মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ ভিডিঅ’ কনফাৰেন্সযোগে ২৩খন আইআইটিৰ সঞ্চালকৰ সৈতে ক’ভিড-১৯ সন্দৰ্ভত প্ৰস্তুতিৰ পুনৰীক্ষণৰ বাবে বৈঠকত মিলিত হয়
শ্ৰী নিশাংকে আইআইটিক ক’ভিড-১৯ সন্দৰ্ভত গৱেষণা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে
Posted On:
01 APR 2020 5:26PM by PIB Guwahati
কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী শ্ৰী ৰমেশ পখৰিয়াল ‘নিশাংকে’ আজি নতুন দিল্লীত ২৩খন আইআইটিৰ সঞ্চালকৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷ মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানকেইখনৰ শিক্ষাৰ্থী, শিক্ষক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসমূহে যাতে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে সঞ্চালককেইগৰাকীক আহ্বান জনায়৷
শ্ৰী পখৰিয়ালে প্ৰতিষ্ঠানকেইখনক অনলাইনযোগে শিক্ষাৰ্থীসকলক পাঠদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে স্বয়ম/স্বয়মপ্ৰভাৰ পৰা পাঠ গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ প্ৰতিষ্ঠানকেইখনৰ কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ দৰমহা/পেঞ্চন/ছাত্ৰবৃত্তি আদি সময়মতে প্ৰদান কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানকেইখনক পিএম-কেয়াৰ্ছ পুঁজিলৈ বৰঙণি আগবঢ়াবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁলোকক ক’ভিড-১৯ সন্দৰ্ভত গৱেষণাৰ কাম আৰম্ভ কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷
শ্ৰী পৰিয়ালে সঞ্চালককেইগৰাকীৰ হোষ্টেলত থকা শিক্ষাৰ্থীসকলৰ যত্ন ল’বলৈ নিৰ্দেশ দিয়ে৷ লগতে সামাজিক ব্যৱধান মানি চলাৰ লগতে খাদ্য বিতৰণৰ নিশ্চিতি সন্দৰ্ভতো গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়৷ তাৰোপৰি তেওঁ শিক্ষাৰ্থীসকলৰ ছামাৰ আৰু উইণ্টাৰ ইণ্টাৰ্ণশ্বিপ ব্যাহত নহ’বলৈ শৈক্ষিক দিনপঞ্জীও প্ৰস্তুত কৰিবলৈ আহ্বান জনায়৷ তাৰোপৰি পূৰ্বৰ বৰ্ষসমূহৰ দৰে প্ৰাংগন সাক্ষাৎকাৰ ব্যাহত নহ’বলৈ এক টাস্ক ফ’ৰ্চ গঠন কৰিবলৈও আহ্বান জনোৱা হয়৷
ভিডিঅ’ কনফাৰেন্সৰ সময়ত প্ৰতিখন আইআইটিয়ে শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰীলৈ প্ৰদান কৰা সুবিধা সংবৰ্ধিত কৰিছে বুলি জানিবলৈ দিয়ে৷ তেওঁলোকে গৱেষণা ক্ষেত্ৰৰ বিভিন্ন উপলব্ধিসমূহৰ বিষয়ে আলোকপাত কৰে, বিশেষকৈ ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ সুৰক্ষাত্মক উপায়সমূহ যেনে মাস্ক, নিম্ন ব্যয়ৰ ভেণ্টিলেটৰ, ছেনিটাইজাৰ, পৰীক্ষণ কিট আদিৰ বিষয়ে উল্লেখ কৰে৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে তেওঁলোকক প্ৰশংসা কৰি গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে সন্তোষ প্ৰকাশ কৰে৷
* * * * *
NB/AKJ /AK/MANN
(Release ID: 1610122)
Visitor Counter : 152