গৃহ মন্ত্ৰালয়

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ লকডাউন ব্যৱস্থা মনেপ্ৰাণে ৰূপায়ণ কৰিবলৈ অনুৰোধ গৃহ মন্ত্ৰালয়ৰ

Posted On: 01 APR 2020 7:55PM by PIB Guwahati

দেশত ক’ভিড-১৯ৰ সংক্ৰমণৰ শৃংখলা ৰোধৰ অৰ্থে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ তথা প্ৰশাসনক লকডাউন ব্যৱস্থা বলব কৰিবলৈ এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল৷

 

গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত জাৰি কৰা কঠোৰ নিৰ্দেশনাক আওকান কৰি কেতবোৰ ক্ষেত্ৰত শেহতীয়াভাৱে একাংশ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ৰেহাই দিয়া পৰিলক্ষিত হৈছে৷

 

ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই সকলো ৰাজ্যৰ মুখ্য সচিব তথা কেন্দ্ৰীয় শাসিত প্ৰশাসনক ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ দুৰ্য়োগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত লকডাউন কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ মনেপ্ৰাণে আহ্বান জনাইছে৷

 

Click here to see Communication to States

Click here to see Communication to UTS

 

*****

VG/SNC/VM/DB



(Release ID: 1610099) Visitor Counter : 108