বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

‘জেএনচিএএছআৰ’-য়ে বিকশিত কৰা বকলাৰে ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ সম্ভাৱনা

Posted On: 01 APR 2020 6:10PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ স্বতন্ত্ৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড ছায়েণ্টিফিক ৰিছাৰ্চ(জেএচিএএছআৰ)য়ে বিকশিত কৰা এবিধ আণবিক যতনে কভিড-১৯বিৰোধী অভিযানটোলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছে। শেহতীয়া ভাবে প্ৰতিষ্ঠানটোৱে বিকশিত কৰা এটা পৰ্যায়ত ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা এবিধ এণ্টি মাইক্ৰবিয়েল কোটিং বা বিজাণুনাশক বকলাই কাপোৰ, প্লাষ্টিক আদিৰ দৰে সামগ্ৰীৰ উপৰিভাগত থিতাপি লোৱা কটভিড-১৯ৰ দৰে বিভিন্ন প্ৰকাৰৰ ভাইৰাছক মাৰিব পাৰে।

ৰোগ প্ৰতিৰোধী সামৰ্থ্য বহন কৰা এইবিধ আণৱিক বকলা সম্পৰ্কীয় গৱেষণা পত্ৰখন ইতিমধ্যে এপ্লাইড মেটেৰিয়েল এণ্ড ইণ্টাৰফেচ নামৰ জাৰ্ণেলখনে গ্ৰহণ কৰিছে। তথ্য মতে এইবিধ বকলাই সামগ্ৰীসমহূৰ ওপৰত থিতাপি লোৱা ইনফ্লুৱেঞ্জা ভাইৰাছৰ উপৰি পেথজেনিক বেক্টেৰিয়া আৰু মেথেলিচিয়াম-প্ৰতিৰোধী ষ্টেফীলকাছ ঔৰেয়াছ আৰু ফ্লুকনেজল-প্ৰতিৰোধী চি এলবিকেন্ছ এছপিপি আদিকে ধৰি বিভিন্ন প্ৰকাৰৰ ভেঁকুৰক  সম্পূৰ্ণৰূপে মাৰিব পাৰিব।

শেহতীয়া ভাবে প্ৰদুৰ্ভাৱ ঘটা ছাৰছ-কোভ-২(SARS-CoV-2)য়ে পৃথিৱীৰ জন-স্বাস্থ্যৰ প্ৰতি অভুতপূৰ্ব সংকটৰ সৃষ্টি কৰিছে। কৰোনা ভাইৰাছো ইনফ্লুৱেঞ্জাৰ দৰেই এক এনভেলপ্ড ভাইৰাছ। সেয়ে নতুনকৈ বিকশিত বকলাবিধে ছাৰছ-কোভ-২কো নিষ্ক্ৰিয় কৰিব পৰাৰ উপৰি কোনো বস্তুৰ উপৰিভাগত এইবিধ বকলা লগোৱাৰ ব্যৱস্থা কৰিলে ই বস্তুবিধক বিজাণৱে প্ৰদূষিত কৰাত বাধা দিব বুলি ধাৰণা কৰা হৈছে।

এই সন্দৰ্ভত মন্তব্য কৰি এগৰাকী গৱেষকে কয় যে, আমি জনাত সকলোধৰণৰ ভাইৰাছ, বেক্টেৰিয়া আৰু ভেঁকুৰ মাৰিব পৰা এনে কোনো বকলা কৌশল এই পৰ্যন্ত কতো ব্যৱহাৰ  হোৱা নাই। এইবিধ বকলা অতি সহজেই বিভিন্ন ধৰণৰ বস্তুৰ ওপৰত লগাব পৰা যাব বাবে ইয়াক লগোৱাৰ বাবে বিশেষ দক্ষতা থকা ব্যক্তিৰো প্ৰয়োজন নহব বুলি তেওঁ মন্তব্য কৰে।

কটৰোনা ভাইৰাছে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত যদি এই বিধ আণবিক ব্যৱস্থাৰে বিকশিত কৰা বকলাই আশানুৰূপ সক্ৰিয়তা প্ৰদৰ্শন কৰাত সাফল্য দেখুৱাই তেন্তে ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত চিআৰঅ (কনটেক্ট ৰিছাৰ্চ অৰ্গেনাইজেশ্যন)ৰ জৰিয়তে বিশাল পৰিমানে ইয়াক প্ৰস্তুত কৰি মাস্ক, গ্লোভছ, চিকত্সক আদিয়ে ব্যৱহাৰ কৰা গ্ৰাউন আদিৰ দৰে ব্যক্তিগত প্ৰতিৰক্ষামূলক সা-সামগ্ৰীসমূহৰ ওপৰত লগোৱাৰ ব্যৱস্থা কৰিব পৰা যাব। চিকিত্সালয়ৰ পৰিৱেশত বিজাণুৰ দ্বাৰা হব পৰা প্ৰদূষণৰ পৰা চিকিত্সা সা-সামগ্ৰী তথা উপকৰণক সুৰক্ষিত ৰখাৰ বাবেও এইবিধ বকলা ব্যৱহাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে।।

 

 

*****

KGS/(DST)/KB



(Release ID: 1610085) Visitor Counter : 174