বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানসমূহৰ প্ৰস্তুতি তুঙ্গত

Posted On: 06 APR 2020 1:05PM by PIB Guwahati

’ভিড-১৯ বা কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ জনগণক বিবুধিত পেলাইছে। ‘ৱৰ্ল্ড’মিটাৰ’ ৰ মতে এক নিযুততকৈও অধিক লোক এই ভাইৰাছৰদ্বাৰা ইতিমধ্যে আক্ৰান্ত হৈছে আৰু এই সংখ্যা ক্ষীপ্ৰতাৰে বৃদ্ধি পাই আছে। ৫৯,০০০ লোকৰ ইতিমধ্যে মৃত্যু হৈছে আৰু এই সংখ্যা বৃদ্ধি হৈ গৈ আছে। ভাৰতত এতিয়ালৈকে ৩০০০ৰ অধিক লোক এই ভাইৰাছৰদ্বাৰা আক্ৰান্ত হৈছে আৰু প্ৰায় ৬০ জনৰ মৃত্যু হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী জ্যোতি শৰ্মা আৰু আন্তঃৰাষ্ট্ৰীয় দ্বিপাক্ষিক সহযোগিতা শাখাৰ মূৰব্বী এছ কে বৈষ্ণয়ে এই লেখাৰ যোগেদি ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতৰ বিজ্ঞানী সমাজ আৰু প্ৰতিষ্ঠানসমূহে হাতত লোৱা পদক্ষেপসমূহৰ বিতং তথ্য ডাঙি ধৰিছে।     

বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলৰ সমলেৰে প্ৰতিষেধক বিচাৰি যপৰোনাস্তি চেষ্টা চলাই আছে আৰু ভাৰতে তাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। তদুপৰি হাজাৰ হাজাৰ গৱেষকে ‘ক্ৰাউডফাইট ক’ভিড-১৯’ আদি আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ যোগেদি তেওঁলোকৰ দক্ষতা, সময় আৰু সহায় আগবঢ়াই ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজখন আগুৱাই নিছে। স্বেচ্ছামূলকভাৱে বহু গৱেষকে টুইটাৰ, ফে’চবুক, লিংকডিন আদি সামাজিক মাধ্যমযোগে সেৱা আগবঢ়াইছে।     

অহা ১২ৰ পৰা ১৮ মাহৰ ভিতৰত প্ৰতিষেধক আৱিষ্কাৰৰ কোনো সম্ভাৱনা নেদেখা এই ৰোগৰপৰা মানৱ সম্প্ৰদায়ক উদ্ধাৰৰ প্ৰচেষ্টা এতিয়া আৰম্ভ হৈছেহে বুলিব পাৰি। গোলকীয়ভাৱে সকলো একগোট হৈ সহযোগিতাৰ মাজেৰে আগ নাবাঢ়িলে কোনো দেশে ইয়াৰ জনগণক অকলে এই ব্যাধিৰপৰা উদ্ধাৰ কৰিব নোৱাৰে।

ভাৰতৰ তপৰতা

১.৩ কোটি জনসংখ্যাৰ দেশ ভাৰতত কৰ’নাৰ সংক্ৰমণ আৰু তাৰ প্ৰতি দেশৰ সঁহাৰিক সমগ্ৰ বিশ্বই লক্ষ্য কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সমস্ত শক্তিৰে এই যুঁজ চলাই নিছে। দুৰ্যোগ ব্যৱস্থাপনা আইন ২০১৫ মতে ভাৰতে ২৫ মাৰ্চৰ পৰা ২১ দিনৰ বাবে সম্পূৰ্ণ লকডাউন ঘোষণা কৰিলে। আক্ৰান্তৰ সংখ্যা ৪০০ তকৈও কম হৈ থাকোতেই লকডাউনৰ ঘোষণাক বিশ্ব স্বাস্থ্য সংস্থাইও শলাগ লৈছে। ক’ভিড-১৯ ৰ বাবে বিশেষ টাস্কফোৰ্চ আৰু ধাৰাবাহিকভাৱে সামাজিক দূৰত্বৰ ঘোষণা আৰু তলত উল্লেখ কৰা আন আন গুৰুত্বপূৰ্ণ সুৰক্ষা ব্যৱস্থাসমূহ হাতত লোৱা হৈছেঃ 

  • আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ অহা ব্যক্তিসকলক বিচাৰি উলিওৱা
  • সকলো কাৰ্যকৰী ভিছা ৰদ (ৰাষ্ট্ৰদূত, ৰাষ্ট্ৰসংঘ আৰু আন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ বিষয়া, নিয়োগ তথা প্ৰকল্পৰ বাবে দিয়া ভিছাৰ বাদে)
  • ১৫ এপ্ৰিললৈকে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় সকলো বিমান, ৰে’ল আৰু বাছসেৱা বন্ধ
  • কোনো ব্যক্তি যাতে ভোকত থাকিবলগীয়া নহয়, তাৰবাবে দৰিদ্ৰসকলক লক্ষ্য হিচাপে লৈ অৰ্থনৈতিক পদক্ষেপ গ্ৰহণ
  • ভাৰতীয় ৰে’লৰ ডবা আছুতীয়া কক্ষত পৰিণত

গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানসমূহে গ্ৰহণ কৰিছে প্ৰত্যাহ্বান

যি সময়ত ভাৰতে ’ভিড-১৯ ৰ বিৰুদ্ধে অতি সক্ৰিয় হৈ কাম কৰি আছে সেই সময়তে বাণিজ্যৰ ক্ষেত্ৰত এক লেহেমীয়া গতি দেখিবলৈ পোৱা গৈছে যাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান শৃংখলত বেমেজালিয়ে দেখা দিয়া হেতু ক’ভিড-১৯ ৰ বিৰুদ্ধে হোৱা যুঁজখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী পোৱাটোও কঠিন হৈ পৰিছে। ক’ভিড-১৯ ৰ পৰীক্ষণ সঁজুলি, মাস্ক, এলকহলযুক্ত চেনিটাইজাৰ, ব্যক্তিগত সুৰক্ষা সঁজুলি (পি পি ই), সমুখ-সমৰত ভাগ লোৱা স্বাস্থ্যকৰ্মীৰ বাবে উপযুক্ত সাজ, ৰোগীৰ বাবে ভেন্টিলেটৰ আদিৰ অভাৱ এইক্ষেত্ৰত মনকৰিবলগীয়া। 

এই সামগ্ৰীসমূহ যিমান সোনকালে পাৰি বৃহ মাত্ৰাত উপাদন কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এই সময়ত ভাৰত চৰকাৰে ‘মে’ক ইন ইণ্ডিয়া’ আঁচনিক অতি শক্তিশালী ৰূপত সক্ৰিয় কৰি দেশৰ বিভিন্ন গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠানসমূহক ইয়াৰ লগত জড়িত কৰাক অগ্ৰাধিকাৰ দিছে। 

স্বাস্থ্য, বিজ্ঞান-প্ৰযুক্তি আৰু ভূ-বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ড০ হৰ্ষৱৰ্দ্ধনৰ নেতৃত্বত দেশৰ বিজ্ঞানীসমাজক সক্ৰিয় কৰি তুলিবলৈ এক সহযোগিতাপূৰ্ণ পদক্ষেপ লোৱা হৈছে যাৰ ফলত তেওঁলোকৰ কাম আৰু চিন্তাৰ ভাগ-বতৰা কৰিব পৰা এখন মঞ্চ তৈয়াৰ হোৱাৰ লগতে সংগঠিতভাৱে কাম কৰা, প্ৰয়োজন অনুসৰি উদ্ভাৱনৰ দিশত আগবঢ়াৰ সুবিধা হৈছে আৰু একেটা গৱেষণাকে ভাগে ভাগে কৰি সময় অপচয় কৰাৰ অসুবিধা আঁতৰ হৈছে। এই অতি কম সময়ৰ ভিতৰতে নতুন পৰীক্ষণ সঁজুলি, সুৰক্ষা সঁজুলি, শ্বাস-প্ৰশ্বাসৰ বাবে সহায়ক সঁজুলি আদি তৈয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতে হাজাৰ হাজাৰ গৱেষকক অহোৰাত্ৰি কামত লগাবলৈ সক্ষম হৈছে।

