বিত্ত মন্ত্ৰালয়
ক’ভিড-১৯ৰ লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত তৃতীয় পক্ষৰ মটৰ বীমা আৰু স্বাস্থ্য পলিচীৰ গৰাকীসকললৈ চৰকাৰে প্ৰদান কৰিছে সকাহ
২১ এপ্ৰিললৈ সংবৰ্ধিত কৰা হৈছে স্বাস্থ্য, মটৰ বীমা পলিচীসমূহৰ পুনৰ নৱীকৰণৰ তাৰিখ
प्रविष्टि तिथि:
02 APR 2020 1:13PM by PIB Guwahati
ক’ভিড-১৯ৰ লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে তৃতীয় পক্ষৰ মটৰ বীমা আৰু স্বাস্থ্য পলিচীৰ গৰাকীলৈ সকাহ প্ৰদান কৰি এখন জাননী জাৰী কৰিছে৷ এই জাননী মৰ্মে ২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল ২০২০ তাৰিখলৈ পুনৰ নৱীকৰণৰ তাৰিখ থকা স্বাস্থ্য আৰু মটৰ বীমা পলিচীসমূহৰ পুনৰ নৱীকৰণৰ তাৰিখ ২১ এপ্ৰিল ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷
তৃতীয় পক্ষৰ মটৰ বীমাঃ যদি আপোনাৰ তৃতীয় পক্ষৰ মটৰ বীমা ২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিব হৈছে তেন্তে ইয়াক ২১ এপ্ৰিল ২০২০ তাৰিখৰ ভিতৰত পুনৰ নৱীকৰণ কৰিব পাৰিব৷
বিত্ত মন্ত্ৰালয়ে জাৰী কৰা জাননী অনুসৰি, ‘‘২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিবলগীয়া তৃতীয় পক্ষৰ মটৰ বীমাসমূহ লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত পুনৰ নৱীকৰণৰ বাবে পৰিশোধ কৰিব নোৱাৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নৱীকৰণৰ সময়সীমা ২১ এপ্ৰিল ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷’’
নিয়মীয়া স্বাস্থ্য বীমা পলিচীঃ ঠিক সেইদৰে ‘‘২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিবলগীয়া স্বাস্থ্য বীমাৰ পলিচীসমূহৰো ২১ এপ্ৰিল ২০২০ তাৰিখলৈ পুনৰ নৱীকৰণ কৰাৰ সময় বৃদ্ধি কৰা হৈছে৷
জাননী অনুসৰি, ‘‘২৫ মাৰ্চ ২০২০ তাৰিখৰ পৰা ১৪ এপ্ৰিল ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিবলগীয়া স্বাস্থ্য বীমাৰ পলিচীসমূহ লক্-ডাউনৰ পৰিপ্ৰেক্ষিতত পুনৰ নৱীকৰণৰ বাবে পৰিশোধ কৰিব নোৱাৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ নৱীকৰণৰ সময়সীমা ২১ এপ্ৰিল ২০২০ তাৰিখলৈ বৃদ্ধি কৰা হৈছে৷’’
******
RM/KMN/MANN
(रिलीज़ आईडी: 1610234)
आगंतुक पटल : 249