প্ৰতিৰক্ষা মন্ত্ৰালয়

স্বাস্থ্য কৰ্মীসকলে ক’ভিড-১৯ বিৰুদ্ধে নিৰাপদে যুঁজিবলৈ বহুতৰপীয় আঠাযুক্ত বায়’ পোছাকৰ বিকাশ কৰিলে ডিআৰডিঅ’ই

Posted On: 02 APR 2020 6:47PM by PIB Guwahati

মাৰাত্মক ভিড-১৯ৰ বিৰুদ্ধে নিয়োজিত মেডিকেল, পেৰা মেডিকেল আৰু অন্যান্য কৰ্মচাৰীসকলে নিৰাপদে যুঁজ দিবলৈ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ) এক বায়পোছাকৰ বিকাশ সাধন কৰিছে৷ বিভিন্ন ডিআৰডিঅগৱেষণাগাৰত কৰ্মৰত বিজ্ঞানীসকলে তেওঁলোকৰ জ্ঞান, বস্ত্ৰ খণ্ডৰ বিশেষজ্ঞ, প্ৰলেপ আৰু নেনপ্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰলেপযুক্ত বিশেষ সুঁতাৰে ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই) বিকাশ সাধন কৰিছে৷

বস্ত্ৰ উদ্যোগৰ সহায়ত তথা আৰু বস্ত্ৰৰ মাপকাঠিৰ বাবে কঠোৰ পৰীক্ষাৰ লগতে চিন্থেটিক ব্লাডৰ পৰা সুৰক্ষিত হোৱাকৈ এই বায়পোছাক প্ৰস্তুত কৰা হৈছে৷ চিন্থেটিক ব্লাডৰ বিৰুদ্ধে এই সুৰক্ষা বিষয়টো স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে নিৰ্ধাৰণ কৰিছে৷

ডিআৰডিঅভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি থকা অগ্ৰণী ব্যক্তি যেনে-মেডিকেল, পেৰা মেডিকেল আৰু অন্যান্য কৰ্মচাৰীৰ বাবে বৃহ পৰিমাণৰ এই পোছাক নিৰ্মাণ সুনিশ্চিত কৰাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে৷

মেচাৰ্চ কুসুমগড় ইণ্ডাষ্ট্ৰীজে কেঁচা সামগ্ৰী, প্ৰলেপযুক্ত সামগ্ৰী উপাদন কৰা পোছাকসমূহ অন্যান্য বিক্ৰেতাৰ সৈতে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে৷ বৰ্তমান প্ৰতিদিনে ৭,০০০কৈ এনে পোছাক প্ৰস্তুত কৰা হয়৷ পোছাক উপাদনৰ পৰিমাণ প্ৰতিদিনে ১৫,০০০লৈ বৃদ্ধি কৰাৰ বাবে সাজ-পোছাক প্ৰযুক্তিৰ অভিজ্ঞতাসম্পন্ন বেলেগ বেলেগ বিক্ৰেতাকো ইয়াৰ সৈতে জড়িত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে৷

বহুতৰপীয়া টেপৰ অভাৱত দেশত ডিআৰডিঅৰ সহযোগী উদ্যোগ তথা অন্যান্য উদ্যোগসমূহে বায়পোছাক প্ৰস্তুত কৰাত সমস্যাই দেখা দিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ডিআৰডিঅই এই টেপৰ বিকল্প হিচাপে বিশেষ ছিলেণ্ট প্ৰস্তুত কৰিছে, যিটো ছামমেৰিনত ব্যৱহাৰ কৰা হয়৷ এই বহুতৰপীয়া ছিলেণ্টৰ সন্দৰ্ভত কইম্বাটোৰস্থিত দক্ষিণ ভাৰতীয় বস্ত্ৰ গৱেষণা সংস্থা(টিত্ৰা)ত পৰীক্ষা কৰা হৈছে৷ এই ছিলেণ্ট বস্ত্ৰ উদ্যোগৰ বাবে গেম চেঞ্জাৰ হিচাপে পৰিগণিত হব পাৰে৷ ডিআৰডিঅই বস্ত্ৰ উদ্যোগৰ পোছাক প্ৰস্তুত কাম-কাজৰ বাবে ব্যাপক হাৰত এই ছিলেণ্ট উপাদন কৰিব পাৰে৷

ডিআৰডিঅই কেমিকেল, বায়লজিকেল, ৰেডিঅজিকেল আৰু নিউক্লিয়েৰ (চিবিআৰএন) এজেণ্টৰ পৰা সুৰক্ষা দিয়া বিভিন্ন সামগ্ৰী আৰু প্ৰযুক্তিৰ বিকাশ সাধন কৰিছে৷ গোৱালিয়ৰত থকা ডিআৰডিঅৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান(ডিআৰডিই) শীৰ্ষক গৱেষণাগাৰে কেমিকেল, বায়লজিকেল, ৰেডিঅজিকেল আৰু নিউক্লিয়েৰ (চিবিআৰএন) প্ৰতিৰোধী প্ৰথম যোৰ পোছাক এমকে ভিৰ বিকাশ সাধন কৰিছিল৷ ইতিমধ্যে সেনা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী(এনডিআৰএফ)ক ৫৩,০০০ যোৰ পোছাক যোগান ধৰা হৈছে৷

নিউক্লিয়েৰ মেডিচিন আৰু প্ৰায়োগিক বিজ্ঞান প্ৰতিষ্ঠান(আইএনএমএএছ), দিল্লীয়ে প্ৰথম ৰেডিঅলজিকেল জৰুৰীকালীন অৱস্থাত কৰ্ম সম্পাদ কৰিব পৰাকৈ পুনৰ ব্যৱহৃত পোছাকৰ বিকাশ সাধন কৰি আহিছে৷

বস্ত্ৰ ক্ষেত্ৰত কাৰিকৰী সুৰক্ষা প্ৰদান কৰা সুঁতাৰে বিভিন্ন প্ৰকাৰৰ পেৰাচুটৰ বিকাশ সাধন কৰিছে আগ্ৰাস্থিত এৰিয়েল ডেলিভাৰী ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিচমেণ্টে(এডিআৰডিএই)

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/DB



(Release ID: 1610627) Visitor Counter : 232