ভাৰতৰ শীৰ্ষতম বিজ্ঞান আৰু প্ৰযুক্তি সংস্থাৰ প্ৰচেষ্টা

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ ভাৰতৰ শীৰ্ষতম বিজ্ঞান আৰু প্ৰযুক্তি সংস্থা যি ইয়াৰ আধীনৰ প্ৰতিষ্ঠানসমূহ আৰু সম্পৰ্কিত মন্ত্ৰালয়সমূহৰ সহযোগত ভাৰতত ক’ভিড-১৯ ৰ লগত জড়িত সমগ্ৰ বিষয়সমূহৰ ব্যৱস্থাপনাৰ বাবে ব্যৱহৃত উপযুক্ত প্ৰযুক্তিক কিদৰে উন্নততৰ কৰিব পাৰি তাৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। ক’ভিড-১৯ ৰ পৰা দেশত সৃষ্টি হ’বপৰা অন্যান্য জৰুৰী অৱস্থাৰ সমাধানৰ বাবেও বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ সদা তপৰ হৈ আছে।  

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ইয়াৰ স্বায়ত্বশাসিত প্ৰতিষ্ঠানসমূহ আৰু সাংবিধানিক নিকায়সমূহৰ জৰিয়তে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ তিনিটা উপায় অৱলম্বন কৰিছেঃ

ক) অতি তপৰতাৰে গৱেষণা আৰু উন্নয়নৰ সহযোগত প্ৰয়োজনীয় সামগ্ৰী কম খৰচত উপাদন কৰিব পৰা ষ্টাৰ্ট-আপ বিচৰি উলিয়াই সমস্যাৰ সমাধানৰ চেষ্টা

খ)আৰম্ভণিৰ সুযোগ বিচাৰি থকা বজাৰত উপলব্ধ কৰিব পৰাকৈ সাজু হৈ থকা সামগ্ৰী চিনাক্ত কৰা

গ)বজাৰত ইতিমধ্যে উপলব্ধ থকা সামগ্ৰী যিবোৰ বৃহ মাত্ৰাত উপাদন কৰাৰ বাবে আন্তঃগাঁথনিমূলক সহযোগিতাৰ প্ৰয়োজন, সেইসমূহ বিচাৰি উলিওৱা

অগ্ৰাধিকাৰ দিবলগা ক্ষেত্ৰত জোৰদাৰ গৱেষণা

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ স্বায়ত্বশাসিত সংস্থা বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে ইয়াৰ আই আৰ পি এইচ এ আঁচনিৰ অধীনত মহামাৰীৰ অধ্যয়ন, প্ৰতিৰোধ ক্ষমতা, ভাইৰাছৰ সংক্ৰমণৰ ফলত শ্বাসক্ৰিয়াত ব্যাঘাত আৰু প্ৰতিৰোধকৰ সঁহাৰি, নতুন ভাইৰাছনাশক, প্ৰতিষেধক, ’ভিড-১৯ বা একেধৰণৰ ৰোগীক চিনাক্ত কৰাৰ বাবে কম খৰচী পৰীক্ষণ যন্ত্ৰ আদি বিষয়ত গৱেষণাৰ বাবে প্ৰতিযোগিতামূলক প্ৰস্তাৱৰ আহ্বান জনাইছে। তদুপৰি বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে স্বাস্থ্যকৰ্মীসলকলৰ বৰ্তমানৰ প্ৰয়োজন যেনে ক)সুলভ আৰু সহজে কঢ়িয়াই লৈ ফুৰিব পৰা দ্ৰুত পৰীক্ষণ যন্ত্ৰ, খ) কম্পিউটাৰয়োগে ক’ভিড-১৯ ৰ অণুজীৱৰ সংখ্যা পৰ্যবেক্ষণ, গ)ক’ভিড-১৯ ৰোগীৰ বাবে নিৰ্দিষ্ট ঔষধ আৰু লগতে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে উপযুক্ত মাত্ৰাত পুষ্টিকৰ বিকল্প ঔষধ আদিৰ বাবে হ্ৰস্বকালীন ক’ভিড-১৯ ৰ বিশেষ গৱেষণা পুঁজি’ আগবঢ়াইছে।   

প্ৰথম পাঁচটা প্ৰকল্প বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে ইতিমধ্যে বাচি উলিয়াইছে যিবোৰ পিছলৈ কাৰ্যক্ষম কৰি তোলা হ’ব। ইয়াৰে তিনিটা ব্যক্তিগত সুৰক্ষা সঁজুলি (পি পি ই) কেন্দ্ৰিক আৰু চতুৰ্থটো ক’ভিড-১৯ ৰোগীৰ শৰীৰৰ মেটাবলিজমৰ হিচাপ দিবপৰা এক ব্যৱস্থাৰ ওপৰত হ’ব যাৰ ওপৰত ভিত্তি কৰি চিকিসা আগবঢ়াব পৰা যাব। পঞ্চমটো দেহৰ প্ৰতিৰোধক তথা কৰ’না ভাইৰাছৰ ফলত দেহত সৃষ্ট স্পাইক গ্লাইক’প্ৰটিনৰ ওপৰত কেন্দ্ৰিভূত।    

তথ্যভিত্তিকভাৱে ভাইৰাছৰ গতিবিধি লক্ষ্য কৰি থকাটো এই ৰোগ সংক্ৰমণ ৰোধ কৰাৰ ক্ষেত্ৰত এক জৰুৰী পদক্ষেপ। ক’ভিড-১৯ ৰ বিস্তৃতিৰ গাণিতিক আৰ্হি, পৰিসাংখ্যিক যন্ত্ৰৰ শিক্ষা, মহামাৰীৰ বিষয়ে সমীক্ষাত্মক তথ্য, সংক্ৰমক ৰোগৰ সংখ্যামূলক আৰ্হিৰ লগতে সমাজ বিজ্ঞানভিত্তিক আৰ্হি আদিৰ বাবে বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে হ্ৰস্বকালীন প্ৰকল্পৰো ঘোষণা কৰিছে। প্ৰতিষেধক আৰু চিকিসা সুবিধাৰ অনুপস্থিতিত গাণিতিক বিশ্লেষণে নতুন নতুন অঞ্চলত ৰোগৰ সংক্ৰমণক ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে।  

প্ৰযুক্তি উন্নয়ন পৰিষদৰদ্বাৰা গৱেষণাৰ প্ৰস্তাৱ আহ্বান

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ সাংবিধানিক নিকায় প্ৰযুক্তি উন্নয়ন পৰিষদে ভাৰতীয় উদ্যোগসমূহৰপৰা ’ভিড-১৯ ৰোগীৰ বাবে ঘৰতে ব্যৱহাৰ কৰিবপৰা শ্বাস-সহায়ক যন্ত্ৰ নিৰ্মাণৰ প্ৰস্তাৱ আহ্বান জনাইছে। এনে জটিল সময়ত প্ৰয়োজনভিত্তিক সামগ্ৰী যেনে কম খৰচী মাস্ক, সুলভ তাপমাত্ৰা জোখা যন্ত্ৰ, বৃহ অঞ্চল চেনিটাউজ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা, দ্ৰুত পৰীক্ষণ যন্ত্ৰ, অক্সিজেনেটৰ, ভেন্টিলেটৰ আদিপাদনৰদ্বাৰা উদ্যোগসমূহে গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব পাৰে।

কৃত্ৰিম হস্তচালিত শ্বাসযন্ত্ৰঃ

ত্ৰিবান্দ্ৰমৰ এচ টি টি আই এম এচ টিয়ে কৃত্ৰিম হস্তচালিত শ্বাসযন্ত্ৰৰ ভিত্তিত এটা ভেন্টিলেটৰ গঢ়ি উলিয়াইছে যি আই চি ইউত থকাৰ সুবিধা নোপোৱা জটিল অৱস্থাত থকা ৰোগীক সহায় কৰিব। এই প্ৰযুক্তি অতি কম সময়ৰ ভিতৰতে পৰীক্ষা কৰি ব্যৱহাৰৰ যোগ্য হিচাপে স্বীকৃত হৈছে আৰু বাঙ্গালুৰুৰ ৱিপ্ৰ’ ৩-ডি ৰ দ্বাৰা নিৰ্মিত হৈ আছে। এই আপাতকালীন ভেন্টিলেটৰৰ উপৰিও প্ৰতিষ্ঠানটোৱে সুলভমূল্যত ক’ভিড-১৯ ৰোগী চিনাক্তকৰণৰ বাবে ডিজিটেল এক্সৰে’ ও গঢ়ি উলিয়াইছে।

