কৃষি মন্ত্ৰালয়

কৃষিখণ্ডৰ বাবে অধিক শিথিল কৰা হ’ল লক্-ডাউন

ৰেহাই প্ৰদান কৰা হৈছে কৃষিভিত্তিক যন্ত্ৰাদি, অতিৰিক্ত অংশ আৰু পুনৰ নিৰ্মাণ, ট্ৰাক পুনৰ নিৰ্মাণ দোকান;

চাহপুলি ৰোপণকে ধৰি চাহ উদ্যোগৰ বাবেও শিথিল কৰা হৈছে লক্-ডাউন

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মুকলি কৰিলে ক’ভিড-১৯ মহামাৰীৰ বাবে লক্-ডাউনৰ চতুৰ্থ সংশোধনী

কৃষক আৰু কৃষি শ্ৰমিকসকলৰ জটিলতা হ্ৰাস কৰাৰ বাবে এই পদক্ষেপ

Posted On: 04 APR 2020 4:30PM by PIB Guwahati

কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ৰ বাবে জাৰি কৰা ২১ দিনীয়া ৰাষ্ট্ৰজোৰা লক-ডাউনৰ পৰা ৰেহাই দিছে কৃষি আৰু সম্পৰ্কীয় খণ্ডক যাতে কৃষকসকলে জটিলতাৰ সন্মুখীন হ’বলগীয়া নহয়৷ এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লক্-ডাউন জাননীৰ চতুৰ্থ সংশোধনী মুকলি কৰিছে৷

সংশোধনী অনুসৰি কৃষি যন্ত্ৰাদি, ইয়াৰ অতিৰিক্ত অংশ (ইয়াৰ যোগান শৃংখলাকে ধৰি) আৰু ঘাইপথৰ ট্ৰাকৰ পুনৰ নিৰ্মাণৰ দোকান, ইন্ধন পাম্প, চাহ উদ্যোগ, চাহ ৰোপণ আদিক সৰ্বাধিক ৫০% কৰ্মচাৰীৰ সৈতে লক্-ডাউনৰ পৰা ৰেহাই দিয়া হৈছে৷

গৃহ মন্ত্ৰালয়ৰ পৰা সংস্থা/কাৰ্যালয়সমূহত সামাজিক ব্যৱধান আৰু উপযুক্ত স্বাস্থ্যবিধি পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ জিলা প্ৰাধিকৰণে নিৰ্দেশসমূহৰ উপযুক্ত প্ৰণয়নত নজৰ ৰাখিছে৷

***

APS/PK/MS/BA/MANN



(Release ID: 1611132) Visitor Counter : 85