পৰ্যটন মন্ত্ৰালয়

বিগত পাঁচ দিনত দেশৰ বিভিন্ন প্ৰান্তৰ ৭৬৯ বিদেশী পৰ্যটকে নাম পঞ্জীয়ন কৰিলে ‘‘ষ্ট্ৰেণ্ডেড ইন ইণ্ডিয়া’’ প’ৰ্টেলত

প’ৰ্টেলৰ জৰিয়তে সহায়ৰ অনুৰোধকাৰীলৈ বিভিন্ন ধৰণে প্ৰদান কৰা হৈছে সাহায্য

Posted On: 06 APR 2020 11:59AM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ৩১ মাৰ্চ ২০২০ তাৰিখে ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ভাৰতত আৱদ্ধ হৈ ৰোৱা বিদেশী পৰ্যটকসকলৰ সাহায্যাৰ্থে www.strandedinindia.com শীৰ্ষক এক প’ৰ্টেল মুকলি কৰে৷ তেনে ধৰণৰ পৰ্যটকসকলে প’ৰ্টেলটোত যোগাযোগৰ বিৱৰণ আৰু তেওঁলোকে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে জনাই ইয়াত পঞ্জীয়ন কৰা আৱশ্যক৷ বিগত ৫ দিনত দেশৰ বিভিন্ন প্ৰান্তৰ ৭৬৯ গৰাকী বিদেশী পৰ্যটকে এই প’ৰ্টেলটোত নাম পঞ্জীয়ন কৰিছে৷

প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰশাসনে এই বিদেশী পৰ্যটকসকলৰ বাবে একোজনকৈ ন’ডেল বিষয়া নিযুক্ত কৰিছে৷ পৰ্যটন মন্ত্ৰালয়ৰ ৫টা আঞ্চলিক কাৰ্যালয়ে নিৰৱচ্ছিন্নভাৱে এই ন’ডেল বিষয়াসকলৰ সৈতে সমন্বয় স্থাপন কৰি বিদেশী পৰ্যটকসকলৰ বাবে প্ৰয়োজনীয় সাহায্যসমূহ প্ৰদান কৰি আছে৷ পৰ্যটন মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়সমূহে ব্যুৰ’ অব্ ইমিগ্ৰেছন আৰু এফআৰআৰঅ’ৰ সৈতেও সমন্বয় স্থাপন কৰি আৱদ্ধ পৰ্যটকসকলে সন্মুখীন হোৱা ভিছা সমস্যাসমূহো তদাৰক কৰি আছে৷ তাৰোপৰি তেনে ধৰণৰ পৰ্যটকসকলক দেশ/ৰাজ্যৰ ভিতৰতে সঞ্চালন তথা নিজৰ দেশলৈ প্ৰেৰণৰ অনুৰোধৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, গৃহ মন্ত্ৰালয় আৰু দেশসমূহৰ দূতাৱাস/উচ্চায়ুক্তৰ সৈতে যোগাযোগ স্থাপন কৰা হৈছে৷

প’ৰ্টেলটোৰ জৰিয়তে বিদেশী পৰ্যটকসকলক ইমেইল, টেলিফোনৰ জৰিয়তে যোগাযোগ স্থাপন কৰিব পৰা হৈছে৷ প্ৰয়োজন অনুসৰি চিকিৎসা সাহায্য, খাদ্য আৰু আশ্ৰয়ৰো সুবিধা প্ৰদান কৰা হৈছে৷

ক’ভিড-১৯ লকডাউনৰ বাবে বিহাৰৰ ছৌপাল জিলাত আৱদ্ধ হৈ ৰোৱা এগৰাকীৰ মহিলা আমেৰিকান নাগৰিকৰ পুত্ৰ দিল্লীত অস্ত্ৰোপচাৰ সম্পন্ন কৰিবলগীয়া হোৱাত প’ৰ্টেলটোৰ জৰিয়তে প্ৰাপ্ত তথ্যৰ ভিত্তিত মহিলাগৰাকীক দিল্লীলৈ ভ্ৰমণ কৰাৰ বাবে বিশেষ পৰিবহণৰ সুবিধা প্ৰদান কৰা হৈছে৷ মহিলাগৰাকীয়ে সুৰক্ষিতভাৱে নিজৰ লক্ষ্যস্থানত উপনীত হৈছে বিভাগীয় সংস্থাক এই সাহায্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ ঠিক সেইদৰে চেন্নাইত আৱদ্ধ হৈ ৰোৱা কষ্টাৰিকাৰ দুগৰাকী নাগৰিক, আহমেদাবাদত আৱদ্ধ হৈ ৰোৱা অষ্ট্ৰেলিয়াৰ পৰ্যটক আৰু তেওঁৰ পৰিয়ালকো প’ৰ্টেলটোৰ জৰিয়তে প্ৰাপ্ত তথ্যৰ ভিত্তিত বিভিন্ন ধৰণে সাহায্য প্ৰদান কৰা হৈছে৷

ওপৰত উল্লেখ কৰাসমূহ মাত্ৰ কেইটামান উদাহৰণহে৷ প’ৰ্টেলটোৰ জৰিয়তে এই সংকটজনক পৰিস্থিতিৰ সময়ছোৱাত বিভিন্ন বিদেশী পৰ্যটকক সাহায্য প্ৰদান কৰা হৈছে৷ ইয়াৰ জৰিয়তে ভাৰতৰ ‘অতিথি দেৱো ভৱ’ আদৰ্শ প্ৰতিফলিত হৈছে৷

*******

NB/AKJ/OA/MANN



(Release ID: 1611597) Visitor Counter : 210