোগান ধৰিছে।

ছীগাল বায়’চলিউশ্যনচে প্ৰস্তুত কৰা এক্টিভ ভিৰ’চম প্ৰযুক্তি প্ৰতিষেধক আৰু ইমিউন’থেৰাপিউটিক এজেন্ট উপাদনৰ ক্ষেত্ৰত সহায়ক হ’ব।

“চিনাক্তকৰণৰ জটিলতা, সংক্ৰমণ শৃংখল ভঙ্গ, চিকিসা আৰু সুৰক্ষিত তথা ফলপ্ৰসূ প্ৰতিৰোধ ব্যৱস্থাই হৈছে ’ভিড-১৯ ৰ প্ৰত্যাহ্বানেৰে মোকাবিলা কৰাৰ একমাত্ৰ উপায়। এই প্ৰতিষেধক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত বহুত সময় ল’লে, গতিকে এতিয়া সেই প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলাৰ সময়”, বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিৱ আশোতোষ শৰ্মাই কয়।   

বৰ্তমান ভাৰতত উপলব্ধ পি চি আৰ ভিত্তিক ৰোগ চিনাক্তকৰণ সঁজুলিসমূহ দ্ৰুত আৰু ’ভিড-১৯ ৰ সংক্ৰমণ সহজে চিনাক্ত কৰিব পাৰে, কিন্তু সংক্ৰমণৰ লক্ষণ নেদেখুওৱা ৰোগীৰ পৰীক্ষণৰ সঠিক ফলাফল দিব নোৱাৰে যিসকলে ৰোগৰদ্বাৰা আক্ৰান্ত নোহোৱাকৈ ভাইৰাছৰ বিস্তৃতিত অৰিহণা যোগাব পাৰে। আনহাতে ইমিউন’ডায়েগনষ্টিক সঁজুলিয়ে ক’ভিড-১৯ ৰ বিৰুদ্ধে দেহত সৃষ্টি হোৱা প্ৰতিৰোধকসমূহ চিনাক্ত কৰিব পাৰে।     

 

Description: DST-Publication-picture

পুণেস্থিত ছীগাল বায়’চলিউশ্যনচৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে দুইধৰণৰ এক্টিভ ভিৰ’চম প্ৰস্তুত কৰি আছে, এবিধে ক’ভিড-১৯ ৰ  এচ প্ৰ’টিন চিনাক্ত কৰিব আৰু আনবিধে ক’ভিড-১৯ ৰ ষ্ট্ৰাকচাৰেল প্ৰ’টিন চিনাক্ত কৰিব। ইতিমধ্যে এই দুয়োবিধ মিশ্ৰণৰে পৰিমাণ বঢ়াই ১০ মিলিগ্ৰাম কৰি চোৱা হৈছে যাতে ইহঁতৰ ইমিউন’জেনিচিটি পৰীক্ষা কৰিব পৰা যায়। এই পৰীক্ষা সম্প্ৰতি বনৰীয়া নিগনিৰ ওপৰত কৰি চোৱা হৈছে।

এই পৰীক্ষণ সম্পূৰ্ণ হ’লে ACE-2R+ নিগনি, যিটো চাৰ্ছৰ প্ৰতিষেধক উলিওৱাৰ সময়ত নমুনা হিচাপে লোৱা হৈছিল, তাৰ ওপৰত পুনৰ সম্পৰীক্ষা কৰা হ’ব। সমসাময়িকভাৱে এক্টিভ ভিৰ’চম এজেন্ট উপাদনৰ কাম চলি থাকিব কাৰণ পিছত ইয়াৰ বৃহ মাত্ৰাত প্ৰায় ১০০,০০০ প্ৰতিষেধকৰ বাবে প্ৰয়োজন হ’ব। ACE-2R+ নিগনি আৰু বান্দৰৰ সৰু প্ৰজাতিৰ ওপৰত নিচাযুক্ততা, সুৰক্ষা আৰু ঔষধীয় গতিবিধিৰ অধ্যয়ন কৰি প্ৰথম পৰ্যায়ৰ পৰীক্ষামূলক চিকিসাৰ বাবে প্ৰস্তুত কৰা হ’ব। সংস্থাটোৱে ১৮-২০ মাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষামূলক ব্যৱহাৰৰ বাবে উলিয়াই দিব পাৰিব বুলি আশা ব্যক্ত কৰিছে।

প্ৰতিষেধক প্ৰকল্পৰ লগতে ছীগাল বায়’চলিউশ্যনচে ক’ভিড-১৯ ৰ  এচ প্ৰ’টিন চিনাক্ত কৰিব পৰা এক্টিভ ভিৰ’চম ব্যৱহাৰ কৰি  ইমিউন’ডায়েগনষ্টিক সঁজুলি প্ৰস্তুত কৰি আছে আৰু লগতে প্ৰস্তুত কৰি থকা এলিচা (ELISA)আৰু লেটাৰেল ফ্ল’ ইমিউন’ডায়েগনষ্টিক সঁজুলিৰো নিৰ্মাণৰ কাম হাতত লৈছে। লেটাৰেল ফ্ল’ ইমিউন’ডায়েগনষ্টিক পৰীক্ষণ ব্যক্তিয়ে নিজে নিজৰ শৰীৰত কৰিব পাৰিব।

ছীগাল বায়’চলিউশ্যনচে আগষ্ট ২০২০ ৰ ভিতৰত ইমিউন’ডায়েগনষ্টিক পৰীক্ষণ সঁজুলিসমূহ ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ বাবে সাজু কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে। আনহাতে এক্টিভ ভিৰ’চম প্ৰতিষেধকে সময় ল’ব। অৱশ্যে পৰিস্থিতিৰ গুৰুত্ব বুজি ৮০ দিনৰ ভিতৰত প্ৰমাণিত ধাৰণা সম্পূৰ্ণ কৰাৰ আশা কৰি ১৮-২০ মাহৰ ভিতৰত প্ৰথম পৰ্যায়ৰ পৰীক্ষামূলক ব্যৱহাৰৰ বাবে উলিয়াই দিব পাৰিব বুলি আশা ব্যক্ত কৰিছে।

(অধিক তথ্যৰ বাবে বিশ্বাস ডি জোশীক vishwasjo@seagullbiosolutions.in ত ই-মেইলযোগে অথবা ৯৯৬৭৪৭৯৩৬ নম্বৰত যোগাযোগ কৰিব পাৰিব।)

*****

KGS/(DST)/PRK



(Release ID: 1613276) Visitor Counter : 218