প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে চলি থকা যুঁজত জনসাধাৰণলৈ সহায়ৰ হাত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ

Posted On: 07 APR 2020 12:04PM by PIB Guwahati

সমগ্ৰ দেশেই ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯) ৰ বিৰুদ্ধে অবিৰত সংগ্ৰাম চলাই থকাৰ সমান্তৰালকৈ স্থলসেনা, নৌসেনা আৰু বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীসকলে স্বেচ্ছাই নিস্বাৰ্থভাৱে অসামৰিক প্ৰশাসনলৈ নিজৰ সেৱা আৰু সহায়ৰ হাত আগবঢ়াইছে।

এই কাৰ্যাৱলী প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ প্ৰাক্তন সৈনিক কল্যাণ বিভাগে তদাৰক কৰি আছে। উল্লেখ্য যে সমগ্ৰ দেশৰে ৰাজ্যিক পৰ্যায়ত থকা ৩২ খন ৰাজ্য সৈনিক পৰিষদ আৰু ৪০৩ খন জিলা সৈনিক পৰিষদৰ এক নেটৱৰ্ক আৰু কেন্দ্ৰীয় সৈনিক পৰিষদৰ যোগেদি এইসকল প্ৰাক্তন সৈনিকৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছিল।

কৰ্ণাটক -

অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ ৰবি মুন্নিস্বামীয়ে সমগ্ৰ কৰ্ণাটকতে ৪৫ গৰাকী প্ৰাক্তন প্ৰবীণ সৈনিকৰ বাইচাইকেল ৰাইডাৰৰ দলক নেতৃত্ব দি আছে, আৰু চহৰখনত এটা হোৱাটছএপ্প গ্ৰুপৰ যোগেদি বৃদ্ধ আৰু ৰুগীয়ো লোকসকললৈ ঔষধ আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰি আছে। ইয়াৰ উপৰিও খাদ্য সামগ্ৰী বিতৰণ আৰু লক-ডাউন ব্যৱস্থাপনাৰ ক্ষেত্ৰত ভালেমান প্ৰাক্তন সৈনিকে ধাৰৱাড, দেবাংগিৰি, শিৱমোগ্গা, হাছান, মহীশূৰ আৰু কোড়াগুত সহায়ৰ হাত আগবঢ়াই আছে।

 

অন্ধ্ৰ প্ৰদেশ

অন্ধ্ৰপ্ৰদেশত প্ৰায় ৩০০ গৰাকী প্ৰাক্তন সৈনিকে ৰাজ্যিক আৰক্ষীক স্বেচ্ছাসেৱক হিচাপে সহায় কৰি আছে। কিছুসংখ্যক প্ৰাক্তন সৈনিক সংগঠন যেনে টাড়েপাল্লিগুড়ম, পশ্চিম গোদাবৰী জিলা সন্থা আৰু ২৮ এয়াৰ ডিফেন্স ৰেজিমেণ্টে মঙলাগিৰিত খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰিছে। ইফালে লকডাউন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহায় কৰিছে ভীমুনিপটনমৰ শ্ৰী চৈতন্য ইএছএম সন্থাই।

উত্তৰ প্ৰদেশ

অৱসৰপ্ৰাপ্ত ব্ৰেগেডিয়াৰ ৰবিৰ মতে, উত্তৰ প্ৰদেশৰ ৭৫ খন জিলাত থকা জিলা সৈনিক পৰিষদসমূহে এটা প্ৰাক্তন সৈনিকৰ দলৰ সৈতে লগ লাগি খাদ্য সামগ্ৰী বিতৰণ, সমুদায় পৰ্যবেক্ষণ আৰু দৰিদ্ৰ লোকসকলৰ বাবে চলোৱা ৰাজহুৱা পাকঘৰৰ সামগ্ৰিক ব্যৱস্থা তদাৰক কৰি আছে। তাৰ লগতে জ্যেষ্ঠ প্ৰাক্তন সৈনিকসকলকো সহায় কৰিছে এওঁলোকে। তেওঁলোকে ইতিমধ্যেই আৰ্মি মেডিকেল ক’ৰ্পছৰ পৰা ৬৫৯২ গৰাকী লোকক চিনাক্ত কৰিছে আৰু তেওঁলোকৰ সৈতে যোগাযোগো কৰিছে, লগতে তেওঁলোকক যিকোনো মুহুৰ্তত প্ৰয়োজন হ’ব পৰা ঘটনাৰ বাবে সাজু কৰি ৰখা হৈছে।

