যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
ডাক জীৱন বীমা আৰু গ্ৰাম্য ডাক জীৱন বীমাৰ প্ৰিমিয়াম পৰিশোধ কৰাৰ সময়সীমা ৩০ জুন ২০২০ লৈ বৰ্দ্ধিত
प्रविष्टि तिथि:
09 APR 2020 6:23PM by PIB Guwahati
কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে হোৱা লকডাউনত সাধাৰণ জনতাৰ অসুবিধা কম কৰিবলৈ সমগ্ৰ ভাৰততে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহৰ তৰফৰপৰা বিভিন্ন নিৰ্দেশনা জাৰি কৰা হৈছে। যদিও অত্যাৱশ্যকীয় সেৱা হিচাপে দেশৰ সৰহ সংখ্যক ডাকঘৰেই বৰ্তমান খোলা আছে আৰু নিয়মিত কাম চলাই আছে, লকডাউনৰ বাবে ডাক জীৱন বীমা আৰু গ্ৰাম্য ডাক জীৱন বীমাৰ গ্ৰাহক সকলে প্ৰিমিয়াম পৰিশোধ কৰিবলৈ ডাকঘৰলৈ যোৱাত অসুবিধা হৈছে।
ডাক জীৱন বীমা আৰু গ্ৰাম্য ডাক জীৱন বীমাৰ গ্ৰাহক সকলৰ সুবিধাৰ্থে যোগাযোগ মন্ত্ৰালয়ৰ অধীনৰ ডাক বিভাগে তেওঁলোকে পৰিশোধ কৰিবলগীয়া মাৰ্চ ২০২০, এপ্ৰিল ২০২০ আৰু মে’ ২০২০ ৰ প্ৰিমিয়ামৰ অন্তিম তাৰিখ ৩০ জুন ২০২০ লৈ কোনো বিলম্ব জৰিমনা নোহোৱাকৈ পিছুৱাই দিছে। বিভাগে গ্ৰাহকসকলক অনলাইনযোগে ডাক জীৱন বীমা পৰ্টেললৈ গৈ প্ৰিমিয়াম পৰিশোধ কৰিবলৈ অনুৰোধ জনোৱাৰ বাবে উক্ত সিদ্ধান্ত লোৱা হৈছে।
****
RJ/NG/PRK
(रिलीज़ आईडी: 1612698)
आगंतुक पटल : 232
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada