উপ-ৰাষ্ট্ৰপতি সচিবালয়
ইষ্টাৰ উপলক্ষে দেশবাসীলৈ উপ-ৰাষ্ট্ৰপতিৰ শুভেচ্ছা
Posted On:
11 APR 2020 1:33PM by PIB Guwahati
উপ-ৰাষ্ট্ৰপতি শ্ৰী এম, ভেংকায়া নাইডুৱে ইষ্টাৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷ এক বাৰ্তাত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে পুনৰ্জীৱনৰ কাহিনীয়ে আমাক এইটো মনত পেলাই দিয়ে যে অন্ধকাৰ বিৰুদ্ধে সদায় পোহৰৰ বিজয় হ’ব৷ তেওঁ ভাৰত আৰু বিশ্ববাসীয়ে ক’ভিড-১৯ৰ বিৰু্দ্ধে বিজয় সাব্যস্ত কৰিব বুলি আশা প্ৰকাশ কৰে৷
তলত তেওঁৰ বাৰ্তা উল্লেখ কৰা হৈছে-
“ইষ্টাৰৰ এই শুভক্ষণত মই দেশবাসীক বহুত শুভেচ্ছা জনাইছো৷ ইষ্টাৰ হৈছে যীশু খ্ৰীষ্টক ক্ৰছবিদ্ধ কৰাৰ তৃতীয় দিনৰ পাছত পুনৰ্জীৱনৰ বাবে কৰা উদযাপন৷
এয়া এক পুনৰ্জীৱনৰ আশা আৰু বিশ্বাসৰ কাহিনী, যিটোৱে মনত পেলাই দিয়ে যে অন্ধকাৰ বিৰুদ্ধে সদায় পোহৰৰ বিজয় হ’ব আৰু সকলো বেয়াৰ বিৰুদ্ধে ভালবোৰৰ জয় হয়৷
সমগ্ৰ বিশ্বই ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়ংকৰ প্ৰত্যাহ্বান ৰোধৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ সময়তে ইষ্টাৰৰ চেতনাই আমাৰ মাজত সাহস আৰু আশা জগাই তুলিছে৷
আহক ঘৰতে আমাৰ প্ৰিয়জনৰ সৈতে ইষ্টাৰ উদযাপন কৰি আমি প্ৰাৰ্থনা জনাও যে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত বিশ্বই বিজয় সাব্যস্ত কৰক৷
আহক আমি সকলোৰে প্ৰতি, বিশেষকৈ স্বাস্থ্যকৰ্মীসকলৰ কৃতজ্ঞতা জনাও, যিসকলে এই সংকটৰ পৰিত্ৰাণ দিবলৈ অবিৰতভাৱে কাম কৰি আছে৷
এই ইষ্টাৰে আমাক অধিক দয়ালু আৰু সহানুভুতিশীল, অধিক দৃঢ় আৰু ধৈৰ্যশীল কৰি তোলাৰ লগতে আমাৰ জীৱনলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক৷”
****
VRRK/MS/MSY/RK/DB
(Release ID: 1613273)
Visitor Counter : 142