অণুজীৱবিৰোধী প্ৰলেপ

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ স্বায়ত্বশাসিত প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু চেন্টাৰ ফৰ এডভান্স ষ্টাডিজে অণুজীৱবিৰোধী প্ৰলেপ তৈয়াৰ কৰিছে যি ইনফ্লুয়েঞ্জা ভাইৰাছ সম্পূৰ্ণৰূপে নাশ কৰিব পাৰে আৰু ৰোগ সৃষ্টিকাৰী বিজাণু, ভেঁকুৰ আদি প্ৰতিহত কৰিব পাৰে। এই প্ৰলেপে ’ভিড-১৯ৰ বিজাণুকে ধৰি সকলোধৰণৰ অণুজীৱক নিস্ক্ৰিয় কৰিব পাৰিব বুলি আশা কৰা হৈছে। এই প্ৰলেপ সুৰক্ষা সঁজুলি, স্বাস্থ্যকৰ্মীৰ সাজ আদিত ব্যৱহাৰ কৰিব পৰা যাব।

তৃণমূল পৰ্যায়ৰ আৱিষ্কাৰসমূহ

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ আন এটা স্বায়ত্বশাসিত প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় উদ্ভাৱনী প্ৰতিষ্ঠানে ব্যক্তিগতভাৱে বা স্থানীয় সম্প্ৰদায়ৰ মাজত তৃণমূল পৰ্যায়ত কৰা চিন্তাক আদৰণি জনাই তলত দিয়া বিষয়সমূহ সাঙুৰি ‘প্ৰত্যাহ্বান ক’ভিড-১৯ প্ৰতিযোগিতা’ আয়োজন কৰিছঃ ক)পুষ্টি আৰু প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে স্বাস্থ্যকৰ খাদ্য, খ)কৰ’না ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ, গ)হাত, শৰীৰ, ঘৰুৱা সামগ্ৰী, ৰাজহুৱা ঠাই আৰু যিকোনো ঠাইৰ চেনিটাইজেশ্যন, ঘ)আৰ্তজনৰ বাবে, বিশেষকৈ ঘৰত অকলে থকা বয়সীয়াল লোকৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু বিতৰণ, ঙ)স্বাস্থ্যসেৱা খণ্ডৰ দক্ষতা বৃদ্ধিৰ বাবে পি পি ই আৰু দ্ৰুত পৰীক্ষণ সুবিধা; আৰু চ)কৰ’নাৰ পিছত দূৰত্ব বজাই ৰখাত সহায় কৰা প্ৰযুক্তিসমূহৰ বিষয়ে পুনঃচিন্তন আৰু এই সময়ত উন্মোচিত হোৱা জনসাধাৰণৰ বিভিন্ন প্ৰয়োজনৰ ওপৰত আলোকপাত। বৈ়জ্ঞানিক দিশটো আঁতৰাই চালেও এনে প্ৰতিয়োগিতাত অংশ গ্ৰহণে জনসাধৰণক মহামাৰীৰ বিৰুদ্ধে চৰকাৰৰ ৰণত সক্ৰিয়ভাৱে অংশ গ্ৰহণৰ সুবিধা প্ৰদান কৰিব। 

বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয়ৰক্ষী প্ৰচেষ্টাসমূহ

আগতেই উল্লেখ কৰা হৈছে যে ভাৰত চৰকাৰে ’ভিড-১৯ টাস্ক ফোৰ্চ গঠন কৰি ষ্টাৰ্ট-আপ, বিদ্যায়তনিক সমল, গৱেষণা আৰু উন্নয়ন গৱেষণাগাৰ আৰু উদ্যোগ আদিৰ মাজত ক’ভিড-১৯ ৰ লগত জড়িত কৰিবপৰা প্ৰযুক্তিগত সামৰ্থসমূহ চিনাক্ত কৰিছে। এই সামৰ্থসমূহ চিনাক্ত কৰা দলটো বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱ-প্ৰযুক্তি বিভাগ, ভাৰতীয় স্বাস্থ্য অনুসন্ধান কেন্দ্ৰ, বৈদ্যুতিক আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ, অটল উদ্ভাৱনী অভিযান, ক্ষূদ্ৰ, লঘু আৰু মধ্যমীয়া উদ্যোগ মন্ত্ৰালয়, ষ্টাৰ্ট-আপ ইণ্ডিয়া আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা পৰিষদৰ প্ৰতিনিধিৰে গঠিত।

এই টাস্ক ফোৰ্চে ৰোগ চিনাক্তকৰণ, ঔষধ, ভেন্টিলেটৰ, সুৰক্ষা সঁজুলি, বিজাণুমুক্ত কৰা ব্যৱস্থা আদি দিশত ৫০০ ৰো অধিক সুবিধা চিনাক্ত কৰিছে। প্ৰয়োজনভিত্তিক সামগ্ৰী যেনে কম খৰচী মাস্ক, সুলভ তাপমাত্ৰা জোখা যন্ত্ৰ, বৃহ অঞ্চল চেনিটাউজ কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা, দ্ৰুত পৰীক্ষণ যন্ত্ৰ, অক্সিজেনেটৰ, ভেন্টিলেটৰ আদিৰ কথা এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি।

