মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ক’ভিড-১৯ৰ ক্ষতিশংকাৰ মাজত কিদৰে সুৰক্ষিত হৈ থাকিব লাগে সেই সম্পৰ্কে ইউজিচি, এআইচিটিই, এনচিটিই, এনআইঅ’এছ, এনচিইআৰটি আৰু কেভিএছলৈ পত্ৰ প্ৰেৰণ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ

Posted On: 03 APR 2020 3:27PM by PIB Guwahati

ক’ভিড-১৯ৰ ক্ষতিশংকাৰ মাজত মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে ইউজিচি, এআইচিটিই, এনচিটিই, এনআইঅ’এছ, এনচিইআৰটি আৰু কেভিএচলৈ এই সময়ছোৱাত কিদৰে সুৰক্ষিত হৈ থাকিব লাগে, সেই সন্দৰ্ভত এক পত্ৰ প্ৰেৰণ কৰে৷ পত্ৰখনত উল্লিখিত সংস্থাসমূহলৈ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সচিব শ্ৰী অমিত খাৰেয়ে ভাৰত চৰকাৰৰ দ্বাৰা বিকশিত আৰোগ্য সেতু এপৰ বিষয়ে উল্লেখ কৰে৷ এই এপত জনসাধাৰণে ক’ৰনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে নে নাই সেয়া নিজে পৰীক্ষা কৰিব পাৰিব৷ ব্লুটুথ প্ৰযুক্তি, এলগৰিথিম আৰু কৃত্ৰিম বুদ্ধিমত্তা সম্পন্ন এই এপটোৱে শিক্ষাৰ্থী, শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলকো সহায় কৰিব৷ এই এপ নিম্নোক্ত লিংকৰ পৰা ডাউনলোড কৰিব পাৰিঃ

আইঅ’এছ : itms-apps://itunes.apple.com/app/id505825357

এণ্ড্ৰইড : https://play.google.com/store/apps/details?id=nic.goi.arogyasetu

আয়ুস মন্ত্ৰালয়ে স্ব-পৰিচৰ্যাৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এক প্ৰট’কল’ বিকশিত কৰিছে বুলিও তেওঁলোকক অৱগত কৰোৱা হয়৷ এই প্ৰট’ক’লে আমাৰ শিক্ষাৰ্থী, শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক উপকৃত কৰিব৷

স্ব-পৰিচৰ্যাৰ আয়ুৰ্বেদ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে ইয়াত ক্লিক কৰক

পত্ৰখনত প্ৰধানমন্ত্ৰীয়ে ৫ এপ্ৰিলৰ দিনা নিশা ৯ বজাত ৯ মিনিটৰ বাবে চাকি, মম, টৰ্চ অথবা ম’বাইলৰ ফ্লাশ্ব লাইট জ্বলাই প্ৰকাশৰ শক্তি অনুধাৱন কৰি ঐক্যৱদ্ধভাৱে এই যুদ্ধত অৱতীৰ্ণ হ’বলৈ জনোৱা আহ্বানৰ বিষয়েও উল্লেখ কৰা হৈছে৷

 

*****

NB/AKJ/AK/MANN



(Release ID: 1610677) Visitor Counter : 170