PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন ০১.০৪.২০২০

Posted On: 01 APR 2020 6:26PM by PIB Guwahati

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ ফালৰ পৰা প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি আজি সন্ধিয়া ৫বজা পৰ্যন্ত দেশত মুঠ ১৬৩৭গৰাকী ৰোগীৰ চিনাক্তকৰণ হৈছে আৰু ৩৮গৰাকীৰ মৃত্যু হৈছে৷ যোৱা ২৪ঘণ্টাত ৩৭৬গৰাকী নতুন ৰোগীক চিনাক্ত কৰা হৈছে আৰু ৩গৰাকীৰ মৃত্যুৰ বাতৰি লাভ কৰা হৈছে৷ একেদৰে, ১৩২গৰাকী ব্যক্তিক সুস্থ হোৱাৰ পাছত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609932.

ৰাজ্যৰ মুখ্য সচিব/ডিজিপিৰ সৈতে কেবিনেট সচিবৰ ভিডিঅ’ কনফাৰেন্সঃ
কেবিনেট সচিবে আজি ভিডিঅ’ কনফাৰেন্সযোগে সকলো ৰাজ্যৰ মুখ্য
সচিব/ডিজিপিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷

• ৰাজ্যসমূহক তবলিগী জামাতত অংশগ্ৰহণ কৰা লোকসকলক সন্ধান কৰিবলৈ আহ্বান জনোৱা হয় কিয়নো তেওঁলোকৰ পৰা ক’ভিড-১৯ বিয়পাৰ ক্ষতিশংকা প্ৰবল হৈ উঠিছে৷ ৰাজ্যসমূহক যুদ্ধকালীন গতিত তেওঁলোকৰ সন্ধান প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

• তবলিগী জামাতত অংশগ্ৰহণ কৰা বিদেশীসকলে ভিছা স্থিতি উলংঘা কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যসমূহক তৎকালীনভাৱে ভিছা উলংঘা কৰা বিদেশী আৰু অনুষ্ঠানটোৰ উদ্যোক্তাসকলৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে৷

• ৰাজ্যসমূহক অহা সপ্তাহৰ ভিতৰত পিএম গৰীব কল্যাণ যোজনা প্ৰণয়ন কৰিবলৈ আহ্বান জনোৱা হৈছে৷ ইয়াত হিতাধিকাৰীসকলক বৃহৎ নগদ স্থানান্তৰকৰণ প্ৰক্ৰিয়া অন্তৰ্ভুক্ত আছে৷ তাৰোপৰি ইয়াত সামাজিক ব্যৱধান মানি চলাটোও আৱশ্যক৷

• দেশৰ সমগ্ৰ প্ৰান্ততে লক্-ডাউন কাৰ্যকৰীভাৱে পালন হোৱা পৰিলক্ষিত হৈছে৷ ৰাজ্যসমূহক সামাজিক ব্যৱধানৰ মাজেৰে সামগ্ৰীসমূহৰ আন্তঃৰাজ্যিক পৰিবহণৰ নিশ্চিতি মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে৷

• অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ প্ৰস্তুতিৰ নিশ্চিতি প্ৰদান কৰিবলৈ কোৱা হৈছে৷ তেনে ধৰণৰ সামগ্ৰীসমূহৰ যোগান শৃংখলা অব্যাহত ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609874

চিকিৎসা সামগ্ৰী কঢ়িওৱাৰ বাবে ৭৪খন বিমান

অসামৰিক পৰিবহণ মন্ত্ৰালয়ৰ লাইফলাইন উড়ান প্ৰচেষ্টাৰ অধীনত সমগ্ৰ দেশত চিকিৎসা সামগ্ৰী পৰিবহণৰ বাবে আজিলৈকে ৭৪খন বিমান চলাচল কৰা হৈছে৷ বৰ্তমানলৈকে ৩৭.৬৩ টনৰ ভিতৰত ৩১ মাৰ্চতে ২২ টনতকৈ অধিক সামগ্ৰী পৰিবহণ কৰা হৈছে৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609901

সংবাদ মাধ্যমলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াকে ধৰি সংবাদ মাধ্যমসমূহক ভীতিগ্ৰস্ত পৰিবেশ সৃষ্টি কৰিব পৰা কোনো ধৰণৰ অপ্ৰমাণীকৃত সংবাদ পৰিৱেশন নকৰিবলৈ নিৰ্দেশ দিছে৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609887

আইআইটিৰ সঞ্চালকৰে বৈঠক মানৱ সম্পদ উন্নয়ন মন্ত্ৰীৰ

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে ২৩খন আইআইটিৰ সঞ্চালকসকলক প্ৰতিষ্ঠান কেইখনৰ চৌহদত শিক্ষাৰ্থী, ফেকাল্টী আৰু কৰ্মচাৰীসকলৰ যতন ল’বলৈ নিৰ্দেশ দিয়ে৷ অধিকাংশ শিক্ষাৰ্থীক অনলাইন পাঠ্যক্ৰমৰ মাধ্যমেৰে সাঙুৰি ল’বলৈ তেওঁ লগতে নিৰ্দেশ দিয়ে৷ https://pib.gov.in/PressReleseDetail.aspx?PRID=1609932

জম্মু আৰু কাশ্মীৰত এনপিপিএৰ পিএমআৰইউ স্থাপন

ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণ (এনপিপিএ)ৰ দ্বাৰা কেন্দ্ৰশাসিত প্ৰদেশ জম্মু-কাশ্মীৰত মূল্য নিৰ্ধাৰণ আৰু সংসাধন গোট (পিএমআৰইউ)ৰ স্থাপনৰ সৈতে আজি দেশত পিএমআৰইউযুক্ত ৰাজ্য আৰু কেন্দ্ৰশাসিত প্ৰদেশৰ সংখ্যা ১২ খনলৈ বৃদ্ধি হৈছে৷ কেৰেলা, উৰিষ্যা, গুজৰাট, ৰাজস্থান, পাঞ্জাৱ, হাৰিয়াণা, নাগালেণ্ড, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ আৰু মিজোৰামত ইতিমধ্যেই পিএমআৰইউ স্থাপন কৰা হৈছে৷.
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609855

দেশৰ সংকটকালত চিপেটৰ সমূহীয়া সাহায্য পদক্ষেপ

সমগ্ৰ দেশ ক’ভিড-১৯ মহামাৰীৰ গ্ৰাসত পৰাৰ সময়তে ৰসায়ন আৰু সাৰ মন্ত্ৰালয়ৰ অধীনস্থ কেমিকেল আৰু পেট্ৰ’কেমিকেল বিভাগৰ অন্তৰ্গত ভাৰত চৰকাৰৰ প্ৰতিষ্ঠান চেণ্ট্ৰেল ইনষ্টিটিউট অৱ প্লাষ্টিক ইঞ্জিনীয়াৰিং এণ্ড টেকন’ল’জী চমুকৈ চিপেটে ইয়াৰ বিভিন্ন ৰাজ্যত থকা প্ৰতিষ্ঠানসমূহৰ যোগেদি জনহিতাৰ্থে এলানি সাহায্য কাৰ্যসূচী হাতত লৈছে
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609831

ৰসায়নিক সাৰ বিভাগৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান দিলে ২৭কোটিৰো অধিক টকা

কেন্দ্ৰীয় চৰকাৰৰ ‘ৰসায়ন আৰু সাৰ মন্ত্ৰালয়’ৰ ‘সাৰ বিভাগ’ৰ অধীনস্থ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান হিচাপে আগবঢ়াইছে ২৭কোটিৰো অধিক টকা। প্ৰতিষ্ঠানকেইটাই আগবঢ়োৱা এই ধনৰাশি দেশৰ ক’ৰোনা বিৰোধী অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ ‘পিএম কেয়াৰ্ছ’ শীৰ্ষক পুঁজিলৈ আগবঢ়োৱা হৈছে।
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609827

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰচেষ্টাৱলীৰ পৰ্যালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
ক’ভিড-১৯ৰ বিৰু্দ্ধে যুঁজত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিভিন্ন সংস্থাই আগবঢ়োৱা সহায়ৰ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে আজি এক পৰ্যালোচনা বৈঠকত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ তেওঁ অসামৰিক অনুষ্ঠান-প্ৰতিষ্ঠানক সহায়ৰ ক্ষেত্ৰত দুগুন প্ৰচেষ্টা ল’বলৈ সকলো সংস্থাক নিৰ্দেশ দিয়ে৷
.https://pib.gov.in/PressReleseDetail.aspx?PRID=1609882

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহযোগ অব্যাহত ৰাখিছে আইএএফে
ভাৰতীয় বায়ু সৈন্যবাহিনীয়ে ন’ভেল ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ তথা ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত দেশৰ প্ৰয়াসত পূৰ্ণ সমৰ্থন অব্যাহত ৰাখিছে৷
বিগত তিনিদিনত আইএএফে দিল্লী, ছুৰাট, চণ্ডীগড়ৰ পৰা মণিপুৰ, নাগালেণ্ড আৰু জম্মু-কাশ্মীৰ তথা লাডাখলৈ ২৫ টন অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ লাডাখৰ পৰা দিল্লীলৈ ক’ভিডৰ পৰীক্ষণ নমুনাৰ পৰিবহণো নিয়মীয়াকৈ অব্যাহত আছে৷ ইয়াৰ বাবে আইএএফৰ চি-১৭, চি-১৩০, এএন-৩২ এভ্ৰ’ আৰু ডৰ্নিয়াৰ এয়াৰক্ৰাফ্টক প্ৰয়োজন অনুসৰি কামত নিয়োজিত কৰা হৈছে আৰু উদ্ভাসিত চাহিদাসমূহ পূৰণ কৰিবলৈ আইএএফ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে৷
. https://pib.gov.in/PressReleseDetail.aspx?PRID=1609878

আৰবিআইৰ ই এম আই স্থগিতকৰণঃ সঘনাই সোধা প্ৰশ্নসমূহ

https://pib.gov.in/PressReleseDetail.aspx?PRID=1609820

ক’ভিড-১৯ক লৈ ৰাইজৰ প্ৰশ্ন, অভাৱ-অভিযোগ সন্দৰ্ভত ডিএআৰপিজিৰ ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেশ্বব’ৰ্ড

ব্যক্তিগত, ৰাজহুৱা অভাৱ-অভিযোগ আৰু পেঞ্চন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ক’ভিড-১৯ক লৈ ৰাইজৰ প্ৰশ্ন, অভাৱ-অভিযোগ সন্দৰ্ভত ডিএআৰপিজিৰ ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেশ্বব’ৰ্ড মুকলি কৰে৷ ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেশ্বব’ৰ্ড বিকশিত আৰু ৰূপায়িত হৈছিল https://darpg.gov.in ৱেবছাইটত, য’ত সকলো ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ক’ভিড-১৯ সম্পৰ্কীয় প্ৰশ্ন আৰু অভাৱ-অভিযোগসমূহ চিপিজিআৰএএমএছত গ্ৰহণ কৰা হয়৷ ডিএআৰপিজিৰ এটি কাৰিকৰী দলে অগ্ৰাধিকাৰ ভিত্তিত এয়া নিৰীক্ষণ কৰিব৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609860

ৰে’লবিভাগৰ প্ৰস্তুতি পৰ্যালোচনা

কেন্দ্ৰীয় ৰে’ল আৰু বাণিজ্য তথা উদ্যোগ দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে আজি এক আলোচনাত ভাৰতীয় ৰে’ল বিভাগৰ সকলো বিষয়া-কৰ্মচাৰীকে দুৰ্যোগৰ এই মুহূৰ্তত সংকটপীড়িতসকলক খাদ্য দ্ৰব্যৰ লগতে অন্যান্য সহায়ৰ ক্ষেত্ৰত তেওঁলোকে কৰিব পৰা সকলোখিনি কৰিবলৈ নিৰ্দেশ দিয়ে। ‘আইআৰচিটিচি’ আৰু ‘আৰপিএফ’-ৰ দৰে বিভাগটোৰ অধীনস্থ সংস্থাসমূহে ইতিমধ্যেই সংকটাপন্ন ৰাইজৰ মাজত বিনামূলীয়া আহাৰ বিতৰণ দৰে অভিযান অব্যাহত ৰাখিছে।.
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609850

ক’ৰোনা ভাইৰাছৰ বিষয়ে কৈছে জেষ্ঠ বিজ্ঞানীয়ে

ন’ভেল ক’ৰনা ভাইৰাছৰ বিষয়ে ছ’চিয়েল মিডিয়া, হোৱাটছ এপ আৰু ইণ্টাৰনেটৰ মাধ্যমেৰে বিভিন্ন কথা বিয়পি পৰিছে৷ ইয়াৰে কিছুমান সত্য আৰু আনবোৰ ভিত্তিহীন৷ যি সময়ত ক’ৰনা ভাইৰাছে মহামাৰীৰ ৰূপত সমগ্ৰ বিশ্বতে সহস্ৰাধিকৰ প্ৰাণ কাঢ়ি নিছে, সেয়ে ইয়াৰ সৈতে জড়িত কিছুমান অপৰিহাৰ্য তথ্যৰ বিষয়ে জনাটো আৱশ্যক৷ বিজ্ঞান প্ৰসাৰৰ এজন জ্যেষ্ঠ বিজ্ঞানী ড০ টি ভি ভেংকটাশ্বৰনে বিভিন্ন গৱেষণাৰ অন্তত আমাক এই কথাখিনি জানিবলৈ দিছে৷ https://pib.gov.in/PressReleseDetail.aspx?PRID=1609842

ক’ভিড-১৯ৰ সন্দৰ্ভত টিআইএফআৰৰদ্বাৰা বহু-ভাষিক ভিডিঅ’

চীনৰ য়ুহানত ক’ভিড-১৯ৰ উৎপত্তি হোৱাৰ পাছত এতিয়া সমগ্ৰ বিশ্বকে ই ছানি ধৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰা এই ৰোগ বৰ্তমান ২০৪খন দেশলৈ বিয়পিছে৷ এই মহামাৰীক লৈ মানুহৰ মাজত অন্ধবিশ্বাস আৰু ভয় ভাৱৰ সৃষ্টি হৈছে৷ এই ক্ষেত্ৰত দেখা দিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে কিদৰে আইছ’লেচন, কোৱাৰেণ্টাইন আৰু লকডাউনৰ দৰে চৰম পদক্ষেপৰ প্ৰতি মানুহক সজাগ কৰিব পৰা যায়৷ আমি কিয় শাৰীৰিক দুৰত্ব বজাই ৰাখিব লাগে? এই মহামাৰীক লৈ পৰম্পৰাগত বিশ্বাস আঁতৰ কৰা তথা জনস্বাস্থ্যৰ ক্ষেত্ৰত এক প্ৰাথমিক বিজ্ঞানসন্মত জ্ঞান প্ৰদানৰ বাবে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিছাৰ্চে(টিআইএফআৰ) এক পেকেজ ঘোষণাৰে যোগাযোগৰ কেতবোৰ সামগ্ৰী প্ৰকাশ কৰি উলিয়াইছে৷ ক’ভিড-১৯ৰ দৰে ভাইৰাছৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে সামাজিক দুৰত্ব বজাই ৰখাটো কিয় গুৰুত্বপূৰ্ণ ইত্যাদি বিষয়বোৰ ব্যাখ্যা কৰি এক বহুভাষিক সম্পদ(ইউটিউব ভিডিঅ’) প্ৰস্তুত কৰিছে৷ এই সম্পদৰাজি ৱাশ্বিংটন পোষ্টত হেৰী ষ্টিভেনৰ দ্বাৰা প্ৰকাশ কৰা মুল সৃষ্টিৰ ওপৰত ভিত্তি কৰা প্ৰস্তুত কৰা হৈছে৷
https://pib.gov.in/PressReleseDetail.aspx?PRID=1609797

(Release ID: 1610439) Visitor Counter : 139