প্ৰতিৰক্ষা মন্ত্ৰালয়
ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত সহযোগ অব্যাহত ৰাখিছে আইএএফে
Posted On:
01 APR 2020 3:21PM by PIB Guwahati
ভাৰতীয় বায়ু সৈন্যবাহিনীয়ে ন’ভেল ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ তথা ক’ভিড-১৯ৰ ব্যৱস্থাপনা সন্দৰ্ভত দেশৰ প্ৰয়াসত পূৰ্ণ সমৰ্থন অব্যাহত ৰাখিছে৷
বিগত তিনিদিনত আইএএফে দিল্লী, ছুৰাট, চণ্ডীগড়ৰ পৰা মণিপুৰ, নাগালেণ্ড আৰু জম্মু-কাশ্মীৰ তথা লাডাখলৈ ২৫ টন অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী পৰিবহণ কৰিছে৷ লাডাখৰ পৰা দিল্লীলৈ ক’ভিডৰ পৰীক্ষণ নমুনাৰ পৰিবহণো নিয়মীয়াকৈ অব্যাহত আছে৷ ইয়াৰ বাবে আইএএফৰ চি-১৭, চি-১৩০, এএন-৩২ এভ্ৰ’ আৰু ডৰ্নিয়াৰ এয়াৰক্ৰাফ্টক প্ৰয়োজন অনুসৰি কামত নিয়োজিত কৰা হৈছে আৰু উদ্ভাসিত চাহিদাসমূহ পূৰণ কৰিবলৈ আইএএফ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছে৷
তাৰোপৰি সমগ্ৰ দেশতে আইএএফৰ ঘাটিসমূহত বিভিন্ন কোৱাৰেণ্টাইন সুবিধাৰো সৃষ্টি কৰা হৈছে৷ ইৰাণ আৰু মালছিয়াৰ পৰা উদ্ধাৰ কৰি অনা ভাৰতীয় নাগৰিকসকলক ক্ৰমে হিন্দান আৰু তামবাৰামৰ বায়ু ঘাটিত ৰখা হৈছে৷ বেংগালুৰুৰ কমাণ্ড হাস্পতান এয়াৰ ফ’ৰ্চৰ ক’ভিড-১৯ পৰীক্ষণ গৱেষণাগাৰো পৰীক্ষণৰ বাবে কাৰ্যক্ষম হৈছে৷
ইয়াৰ মাজতে আইএএফৰ ঘাটিসমূহত ৰোগবিধৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ আইএএফ ষ্টেচনসমূহে তেওঁলোকৰ নিকটৱৰ্তী ৰাজহুৱা অঞ্চলসমূহৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলক নিৰৱচ্ছিন্নভাৱে খাদ্য আৰু সমৰ্থন প্ৰদান কৰি আছে৷
****
IN/BSK/MANN
(Release ID: 1609944)
Visitor Counter : 149