প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ সময়ত দুৰ্গতলৈ সহায়ৰ হাত নৌবহিনীৰ গোৱাস্থিত কৰ্তৃপক্ষৰ

प्रविष्टि तिथि: 03 APR 2020 8:32PM by PIB Guwahati

ভিড-১৯ মহামাৰিৰ পৰিপ্ৰেক্ষিতত দেশজুৰি বলবত্ কৰা লক ডাউনৰ সময়চোৱাত দুৰ্গতসকললৈ খাদ্য-দ্ৰব্যৰ লগতে অন্যান্য অত্যৱশ্যকীয় সা-সামগ্ৰী প্ৰদানৰে সহায়ৰ হাত আগবঢ়াইছে নৌ বাহিনীৰ গোৱাস্থিত কৰ্তৃপক্ষই।

যোৱা ১ এপ্ৰিল,২০ তাৰিখে গোৱা নেভেল এৰীয়া কাৰ্যালয়ে মংগৰ হিলৰ কাউন্সিলৰগৰাকীৰ সহযোগত গান্ধীনগৰ এলোকাৰ দিন হাজিৰা কৰা ব্যক্তিসকলৰ লগতে একাংশ ভ্ৰাম্যমান শ্ৰমিক আৰু স্থানীয় দৰিদ্ৰ ব্যক্তিৰ মাজত খাদ্য-দ্ৰব্যকে ধৰি অন্যন্য সা-সামগ্ৰী বিতৰণ কৰে। কাৰ্যালয়টোৱে এলেকাটোৰ প্ৰায় ২০০টা পৰিয়ালৰ মাজত প্ৰায় ১০০০ কিলোগ্ৰাম খাদ্য-দ্ৰব্য বিতৰণ কৰাৰ উপৰি গোৱাৰ চহৰ উন্নয়ন আৰু সমাজ কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী মিলিন্দ নাইকৰ হাতত ৬০০কিলোগ্ৰাম পৰিমাণৰ খাদ্য সামগ্ৰী আন ব্যক্তিৰ মাজত বিতৰণ কৰাৰ বাবে অৰ্পণ কৰে।

সপ্তাহটোৰ আগভাগত ডিফেন্স ছিকিউৰিটী ক আৰু  আইএনএছ হংস-ৰ জোৱান সকলে ভাস্কো চিটীৰ প্ৰায় ৩২০ গৰাকী ব্যক্তিৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিছিল।

__________________________________________________________________________

VM/ MS/KB


(रिलीज़ आईडी: 1610884) आगंतुक पटल : 133
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Gujarati , Tamil , Telugu , Kannada