কৃষি মন্ত্ৰালয়

লকডাউনৰ সময়ছোৱাত ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা তথা কৃষক কল্যাণ বিভাগৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপসমূহ

মুঠ হাল বোৱা এলেকাৰ বিপৰীতে ঘেঁহু চপোৱা হৈছে ২৬-৩৩%

ৰবি ২০২০ৰ সময়ছোৱাত মুঠ ৫২৬.৮৪ কোটি টকাৰ ১ লাখ মেট্ৰিক টন দাইল আৰু তিল ক্ৰয় কৰা হৈছে যাৰ দ্বাৰা উপকৃত হৈছে ৭৫,৯৮৪ কৃষক

কৃষকসকলৰ পৰা ব্যাপক ক্ৰেতাৰ প্ৰত্যক্ষ সুবিধা; ই-নামত লজিষ্টিক এগ্ৰিগেটৰৰ সূচনা

সোনকালে নষ্ট হোৱা সামগ্ৰী যেনে বীজ, গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীসহিতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানৰ বাবে ভাৰতীয় ৰে’লৱেয়ে ১০৯ টাইম টেবুলৰ আধাৰত পাৰ্চেল ৰে’লসমূহ পৰিচালনা কৰি আছে

Posted On: 10 APR 2020 6:34PM by PIB Guwahati

লকডাউনৰ সময়ছোৱাত ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা তথা কৃষক কল্যাণ বিভাগৰ দ্বাৰা কৃষক সম্প্ৰদায়ৰ কাৰ্যকলাপসমূহ সুগম কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷ সেইসমূহ হ’ল-য

  • বিভাগত খাৰিফ ২০২০ৰ সময়ছোৱাত শস্য চপোৱা আৰু থ্ৰেছিঙৰ বাবে সকলো ৰাজ্যলৈ এছঅ’পি জাৰি কৰি কৃষক আৰু কৃষি শ্ৰমিকৰ স্বাস্থ্যক সুৰক্ষা দিয়া তথা ক’ৰনা ভাইৰাছৰ বিস্তৃতি প্ৰতিৰোধ কৰিবলৈ কোৱা হৈছে৷
  • ৰবি ২০২০ৰ সময়ছোৱাত নেফেডে ১,০৭,৮১৪ মেট্ৰিক টন দাইল আৰু তিল মুঠ ৫২৬.৮৪ কোটি টকাৰ এমএছপি মূল্যত ক্ৰয় কৰিছে৷ ইয়াৰ দ্বাৰা ৭৫,৯৮৪ কৃষক উপকৃত হৈছে৷
  • ৰাজ্য চৰকাৰ/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহলৈ পৰামৰ্শৱলী জাৰি কৰি প্ৰত্যক্ষ বিপণনক সুগম কৰি তোলাৰ বাবে কোৱা হৈছে যাতে বৃহৎ ক্ৰেতা/বৃহৎ খুচুৰা ব্যৱসায়ী/সংসাধকসমূহৰ দ্বাৰা কৃষক/এফপিঅ’/সহকাৰী সমিতিসকলৰ পৰা প্ৰত্যক্ষ ক্ৰয় কৰা যায় যাৰ দ্বাৰা ৰাজ্য এপিএমচি অধিনিয়মৰ অধীনত সীমা নিৰ্ধাৰিত কৰি সম্পৰ্কীয় নিয়ামকসমূহ প্ৰণয়ন কৰিব পাৰি৷ বিভাগে ফলমূল আৰু শাক-পাচলিৰ বজাৰসমূহ তথা কৃষি উৎপাদনক আন্তঃৰাজ্যিক সঞ্চালনসমূহ সুক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে৷
  • অলপতে ই-নাম প্লেটফ’ৰ্মত লজিষ্টিক উপকৰণৰ সঞ্চালন সুগম কৰি তোলা হৈছে৷ ৭.৭৬ লাখ ট্ৰাক আৰু ১.৯২ লাখ পৰিবহণ এই মডিউলৰ সৈতে পূৰ্বেই জড়িত কৰোৱা হৈছে৷
  • ৰে’লৱেয়ে সোনকালে নষ্ট হোৱা সামগ্ৰীসমূহৰ সৈতে অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগানৰ বাবে ১০৯ টাইম টেবুল পাৰ্চেল ৰে’লৰ বাবে ৬২টা পথ নিৰ্ধাৰিত কৰিছে৷
  • প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ২৪.০৩.২০২০ তাৰিখৰ পৰা প্ৰযোজ্য হোৱা লকডাউনৰ সময়ছোৱাত প্ৰায় ৭.৭৭ কোটি কৃষক পৰিয়ালক লাভান্বিত কৰা হৈছে৷ এই পৰ্যন্ত ১৫,৫৩১ কোটি টকাৰ ধনৰাশি আৱণ্টিত কৰা হৈছে৷
  • ৰাষ্ট্ৰীয় উদ্যান শস্য ব’ৰ্ডে নাৰ্ছাৰীসমূহৰ ষ্টাৰ-ৰেটেডৰ বৈধতা ৩০ ছেপ্টেম্বৰ ২০২০লৈ সম্প্ৰসাৰিত কৰিছে৷
  • ভাৰতত ঘেঁহু পৰ্যাপ্ত পৰিমাণে উৎপাদন হৈছে৷ নেফেডক জি২জি ব্যৱস্থাপনাৰ অধীনত আফগানিস্তানলৈ ৫০,০০০ মেট্ৰিকটন আৰু লেবাননক ৪০,০০০ মেট্ৰিকটন ঘেঁহু ৰপ্তানি কৰিবলৈ কোৱা হৈছে৷

*****

APS/PK/MS/BA/MANN



(Release ID: 1613184) Visitor Counter : 141