প্ৰতিৰক্ষা মন্ত্ৰালয়
সেনা পত্নী কল্যাণ সংগঠন (AWWA)ই দিল্লীত দৰিদ্ৰ লোকসকলৰ বাবে আগবঢ়ালে ৩৭০০ পেকেট খাদ্য
प्रविष्टि तिथि:
31 MAR 2020 2:12PM by PIB Guwahati
ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশতে চলি থকা ব্যাপক লকডাউনৰ সময়ছোৱাত অভাৱী তথা দৰিদ্ৰলোকসকলৰ মাজত বিতৰণ কৰিবৰ বাবে আজি সেনা পত্নী কল্যাণ সংগঠন চমুকৈ এডব্লিউডব্লিউএ-ই দিল্লী চৰকাৰৰ হাতত ২৫০০ পেকেট খাদ্য সামগ্ৰী অৰ্পন কৰে। উল্লেখ্য যে কালিও এই সংগঠনটোৱে ১২০০ পেকেট খাদ্য সামগ্ৰী আগবঢ়াইছিল। এই খাদ্য সামগ্ৰীৰ পেকেট বিনামূলীয়া বিতৰণ কাৰ্যসূচী অনাগত পাচদিনলৈ চলি থাকিব।
এই খাদ্য সামগ্ৰীৰ পেকেটবোৰ প্ৰস্তুত কৰা হৈছে সেনা পত্নী কল্যাণ সংগঠনৰ মধ্যাহ্ন ভোজন প্ৰকল্পৰ অধীনত, আৰু এইবোৰ প্ৰস্তুত কৰিছে দিল্লীৰ বিভিন্ন ক’ল’নীত বাস কৰা সেনা বিষয়া, কনিষ্ঠ কমিশ্যনড বিষয়া আৰু অন্যান্য ৰেংকৰ বিষয়া কৰ্মচাৰীৰ পৰিয়ালে।
উল্লেখ্য যে দেশৰ ভিতৰতে সৰ্ববৃহৎ স্বেচ্ছাসেৱক অনুষ্ঠানসমূহৰ অন্যতম এই এডব্লিউডব্লিউএ-ৰ লক্ষ্য হৈছে সেনাৰ পত্নী তথা সন্তান সৰ্বাঙ্গীন উন্নয়ন আৰু কল্যাণৰ উপৰিও যুদ্ধত শ্বহীদ হোৱা সেনাৰ পত্নী আৰু বিশেষভাৱে সক্ষম শিশুসকলৰ পুনঃসংস্থাপন বাবে কাম কৰা। এই সংগঠনটোৱে দৰিদ্ৰ লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ বিভিন্ন কাৰ্যাৱলীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে।
***
ABB/SS/Nampi/KA/DK/Savvy/RD
(रिलीज़ आईडी: 1609655)
आगंतुक पटल : 155