তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভাৰতবৰ্ষই উপভোগ কৰিছে দূৰদৰ্শন, ভাৰতবৰ্ষই যুঁজ দিছে ক’ৰোনাৰে

Posted On: 02 APR 2020 7:20PM by PIB Guwahati

লকডাউনৰ সময়ছোৱাত দূৰদৰ্শনে ইয়াৰ একালৰ জনপ্ৰিয় ধাৰাবাহিকসমূহ ডিডি নেচনেল আৰু ডিডি ভাৰতীত সম্প্ৰচাৰ কৰি ৰাষ্ট্ৰীয় ব্ৰডকাষ্টাৰ হিচাপে ভাৰতীয় নাগৰিকৰ হৃদয়ত পুনৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷ বাৰ্কৰ শেহতীয়া তথ্য অনুসৰি, দূৰদৰ্শনে পুৰণি জনপ্ৰিয় অনুষ্ঠানসমূহৰ পুনৰ সম্প্ৰচাৰেৰে জনসাধাৰণক ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাত সহায় কৰাৰ উদ্দেশ্যত সফল হৈছে৷ বাৰ্কৰ মতে, ৰামায়নৰ পুনৰ সম্প্ৰচাৰে ২০১৫ৰ পিছত হিন্দী জিইচি অনুষ্ঠান হিচাপে সৰ্বাধিক ৰেটিং লাভ কৰিছে৷

ক’ভিড-১৯ৰ প্ৰাদূৰ্ভাৱৰ মোকাবিলা কৰিবলৈ দেশজুৰি বলবৎ হৈ থকা ২১ দিনীয়া লকডাউনৰ বাবে চৰকাৰী সেৱা ব্ৰডকাষ্টাৰ দূৰদৰ্শনে ৮০ৰ দশকৰ প্ৰখ্যাত পৌৰাণিক ধাৰাবাহিক—ৰামায়ন আৰু মহাভাৰত পুনৰ সম্প্ৰচাৰৰ সিদ্ধান্ত লয়৷ এই মহাকাব্যসমূহৰ পুনৰ সম্প্ৰচাৰৰ এক ৰাজহুৱা দাবী পূৰ্বৰে উত্থাপন হৈ থকাৰ সময়তে চৰকাৰে লকডাউনৰ সময়ছোৱাত জনসাধাৰণক ঘৰৰ ভিতৰত আমোদৰ সুযোগ দিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰে৷ জনসাধাৰণৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি দূৰদৰ্শনে ইয়াৰ আন কেইখনমান প্ৰখ্যাত ধাৰাবাহিক যেনে শক্তিমান, শ্ৰীমান শ্ৰীমতী, চাণক্য, দেখ ভাই দেখ, বুনিয়াদ, চাৰ্কাছ আৰু ব্যোমকেশ বাক্সী ডিডি নেচনেলত পুনৰ সম্প্ৰচাৰ কৰিছে৷ একেদৰে, ডিডি ভাৰতীত পুনৰ সম্প্ৰচাৰ কৰিছে মহাভাৰত, আলিফ লাইলা, উপনিষদ গংগা৷

https://static.pib.gov.in/WriteReadData/userfiles/image/image0017ZEE.jpg

 

ডিডি নেচনেলত ২৮ মাৰ্চ,২০২০ শনিবাৰৰ পৰা ৰামায়ন আৰু মহাভাৰতৰ পুনৰ সম্প্ৰচাৰ আৰম্ভ হোৱাৰ পাছৰে পৰা ছ’চিয়েল মিডিয়াত চেলিব্ৰিটীকে ধৰি বহতে দূৰদৰ্শনক প্ৰশংসাৰে ওপচাই পেলায়৷ ধাৰাবাহিক দুখনত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকলেও নিজৰ নিজৰ ভিডিঅ’ আৰু মন্তব্য প’ষ্ট কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক দূৰদৰ্শনত পুনৰ উপভোগ কৰিবলৈ জনসাধাৰণক আহ্বান জনায়৷ ডিডি নেচনেলত প্ৰতিদিনে পুৱা ৯বজাত আৰু নিশা ৯বজাত ‘ৰামায়ন’ আৰু ডিডি ভাৰতীত প্ৰতিদিনে দুপৰীয়া ১২বজাত আৰু সন্ধিয়া ৭বজাত ‘মহাভাৰত’ সম্প্ৰচাৰিত হয়৷

 

SS/MS



(Release ID: 1610498) Visitor Counter : 104