খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱৰ সময়ত উদ্যোগৰ সমস্যাসমূহ সমাধানৰ বাবে খাদ্য সংসাধন মন্ত্ৰালয়ৰদ্বাৰা কৰ্মীবল গঠনঃ হৰচিমৰৎ কৌৰ বাডল

प्रविष्टि तिथि: 30 MAR 2020 7:33PM by PIB Guwahati

কেন্দ্ৰীয় খাদ্য সংসাধন উদ্যোগ মন্ত্ৰী শ্ৰীমতী হৰচিমৰৎ কৌৰ বাডলে বৰ্তমান ক’ভিড-১৯ ৰ বাবে হোৱা লকডাউন সময়ত খাদ্য প্ৰস্তুতকৰণ আৰু আনুসঙ্গিক উদ্যোগসমূহে সন্মূখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ বাবে এটা নিষ্ঠাবান কৰ্মীবল গঠন কৰি দিয়াৰ কথা সুনিশ্চিত কৰিছে।

চি আই আই, ফিক্কি, এ এচ এচ অ’ চি এইচ এ এম, পি এইচ ডি চি চি আই, এ আই এফ পি এ, আই চি চি, ফাইনাৰ, ডি আই চি চি আই আদি কেইটামান দেশৰ প্ৰধান ঔদ্যোগিক সংস্থাৰ লগত আজি হোৱা এক ভিডিঅ’ কনফাৰেন্সত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কৰ্মীবলটোত খাদ্য প্ৰস্তুতকৰণ মন্ত্ৰালয়ৰ সকলো জ্যেষ্ঠ বিষয়া আৰু বিনিয়োগ ভাৰতৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে দলটোৱে ইতিমধ্যে ২২২ টা অভিযোগ পাইছে, তাৰে ৯৮ টা সমাধান কৰা হৈছে আৰু বাকীকেইটা সমাধানৰ প্ৰক্ৰিয়া চলি আছে।

ঔদ্যোগিক সংস্থাসমূহৰ প্ৰতিনিধিসকলে ভিডিঅ’ কনফাৰেন্সত শ্ৰীমতী হৰচিমৰৎ কৌৰ বাডলক জনায় যে অতি প্ৰয়োজনীয় সামগ্ৰীৰ তৈয়াৰীকৰণ আৰু চলাচলৰ বাবে যদিও ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশনা পঠিওৱা হৈছিল, ৰাজ্য চৰকাৰসমূহে তাৰ বেলেগ বেলেগ অৰ্থ উলিয়াই লোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে সকলো ৰাজ্যৰ বাবে সামগ্ৰীৰ তৈয়াৰীকৰণ আৰু চলাচলৰ ক্ষেত্ৰত একে ব্যৱস্থা হোৱাত গুৰুত্ব আৰোপ কৰে। প্ৰতিনিধিসকলে কাৰখানা বন্ধ হৈ যোৱা, গোদাম বিলাকক কৰ্মক্ষম কৰাৰ অনুমতিত বাধা, ব্যক্তিগত চলাচল তথা সামগ্ৰী ইফাল-সিফাল কৰাত অসুবিধা আদিৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহৰ কথা ব্যক্ত কৰে। ঔদ্যোগিক প্ৰতিনিধিসকলে কয় যে নিৰ্মাণ সুকলমে চলাই নিয়াৰ ক্ষেত্ৰত প্ৰয়োজনীয় সংখ্যক শ্ৰমিকৰ অভাৱ আৰু পৰিৱহণৰ সমস্যাই দেখা দিছে। তেওঁলোকে আগলৈ সামগ্ৰীৰ প্ৰস্তুতিকৰণৰ লগত গ্ৰাহকৰ যোগাযোগ প্ৰতিষ্ঠিত কৰি ৰাখিবলৈ গেলামালৰ দোকানসমূহ খোলা ৰখাৰ বাবে অনুমতি প্ৰদানৰ গুৰুত্বৰ কথাও উল্লেখ কৰে।

খাদ্য প্ৰস্তুতকৰণ উদ্যোগ মন্ত্ৰীগৰাকীয়ে কয় যে খাদ্য সামগ্ৰীৰ যোগান তথা খাদ্য প্ৰস্তুতকৰণ উদ্যোগসমূহলৈ কেঁচামাল যোগান সুচল কৰিবৰ বাবে পৰিৱহণ সংস্থাসমূহৰ লগতো আলোচনা কৰিব।    

তেওঁ ঔদ্যোগিক প্ৰতিনিধিসকলক তেওঁলোকে কৰ্মীবলৰ ওচৰত জমা দিয়া সকলো পৰামৰ্শ তথা অভিযোগ পৰ্যবেক্ষণ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে। 

*****

RJ/NG/PRK


(रिलीज़ आईडी: 1609639) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu