নৌ-পৰিবহন মন্ত্ৰালয়

ক’ভিড-১৯ৰ বাবে কোনো বিলম্ব হ’লে বন্দৰ ব্যৱহাৰকাৰীৰ ওপৰত জৰিমনা/মাচুলকে ধৰি কোনো ধৰণৰ বাধ্যতামুলক কৰ আৰোপ নকৰিবলৈ সকলো প্ৰধান বন্দৰলৈ নিৰ্দেশ জাৰি জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ

प्रविष्टि तिथि: 31 MAR 2020 9:16PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ ফলত ভাৰত চৰকাৰে সমগ্ৰ দেশত ২১ দিনীয়া লকডাউন ঘোষণা কৰিছে৷ ইফালে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে দেশত সামগ্ৰীৰ যোগান নিয়মীয়াকৈ সুনিশ্চিত কৰাৰ বাবে আন্তঃৰাজ্যিক পৰ্যায়ত বোজাই কঢ়িওৱা জাহাজৰ চলাচলত ৰেহাই ঘোষণা কৰি এক পৰিশিষ্ট জাৰি কৰিছে৷

ওপৰোক্ত নিৰ্দেশনা আৰু বিভিন্ন অংশীদাৰৰ পৰা প্ৰাপ্ত প্ৰস্তুতিৰ আধাৰত জাহাজ পৰিবহণ মন্ত্ৰালয়ে ২৪ মাৰ্চ, ২০২০ত সকলো প্ৰধান বন্দৰ ট্ৰাষ্টৰ গতিবিধি আৰু বন্দৰ পৰিচালনাত ‘ফৰ্চ মেজিউৰ’ ধাৰা কাৰ্যকৰী কৰাৰ বাবে এক পৰামৰ্শৱলী জাৰি কৰিছে৷

এতিয়া জাহাজ পৰিবহণ মন্ত্ৰালয়ে ২২ মাৰ্চৰ পৰা ২৪ এপ্ৰিল, ২০২০ৰ সময়ছোৱাত লকডাউনৰ বাবে সামগ্ৰী আমদানি/ৰপ্তানি অথবা ৰখোৱা/উঠোৱা/নমোৱা ইত্যাদিৰ সম্পৰ্কীয় কাম-কাজত কোনোধৰণৰ বিলম্ব হ’লে বন্দৰ ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত কৰ/জৰিমনা/বিলম্ব শুল্ক/ভাৰা ইত্যাদিৰ ক্ষেত্ৰত ৰেহাই দিবলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে৷ প্ৰধান বন্দৰসমূহক পিপিপি মডেল সম্পৰ্কীয় যিকোনো পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে ম্যাদ বৃদ্ধিৰো অনুমতি প্ৰদান কৰা হৈছে৷ তদুপৰি পিপিপি মডেলৰ অধীনত কৰা অন্যান্য কাম-কাজো যদি সময়মতে সম্পূৰ্ণ নহয়, সেই ক্ষেত্ৰতো জৰিমনা আৰোপ কৰিব নোৱাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে৷

***

YB/AP/DB


(रिलीज़ आईडी: 1609985) आगंतुक पटल : 202
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Bengali , Gujarati , Tamil , Telugu