উপ-ৰাষ্ট্ৰপতি সচিবালয়
উপ-ৰাষ্ট্ৰপতি ভৱনত পত্নীৰ সৈতে বন্তি প্ৰজ্বলন কৰিলে উপ-ৰাষ্ট্ৰপতিয়ে
ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশবাসীৰ সংকল্পৰ প্ৰশংসা উপ-ৰাষ্ট্ৰপতিৰ
ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক দুৰত্ব আৰু অন্যান্য নিৰ্দেশনা পালন কৰিবলৈ জনসাধাৰণক আহ্বান
দুখীয়া আৰু অভাৱগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান
ছ’চিয়েল মিডিয়াত ভুল তথ্য প্ৰচাৰক লৈ উদ্বিগ্ন; জনৰৱৰ বিপৰীতে তথ্যসম্পন্ন বাতৰি প্ৰচাৰৰ আহ্বান
পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱালৈকে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰতি মাহৰ দৰমহাৰ পৰা ৩০%কৈ কৰ্তনেৰে বৰঙণি আগবঢ়োৱাৰ সিদ্ধান্ত উপ-ৰাষ্ট্ৰপতিৰ
Posted On:
05 APR 2020 9:10PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্রী এম ভেংকায়া নাইডু আৰু তেওঁৰ পত্নী শ্রীমতী উছম্মাই ক’ভিড-১৯ সংক্ৰমণ মোকাবিলা কৰাৰ প্ৰতি সংহতি প্ৰদৰ্শনেৰে আজি নতুন দিল্লীৰ উপ-ৰাষ্ট্ৰপতি ভৱনত নিশা ৯ বজাত বন্তি প্ৰজ্জ্বলন কৰে৷
প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ন’ভেল ক’ৰোনা ভাইৰাছৰ বাবে নামি অহা অন্ধকাৰ পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ, দেশবাসীৰ প্ৰতি ঐক্যবদ্ধ যুঁজৰ প্ৰতীক হিচাপে বন্তি প্ৰজ্বলনৰ আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই উপ-ৰাষ্ট্ৰপতিয়ে দেশবাসীক ঐক্যবদ্ধ যুঁজৰ আহ্বান জনায়৷
প্ৰধানমন্ত্রীৰ আহ্বানলৈ বিপুল সঁহাৰিয়ে ভাৰতবাসীয়ে পুনৰ বুজাই দিয়ে যে এই সংকট কালত দেশবাসীয়ে দৃঢ় মানসিকতাৰে এই যুঁজ চলাই যাবলৈ প্ৰস্তুত৷
লকডাউন সময়ছোৱাত দেশবাসীক ঘৰতে থকাৰ আবেদন জনাই উপ-ৰাষ্ট্ৰপতিয়ে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে এই সংক্ৰমণ যাতে আৰু অধিক নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত বুলি কয়৷
স্বাস্থ্যকর্মী, আৰক্ষী, পৌৰ নিকায়, চাফাইকর্মী তথা সমাজকর্মীসকলে এই মহামাৰীৰ বিৰোধী যুঁজত সন্মুখৰ পৰা যুঁজিছে বুলি প্ৰশংসা কৰি তেওঁ কয় যে সামাজিক দূৰত্ব বজাই ৰাখি ব্যক্তিগত সুৰক্ষা নিশ্চিত কৰিব লাগিব৷ ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধত চৰকাৰ আৰু স্বাস্থ্য বিশেষজ্ঞসকলে যি নির্দেশনা জাৰি কৰিছে সেয়া সকলোৱেই মানি চলিব লাগিব৷
সাধাৰণ জনতাৰ চাহিদা পুৰণত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা প্ৰচেষ্টাৰ আদৰণি জনাই উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ এই সংকটকালত দুখীয়া তথা প্ৰব্ৰজিত শ্ৰমিকসকলৰ কাষত থিয় দিয়াটো সমাজৰ প্ৰতিটো স্তৰৰ লোকৰে দায়িত্ব আছে৷
এই মহামাৰীৰ সঠিক তথ্য প্ৰচাৰৰ বাবে বৈদ্যুতিন তথা ছপা মাধ্যমৰ প্ৰতিনিধিসকলক প্ৰশংসা কৰি তেওঁ কয় যে কেৱল ছ’চিয়েল মিডিয়াত যি জনৰৱ, মিথ্যাচাৰ, ভুল তথ্য প্ৰচাৰিত হৈছে সেয়া এৰাই চলিব লাগিব৷
এক ফেচবুক পোষ্টত উপ-ৰাষ্ট্ৰপতিয়ে কয় যে ছ’চিয়েল মিডিয়াত যি ভুল তথ্য প্ৰচাৰিত হৈছে, সেয়াও প্ৰকৃতাৰ্থত এক সংক্ৰমণ। ইয়াক অনতিপলমে প্ৰতিহত কৰিব লাগিব৷
তেওঁ কয় যে কোনো সম্প্ৰদায়ৰ নীতি-নিয়মক লৈ যদি অপব্যাখ্যা থাকে, সেয়াও শীঘ্ৰে প্ৰতিহত কৰিব লাগিব৷ কাকো আমি আমাৰ গোঁড়ামিৰ দৃষ্টিৰে চাব নালাগিব৷ তেওঁ লগতে কয় যে নির্দেশনা ভংগ কৰাৰ দৰে কাম আমি যাতে নকৰো, সেয়া নিশ্চিত কৰিব লাগিব৷
উপ-ৰাষ্ট্ৰপতিয়ে এই ক্ষেত্ৰত ব্যক্তিগত আৰু সামাজিক পৰ্যায়ত ক্ৰমান্বয়ে মুকলি আলোচনাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে৷ উপ-ৰাষ্ট্ৰপতিয়ে জনৰৱ আৰু ভুল তথ্যৰ বিপৰীতে সঠিক তথ্য বাৰে বাৰে প্ৰচাৰৰ পোষকতা কৰে৷
এই প্ৰতিকূল পৰিস্থিতিত সকলো বাধা অতিক্ৰম কৰি সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ যি সকল চিকিৎসক আৰু স্বাস্থ্যকর্মীয়ে সন্মুখৰ পৰা সাহসেৰে যুঁজ দি আহিছে, তেওঁলোকৰ ওপৰত কৰা শাৰীৰিক আক্ৰমণক লৈ ক্ষোভ প্ৰকাশ কৰি উপ-ৰাষ্ট্ৰপতি নাইডুয়ে কয় যে এই অগ্ৰণী যোদ্ধাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো আমাৰ কর্তব্য। উপ-ৰাষ্ট্ৰপতিয়ে এই যোদ্ধাসকলৰ জীৱনৰ নিৰাপত্তাৰ বিষয়টো নিশ্চিত কৰাৰ আহ্বান জনায়৷
ইফালে, উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি ভেংকায়া নাইডুয়ে ক’ভিড-১৯ সংক্ৰমণ কালত তথা এই পৰিস্থিতি স্বাভাবিক নোহোৱালৈকে তেওঁৰ প্ৰতি মাহৰ দৰমহাৰ ৩০% দান কৰিব বুলি সদৰি কৰে৷
****
VRRK/MS/MSY/RK/DB
(Release ID: 1611849)
Visitor Counter : 135