প্ৰতিৰক্ষা মন্ত্ৰালয়

মুম্বাইৰ নৌ-বহৰে আৰ্হি প্ৰস্তুত কৰিলে কম মূল্যৰ ‘টেম্পেৰেশ্যাৰ গান’ৰ

Posted On: 02 APR 2020 11:25AM by PIB Guwahati

নৌবহৰৰ বৃহত্ সংখ্যক বিষয়া-কৰ্মীৰ শাৰিৰীক সুস্থতা পৰীক্ষা কৰাৰ বাবে আৰু নৌবহৰৰ  প্ৰৱেশ দ্বাৰত মোতায়েন কৰা প্ৰহৰীৰ সংখ্যা সীমিত কৰিব পৰাকৈ মুম্বাইৰ নৌবহৰে নিজাববীয়াকৈ এটা হস্ত-সঞ্চলনৰ উপযোগী আৰু ইন্ফ্ৰা-ৰেড ভিত্তিক টেম্পাৰেশ্যাৰ ছেনছৰৰ আৰ্হি প্ৰস্তুত কৰাৰ লগতে যতনবিধ বিকশিত কৰিও উলিয়াইছে। নৌ-বাহিনীৰ আভ্যন্তৰীণ সমল ব্যৱহাৰ কৰি যুগুতাই উলিওৱা উপকৰণবিধ ১০০০টকাতকৈয়ো (বজাৰত উপলব্ধ টেম্পাৰেশ্যাৰ গানৰ সাধাৰণ মূল্যতকৈ বহু কমতে) কম মূল্যতে প্ৰস্তুত কৰা হৈছে।

সাম্প্ৰতিক সময়ত পৃথিৱীয়ে কভিড-১৯ মহামাৰিৰ পৰিপ্ৰেক্ষিতত সৰ্বকালৰ অন্যতম বৃহত চিকিত্সা-প্ৰয়োজনীতাৰ সন্মুখীন হবলগীয়া হৈছে। আজি বিশাল সংখ্যক সংক্ৰমিত আক্ৰান্তক চিকিত্সা প্ৰদান কৰিব পৰাকৈ দেশৰ চিকিত্সা আন্তঃগাঁথনিৰ পৰ্যাপ্ততা অথবা ইয়াৰ সামৰ্থ্য আৰু দক্ষতাই যেন চূড়ান্ত পৰীক্ষাৰ বাবেহে সাজু হবলগীয়া হৈছে।

উল্লেখ্য যে, দেশৰ নৌ-বাহিনীৰ পশ্চিমপ্ৰান্তৰ দায়িত্বত থকা ২৮৫ বছৰীয়া ৱেষ্টাৰ্ণ নেভেল কমাণ্ড(ডব্লিউএনচি)ৰ চৌহদত দৈনিক ২০,০০০ বিষয়া-কৰ্মী সমবেত হবলগীয়া হয়। শেহতীয়া ভাবে কভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত এইসকল কৰ্মচাৰীৰৰ প্ৰাথমিক শাৰিৰীক সুস্থতা পৰীক্ষা কৰাতো সংশ্লিষ্টসকলৰ লগতে সামগ্ৰিক ভাবে নৌবহৰ আৰু দেশৰ সামৰিক বাহিনীৰ বাবেও জৰুৰী আৰু গুৰুত্বপূৰ্ণ হৈ উঠিছে। ইয়াৰ বাবে প্ৰাথমিক কথাটোৱেই হল সংশ্লিষ্টসকলৰ দেহা স্পৰ্শ নকৰাকৈ তেওঁলোকৰ শৰীৰৰ তাপমান  পৰীক্ষা কৰাটো।

ভিড-১৯য়ে মহামাৰিৰ ৰূপ ধাৰণ কৰাৰে পৰা নন কনটেক্ট থাৰ্মমিটাৰ অথবা টেম্পাৰেশ্যাৰ গানবোৰৰ সংখ্যা বজাৰত তড়িত গতিত কমি যোৱাৰ লগতে এইবোৰৰ দাম দ্ৰুতগতিত বাঢ়িবলৈ ধৰে। এনে পৰিস্থিতিৰ পৰা সকাহ পোৱাৰ লগতে বৃহত সংখ্যাত প্ৰয়োজন হোৱা এনে উপকৰণৰ সমস্যা নিৰশন কৰাৰ লক্ষ্যৰেই মুম্বাইৰ নৌবহৰে নিজাববীয়াকৈ হস্ত-সঞ্চলনৰ উপযোগী আৰু ইন্ফ্ৰা-ৰে ভিত্তিক এই টেম্পাৰেশ্যাৰ ছেনছৰটোৰ আৰ্হি প্ৰস্তুত কৰাৰ লগতে যতনবিধ বিকশিত কৰি উলিয়াইছে। উপকৰণবিধৰ ৰোগ নিৰ্ণায়ক সামৰ্থ্য ০.০২ ডিগ্ৰী পৰ্যন্ত বুলি ঠাৱৰ কৰা হৈছে। দেহা স্পৰ্শ নকৰাকৈয়ে এই বিধ উপকৰণত ইন্ফ্ৰা ৰেড ছেনছৰ আৰু এটা এলইডি ডিছপ্লে সংযোজিত কৰাৰ লগতে এটা সুক্ষ্ম-নিয়ন্ত্ৰকো সংযোজিত কৰা হৈছে। উপকৰণবিধ এটা ৯ভল্টৰ বেটেৰীৰেই সঞ্চালিত কৰিব পৰা যাব। বিশাল সংখ্যক বিষয়া-কৰ্মীক পৰীক্ষা কৰিব পৰাৰ সামৰ্থ্য বহন কৰা এইবিধ উপকৰণ নৌবহৰৰ প্ৰৱেশ-দ্বাৰত সংস্থাপিত কৰিলে ইয়ে সংশ্লিষ্টসকলৰ শৰীৰ পৰীক্ষাৰ বাবে মোতায়েন কৰিব লগা প্ৰহৰীৰ সংখ্যাও কমাব পৰা যাব।

পৰৱৰ্তি সময়ত প্ৰয়োজন হব পৰা পৰিস্থিতিত এইবিধ উপকৰণ ১০০০ টকাতকৈও কম মূল্যতে অধিক সংখ্যাত নিৰ্মাণ কৰিবলৈ সাজু আছে নৌবহৰটো।

VM/ MS/KB



(Release ID: 1610236) Visitor Counter : 158