ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ক’ভিড-১৯ক লৈ ৰাইজৰ প্ৰশ্ন, অভাৱ-অভিযোগ সন্দৰ্ভত ডিএআৰপিজিৰ ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেশ্বব’ৰ্ড মুকলি ড০ জিতেন্দ্ৰ সিঙৰ
Posted On:
01 APR 2020 2:11PM by PIB Guwahati
ব্যক্তিগত, ৰাজহুৱা অভাৱ-অভিযোগ আৰু পেঞ্চন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ক’ভিড-১৯ক লৈ ৰাইজৰ প্ৰশ্ন, অভাৱ-অভিযোগ সন্দৰ্ভত ডিএআৰপিজিৰ ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেশ্বব’ৰ্ড মুকলি কৰে৷ ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেশ্বব’ৰ্ড বিকশিত আৰু ৰূপায়িত হৈছিল https://darpg.gov.in ৱেবছাইটত, য’ত সকলো ৰাজ্য-কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা ক’ভিড-১৯ সম্পৰ্কীয় প্ৰশ্ন আৰু অভাৱ-অভিযোগসমূহ চিপিজিআৰএএমএছত গ্ৰহণ কৰা হয়৷ ডিএআৰপিজিৰ এটি কাৰিকৰী দলে অগ্ৰাধিকাৰ ভিত্তিত এয়া নিৰীক্ষণ কৰিব৷
অনুষ্ঠানত ড০ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ৰ প্ৰশ্ন আৰু অভাৱ-অভিযোগসমূহ অতি কমেও ৩দিনৰ ভিতৰত নিষ্পত্তি কৰাৰ বাবে এয়া হ’ল মোদী চৰকাৰৰ প্ৰয়াস৷ মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে তেওঁ প্ৰথম দিনা ব্যক্তিগতভাৱে কেন্দ্ৰীয় চৰকাৰৰ ২৬২টা আৰু ৰাজ্য চৰকাৰৰ ৮৩টা অভাৱ-অভিযোগ পৰ্যবেক্ষণ কৰিছে৷
মুকলিৰ প্ৰথমদিনা ৰাষ্ট্ৰীয় নিৰীক্ষণ ডেশ্বব’ৰ্ডে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ পৰা ৪৩টা, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰা ৩১টা আৰু বিত্ত মন্ত্ৰালয়ৰ পৰা ২৬টা অভাৱ-অভিযোগ লাভ কৰিছে৷ প’ৰ্টেলটো চৰকাৰৰ জেষ্ঠ পৰ্যায়ত দৈনিক ভিত্তিত আপডেট আৰু নিৰীক্ষণ কৰা হ’ব৷
ড০ জিতেন্দ্ৰ সিঙে ডিএআৰপিজিৰ সচিব আৰু বিষয়-ববীয়াৰ দলটোৰ শলাগ লৈ কয় যে মাত্ৰ ২দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ক’ভিড-১৯ নিৰীক্ষণ ডেশ্বব’ৰ্ড কাৰ্যকৰী কৰিব পৰাটো বিভাগৰ বাবে এটি প্ৰশংসনীয় কাম৷ ইয়াৰ সহায়ত ইতিমধ্যে ৬২ নাগৰিকৰ অভাৱ-অভিযোগ পূৰণ কৰা হৈছে৷
****
VG/SNC/MS
(Release ID: 1610009)
Visitor Counter : 184
Read this release in:
English
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam