গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে মৃত্যু : এফচিআই-ৰ একলাখৰো অধিক কৰ্মচাৰীলৈ জীৱন বীমাৰ নিশ্চিতি চৰকাৰৰ

Posted On: 10 APR 2020 7:39PM by PIB Guwahati

ৰোনাভাইৰাছৰ মহামাৰীৰ মাজতো দিনে-নিশাই দেশৰ বিভিন্ন প্ৰান্তলৈ খাদ্য সামগ্ৰী প্ৰেৰণত জড়িত হৈ থকা ভাৰতীয় খাদ্য নিগম-ৰ ১,০৮,৭২৪গৰাকী বিষয়া-কৰ্মচাৰীলৈ জীৱন বীমাৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ আওতাত নিগমৰ অধীনত সেৱা আগবঢ়াই থকা ৮০,০০০ শ্ৰমিককো সামৰি লোৱা হৈছে।

এই পৰ্যন্ত নিগমৰ কৰ্মচাৰীসকলৰ পৰিয়ালসমূহে সন্ত্ৰাসবাদীৰ আক্ৰমণ, বোমা বিস্ফোৰণ, সংঘবদ্ধ আক্ৰমণ অথবা প্ৰাকৃতিক দুৰ্যোগ আদিত ক্ষতিগ্ৰস্থ হলে অৰ্থ সাহায্য লাভৰ সুযোগ লাভ কৰি আহিছিল যদিও নিগমৰ অধীনত কৰ্মৰত নিয়মীয়া আৰু ঠিকাভিত্তিক শ্ৰমিকসকলে এই সুযোগ লাভ কৰা নাছিল। এই কথাৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে কভিড-১৯ৰ সংক্ৰমণৰ বাবে মৃত্যু সাৱটিবলগীয়া হোৱা পৰিস্থিতিত নিগমৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে দিনে-নিশাই কাম কৰি সংকটৰ সময়ত দেশবাসীক সেৱা আগবঢ়াই অহা শ্ৰমিকসকলকো বীমা সুৰক্ষা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এই পদক্ষেপৰ আধাৰত ২৪মাৰ্চ, ২০২০ৰ পৰা ২৩ছেপ্তেম্বৰৰ ভিতৰৰ এই ৬মাহত কভিড-১৯ৰ বাবে মৃত্যু সাৱটিবলগীয়া হোৱা নিগমৰ নিয়মীয়া শ্ৰমিকসকলে ১৫লাখ, ঠিকা ভিত্তিক শ্ৰমিকে ১০লাখ টকাৰ বীমা সুৰক্ষা লাভ কৰাৰ বিপৰীতে প্ৰথম শ্ৰেণীভুক্ত বিষয়াসকলে ৩৫লাখ, দ্বিতীয় শ্ৰেণীৰ বিষয়াই ৩০লাখ আৰু তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বিষয়াসকলে ২৫লাখ টকাৰ বীমা সুৰক্ষা লাভ কৰিব।

সংকটৰ এই মুহূৰ্তত জীৱনকো তুচ্ছ কৰি দেশবাসীক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যোগান ধৰি সেৱা আগবঢ়োৱাত উঠি-পৰি লগা বিষয়া-কৰ্মচাৰীসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সম্ভৱপৰ সকলোখিনি কৰাৰ বাবে চৰকাৰ সচেষ্ট থাকিব বুলি অভিমত প্ৰকাশ কৰিছে কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ মন্ত্ৰী শ্ৰী ৰাম বিলাস পাচৱানে।

*****

APS/PK/MS/BH/KB



(Release ID: 1613164) Visitor Counter : 186