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লগত সম্পৰ্কিত জৈৱ-প্ৰযুক্তি বিভাগ আৰু জৈৱ-প্ৰযুক্তিৰ ঔদ্যোগিক সহায়কাৰী পৰিষদে উদ্যোগ, বিদ্যায়তনিক ব্যক্তি, সহজলভ্য ৰোগ চিনাক্তকৰণ ব্যৱস্থা, প্ৰতিষেধক, ঔষধ আৰু ক’ভিড-১৯ নিয়ন্ত্ৰণৰ আন আন উপায় উদ্ভাৱনৰ বাবে উদ্যোগ-বিদ্যায়তনিক অংশীদাৰিত্ব আদি বিষয়ত গৱেষণা সাহাৰ্য আগবঢ়াবৰ বাবে প্ৰস্তাৱ আহ্বান কৰিছে।

বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদেও ইয়াৰ ‘নিউ মিলেনিয়াম ইণ্ডিয়ান টেক্ন’লজি লিডাৰশ্বিপ ইনিচিয়েটিভ’ৰ অধীনত ক’ভিড-১৯ নিয়ন্ত্ৰণকেন্দ্ৰীক গৱেষণাত সাহাৰ্য আগবঢ়াবৰ বাবে ইচ্ছা ব্যক্ত কৰি প্ৰস্তাৱ আহ্বান কৰিছে।

অন্যান্য প্ৰতিষ্ঠানসমূহৰপৰাও উদ্ভাৱনীমূলক, দ্ৰুত আৰু আৰ্থিক সমাধান উলাইছে। উদাহৰণস্বৰূপে চি এচ আই আৰ-এ এটা কাগজৰ টুকুৰাৰদৰে পৰীক্ষণ সামগ্ৰী সাজি উলিয়াইছে যি কৰ’না ভাইৰাছ এঘন্টাৰ ভিতৰত চিনাক্ত কৰিব পাৰে।

বহু গৱেষক দলে প্ৰাথমিক বিজ্ঞান আৰু মহামাৰীৰ অন্য সামাজিক দিশসমূহ পৰ্যালোচনা কৰি আছে। প্ৰতিষেধক আৱিষ্কাৰ বা এই ৰোগ নিৰাময়ৰ ঔষধ উদ্বাৱনৰ ক্ষেত্ৰত এই দিশসমূহেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

ব্যাক্তিগত খণ্ডৰ পৰীক্ষাগাৰ

ব্যাক্তিগত খণ্ডৰ পৰীক্ষাগাৰসমূহৰ প্ৰচেষ্টাই ৰোগ চিনাক্তকৰণ, প্ৰতিষেধক আৱিষ্কাৰ, ঔষধৰ আৱিষ্কাৰ আদিত নিশ্চিতভাৱে সমগ্ৰ প্ৰক্ৰিয়াত ক্ষীপ্ৰতা আনিছে। পুণেৰ এটা কোম্পানী মাইলেৱ ডিস্ক’ভাৰী চলিউচনচে ২.৫ ঘন্টাত ফল ঘোষণা কৰিব পৰা ভাৰতৰ প্ৰথমটো ক’ভিড-১৯ ৰ দ্ৰুত পৰীক্ষণ সঁজুলি সাজি উলিয়াইছে। চেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু এ পি গ্ল’ৱেলৰ লগত সহযোগিতা স্থাপনেৰে মাইলেৱ ডিস্ক’ভাৰী চলিউচনচে আৰম্ভণিতে সপ্তাহত ১.৫ লাখ পৰীক্ষণ সমাপ্ত কৰাৰ বিপৰীতে এতিয়া সপ্তাহত ২০ লাখকৈ পৰীক্ষণ সম্পাদন কৰিবলৈ সমৰ্থ হৈছে।

পুণেৰ আন এক প্ৰতিষ্ঠান চাইটেক পাৰ্কে চিকিসালয় আদি চেনিটাইজ কৰিবৰ কাৰণে চাইটেক আইৰন নামৰ এবিধ সামগ্ৰী সাজি উলিয়াইছে যি এটা কোঠাৰ ৯৯.৭% ভাইৰাছ নোহোৱা কৰিব পাৰে বুলি দাৱী কৰিছে।

