শক্তি মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ কেয়াৰছ ফাণ্ডলৈ এছজেভএনৰ ৫কোটিৰ বৰঙণি

Posted On: 30 MAR 2020 4:48PM by PIB Guwahati

ভাৰত চৰকাৰৰ শক্তি মন্ত্ৰালয়ৰ প্ৰশাসনিক নিয়ন্ত্ৰণাধীন এটি মিনি ৰত্ন আৰু চিডিউল-‘কমিউনিটী এণ্ড পাবলিক চেক্টৰ ইউনিয়ন এছজেভিএন লিমিটেডে কভিড-১৯ মহামাৰীৰ প্ৰভাৱ প্ৰতিৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫কোটিৰ বৰঙণি আগবঢ়াইছে৷ অত্যন্ত সংক্ৰামক ৰোগ কভিড-১৯-এ শেহতীয়াকৈ সমগ্ৰ বিশ্বক গ্ৰাস কৰি পেলাইছে৷  ৰোগবিধৰ প্ৰাদুৰ্ভাৱৰ পৰিণতিত  দৈনিক বহুসংখ্যক লোক ভাইৰাছত আক্ৰান্ত হৈছে৷ ভাৰততো এই মহামাৰীয়ে স্বাস্থ্য আৰু অৰ্থনীতিলৈ বহুতো প্ৰত্যাহ্বান কঢ়িয়াই আনিছে আৰু আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে৷ 

এছজেভিএনৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ শ্ৰী নন্দলাল শৰ্মাই কয় যে এগৰাকী দায়িত্বশীল কৰ্পৰেট নাগৰিক হিচাপে কভিড-১৯ৰ বিৰুদ্ধে চলি থকা যুঁজৰ গুৰুত্ব উপলব্ধি কৰি এছজেভিএন-এ প্ৰধানমন্ত্ৰী কেয়াৰছ ফাণ্ডলৈ ৫,০০,০০,০০০ (পাঁচ কোটি) টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কেয়াৰছ ফাণ্ডনামৰ দাতব্য ন্যাস গঠন কৰিছে৷ কভিড-১৯ মহামাৰীৰ দৰে যিকোনো জৰুৰী আৰু সংকটপূৰ্ণ পৰিস্থিতিৰ মোকাবিলা কৰাৰ প্ৰাথমিক লক্ষ্যৰে গঠন কৰা এই পুঁজিক এক সম্পূৰ্ণ ৰাষ্ট্ৰীয় পুঁজি হিচাপে গণ্য কৰা হব৷

শ্ৰী শৰ্মাই লগতে উল্লেখ কৰে যে এছজেভিএন-এ দেশৰ যিকোনো জটিল ক্ষণত চৰকাৰ আৰু সমাজক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে৷ কভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিবলৈ এছজেভিএনে ইতিমধ্যে ৩কোটি টকা ব্যয়ৰ প্ৰতিশ্ৰুতি দিছে৷ হস্পিটালৰ ভেণ্টিলেটৰ্ছ ক্ৰয়, চিকিৎসাকৰ্মীৰ মাজত ব্যক্তিগত সুৰক্ষা সা-সজুলি যেনে মাস্ক, গ্লভছ আদি বিতৰণ; চিকিৎসালয়ত কোৱাৰিণ্টাইন কেন্দ্ৰ স্থাপন, দৰিদ্ৰৰ মাজত খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ আদিত এই ধন ব্যয় কৰিছে৷ এছজেভিএনৰ কৰ্মচাৰীসকলেও কৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ তেওঁলোকৰ দৰমহাৰ পৰা ৩২লাখ টকাৰ অনুদান আগবঢ়াইছে৷

 

******

RCJ/M/MS



(Release ID: 1609547) Visitor Counter : 96