পঞ্জাৱ -

পঞ্জাৱৰ ৰাজ্যিক সৈনিক পৰিষদৰ সঞ্চালক অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সতীন্দৰ সিঙে জনাইছে যে তেওঁলোকে প্ৰশাসনীয় সাহায্ৰ বাবে ৪২০০ গৰাকী প্ৰাক্তন সৈনিকক মোতায়েন কৰিছে, আৰু তেওঁলোক তথ্য সংগ্ৰহ আৰু ৰাজহুৱা পৰ্যবেক্ষণৰ বাবে পঞ্জাৱৰ প্ৰতিখন গাওঁতে উপস্থিত আছে।

চট্টিশগড়

অৱসৰপ্ৰাপ্ত এয়াৰ কামাণ্ডাৰ এ এন কুলকাৰ্ণীয়ে চট্টিশগড়ত এক সাহায্য অভিযানৰ তদাৰকী কৰি আছে, আৰু জনাইছে যে ইতিমধ্যেই বিলাসপুৰ, জাংগিৰ আৰু কোৰ্বাত ৰাজ্য আৰক্ষীক সহায়ৰ বাবে ভালেমান প্ৰাক্তন সৈনিকক মোতায়েন কৰা হৈছে।

উত্তৰ-পূৱ

অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ নাৰায়ন দত্ত যোশী, এছ এম অসমৰ ১৯ খন জিলাত ৩০০ গৰাকী প্ৰাক্তন সৈনিক স্বেচ্ছাসেৱকক লৈ সহায় আগবঢ়াবৰ বাবে সাজু হৈ আছে। ইফালে শ্বিলংত অৱসৰপ্ৰাপ্ত কৰ্ণেল গৌতম কুমাৰ ৰাইয়ে অসামৰিক প্ৰশাসনক সহায় কৰিবলৈ ৭৯ গৰাকী স্বেচ্ছাসেৱকৰ সৈতে সাজু হৈ আছে। ত্ৰিপুৰাৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ জে পি যোশীয়ে জনাইছে যে তেওঁলোকে ইতিমধ্যেই ৰাজ্য আৰু জিলা প্ৰশাসনলৈ প্ৰাক্তন সৈনিক স্বেচ্ছাসেৱকৰ এখন তালিকা প্ৰেৰণ কৰিছে আৰু তেওঁলোক যিকোনো কামৰ বাবে ষ্টেণ্ডবাই হিচাপে সাজু হৈ আছে।

ঝাৰখণ্ড, হাৰিয়ানা, উত্তৰাখণ্ড

ঠিক তেনেদৰে ঝাৰখণ্ডৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ, হাৰিয়ানাৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল ৰাহুল যাদৱ আৰু উত্তৰৰাখণ্ডৰ অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ কে বি চান্দেও তেওঁলোকৰ নিজ নিজ ৰাজ্যত একেইধৰণৰ কাম সম্পাদন কৰিছে। সমগ্ৰ দেশ লকডাউনত থকাৰ এক আহুকলীয়া পৰিস্থিতিতেই স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাৰ এইসকল প্ৰাক্তন সৈনিকে এনেদৰে স্বেচ্ছাই নিস্বাৰ্থভাৱে ৰাইজক সহায়ৰ বাবে আগবাঢ়ি অহাতো নিসন্দেহে প্ৰসংশনীয়।

***********

ABB/SS/Nampi/KA/DK/Savvy/ADA/RD



(Release ID: 1611934) Visitor Counter : 223