ভাৰতীয় নিৰ্বাচন আয়োগ

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ইচিআইয়ে পিচুৱালে ৰাজ্যসভাৰ নিৰ্বাচন

পিছলৈ ঘোষণা কৰা হ’ব নতুন তাৰিখ

प्रविष्टि तिथि: 03 APR 2020 8:23PM by PIB Guwahati

জনস্বাস্থ্যলৈ ভাবুকি অহা শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ নিৰ্বাচন আয়োগে সংবিধানৰ অনুচ্ছেদ ৩২৪ৰ সৈতে ৰিপ্ৰেজেণ্টেচন অব্ পিপল এক্ট,১৯৫১ৰ অনুচ্ছেদ ১৫৩ৰ অধীনত সাতখন ৰাজ্যৰ ১৮খন আসনৰ বাবে প্ৰতিদ্বন্ধিতা হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনৰ তাৰিখ পিছুৱাইছে৷

২৫.০২.২০২০ তাৰিখে ভাৰতীয় নিৰ্বাচন আয়োগে ৬ মাৰ্চ ২০২০ তাৰিখৰ জাননীৰ দ্বাৰা ১৭খন ৰাজ্যৰ পৰা ৫৫খন আসনৰ নিৰ্বাচনৰ বাবে ঘোষণা কৰিছিল৷ ১৮.০৩.২০২০ তাৰিখৰ অন্তিম বাতিলৰ পিছত ৩৭খন আসনত বিনাপ্ৰতিদ্বন্ধিতাই জয় লাভ হৈছিল৷ তাৰ পিছত অন্ধ্ৰপ্ৰদেশ, গুজৰাট, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মণিপুৰ, মেঘালয় আৰু ৰাজস্থানৰ পৰা ১৮খন আসনৰ নিৰ্বাচন ২৬.০৩.২০২০ তাৰিখে অনুষ্ঠিত হ’বলগীয়া আছিল আৰু ৩০.০৩.২০২০ তাৰিখে ইয়াৰ প্ৰক্ৰিয়াকৰণ সম্পূৰ্ণ হোৱাৰ কথা আছিল৷

ভাৰতীয় নিৰ্বাচন আয়োগে ২৪.০৩.২০২০ তাৰিখৰ এক জাননী অনুসৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব পৰা পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ তাৰিখ পিছুৱাইছে৷ প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীৰ নাম, নিৰ্ধাৰিত ৰিটাৰ্ণিং বিষয়া নাম পৰৱৰ্তী পৰ্যায়লৈ বৈধ হৈ থাকিব বুলি জাননীখনত প্ৰকাশ পাইছে৷ তাৰোপৰি আগন্তুক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচনৰ বাবে নতুন তাৰিখ প্ৰকাশ কৰা হ’ব বুলি ভাৰতীয় নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে৷

 

******

SBS/MANN


(रिलीज़ आईडी: 1610853) आगंतुक पटल : 211
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , हिन्दी , Bengali , Gujarati , Tamil , Telugu