প্ৰযুক্তিগত আৰু চিকিসা সম্পৰ্কীয় সমাধানসমূহৰ উপৰিও বিজ্ঞানসন্মত তথ্য, শিক্ষা আৰু জনসংযোগ স্থাপনৰ গুৰুত্ব এই সময়ত যথেষ্ট কাৰণ এনে সময়ত মানসিক চাপত থকা মানুহৰ মাজত ভয়-শঙ্কা, অন্ধবিশ্বাস আদি সোনকালে বিয়পি পৰে। চৰকাৰে সেয়ে ‘কৰ’না কৱচ’ এপ উপলব্ধ কৰিছে। অৱশ্যে এই এপে এতিয়াও প্ৰয়োজনীয় জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা নাই।

যুদ্ধকালীন গতিত সংঘৱদ্ধ প্ৰচেষ্টা

’ভিড-১৯ ৰে যুঁজাৰ ক্ষেত্ৰত ভাৰতৰ স্বাস্থ্যসেৱাৰ লগত জড়িত লোকসকল আৰু বিজ্ঞানী মহলক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াবৰ বাবে ভাৰত চৰকাৰ তপৰ হৈ আছে। পুঁজি যোগান ধৰিব পৰা সংস্থাসমূহেও ৰাষ্ট্ৰীয় প্ৰকল্পসমূহক আন্তঃৰাষ্ট্ৰীয় প্ৰকল্পৰ সৈতে লগ লগাই বিভিন্ন দেশৰ মাজত অভিজ্ঞতাৰ ভাগ-বতৰা কৰাত সহায় কৰিছে।

২১ মাৰ্চত ভাৰতীয় বিজ্ঞানীসকলক ক’ভিড-১৯ ৰ ওপৰত চৰকাৰৰ সবলীকৃত সমিতিয়ে জাৰি কৰা বুজাবুজিৰ চূক্তি সাপেক্ষে ক’ভিড-১৯ ৰোগীৰ তেজ, নাক আৰু ডিঙিৰপৰা ওলোৱা ড্ৰপলেটৰ নমুনা দিয়াৰ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ ফলত ভাৰতীয় বিজ্ঞানীসকলে ক’ভিড-১৯ ৰ বাবে প্ৰয়োজনীয় সকলো দিশ সামৰি গৱেষণাত ব্ৰতী হবলৈ সুযোগ লাভ কৰিলে। ইয়াৰ পিছত চৰকাৰে এনে ধৰণৰ বুজাবুজিৰ চূক্তি বিভিন্ন গৱেষণাগাৰসমূহৰ লগতো সম্পাদিত কৰিব।

এপ্ৰিল মাহৰ ৩ তাৰিখে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে ৫৬ কোটি টকা ব্যয় সাপেক্ষ চেন্টাৰ ফৰ অগমেন্টিং ৱাৰ ৱিথ ক’ভিড-১৯  হেল্থ ক্ৰাইচিছ (কৱচ) গঠন কৰি ক’ভিড-১৯ ৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ প্ৰস্তুত হোৱা ষ্টাৰ্ট-আপৰ উদ্ভাৱনক সঁহাৰি জনোৱাৰ পদক্ষেপ হাতত লৈছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সাহাৰ্যপ্ৰাপ্ত বম্বে আই আই টিৰ প্ৰযুক্তি বাণিজ্য সহযোগী হিচাপে কাম কৰা ‘কৱচে’ কৰ’না সংক্ৰান্তীয় নতুনকৈ উদ্ভাৱন হোৱা প্ৰযুক্তিসমূহ ক্ষীপ্ৰতাৰে বাণিজ্যিকৰণ কৰাত সহায় কৰিব যাৰ ফলত প্ৰয়োজনীয় সামগ্ৰীসমূহ যথেষ্ট পৰিমাণত সমগ্ৰ দেশত উপলব্ধ হ’ব। ভাৰত চৰকাৰৰ দৃঢ় বিশ্বাস যে গৱেষণা আৰু উন্নয়নৰ নতুন পদক্ষেপসমূহে অনতিলমে দেশক এই মহামাৰী জয় কৰাত সহায় কৰিব।   

 

*****

KGS/(DST- India Science Wire)/PRK


(Release ID: 1611860) Visitor Counter : 5970