বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
ক’ভিড-১৯ৰে যুঁজত পুনেৰ ‘ছাইটেক পাৰ্ক’ৰ ‘ষ্টাৰ্ট আপ’ প্ৰতিষ্ঠানে উদ্ভাৱন কৰা প্ৰযুক্তিৰে বিজাণুমুক্ত কৰিব মহাৰাষ্ট্ৰৰ হাস্পটাল
‘ছাইটেক আইৰণ’ শীৰ্ষক ‘নিগেটিভ আয়ন জেনেৰেটৰ’ ভাইৰাছ, বেক্টেৰিয়া আৰু আৱদ্ধ পৰিৱেশত হোৱা ভেঁকুৰ নিয়ন্ত্ৰণৰ
বাবে সহায়ক হ’ব
ক’ভিড-১৯ ৰে আক্ৰান্ত -সাম্ভাব্য আক্ৰান্তৰ জৰিয়তে প্ৰদূষিত হোৱা বায়ু আৰু আৱদ্ধ এলেকা পৰিষ্কাৰৰ সামৰ্থ্য আছে ইয়াৰ
‘কোৱাৰাইণ্টাইন’ ব্যৱস্থাত সেৱা আগবঢ়োৱা চিকিত্সক, নাৰ্ছৰ বিজাণু প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰোগবিধৰে
যুঁজাৰ সামৰ্থ্য আগবঢ়াব ই
উত্পাদন আৰু মান বৰ্দ্ধনৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিভাগে আগবঢ়ালে ১কোটিৰ পুঁজি
মহাৰাষ্ট্ৰৰ হাস্পটালত অচিৰেই সংস্থাপনৰ তত্পৰতা
Posted On:
30 MAR 2020 4:07PM by PIB Guwahati
ক’ভিড-১৯ৰে যুঁজত পুনেৰ ‘ছাইটেক পাৰ্ক’ৰ এটা ‘ষ্টাৰ্ট আপ’ প্ৰতিষ্ঠানে উদ্ভাৱন কৰা প্ৰযুক্তিয়ে ভাৰতে আৰম্ভ কৰা ক’ভিড-১৯ বিৰোধী অভিযানটোলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। প্ৰতিষ্ঠানটোৱে উদ্ভাৱন কৰা প্ৰযুক্তিৰে কোনো ভাইৰাছৰ দ্বাৰা প্ৰদূষিত হোৱা একোটা কোঠাৰ প্ৰদূষিত এলেকাসমূহৰ প্ৰদূষণ এঘণ্টাৰ ভিতৰতে লক্ষণীয় হাৰত হ্ৰাস কৰিব পাৰে। ভাৰত চৰকাৰৰ ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে’(ডিএছটি) আৰম্ভ কৰা ‘নিধি প্ৰয়াস কাৰ্যক্ৰম’ৰ অধীনত এই প্ৰযুক্তি উদ্ভাৱন কৰা হৈছে।
প্ৰযুক্তিবিধৰে সঞ্চালিত হ’ব লগা যতনবিধৰ নিৰ্মাণ আৰু মান বৰ্দ্ধন কৰি মহাৰাষ্ট্ৰৰ হাস্পটালসমূহত সংস্থাপিত কৰিবৰ বাবে ‘বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে’ ইতিমধ্যে সংশ্লিষ্ট প্ৰতিষ্ঠানটোলৈ ১কোটি টকাৰ পুঁজি আগবঢ়াইছে। ‘জেক্লীন ওৱে’ডাৰ টেকন’ল’জিছ’ নামৰ পুনাৰ এটা প্ৰতিষ্ঠানে এই যতনবিধ নিৰ্মাণ কৰিব।
‘ছাইটেক আইৰণ’ শীৰ্ষক ‘নিগেটিভ আয়ন জেনেৰেটৰ’বিধ ভাইৰাছ আৰু আৱদ্ধ পৰিৱেশত হোৱা ভেকুঁৰ নিয়ন্ত্ৰণৰ বাবে বিশেষ ভাবে সহায়ক হ’ব। ক’ভিড-১৯ৰে আক্ৰান্ত অথবা সাম্ভাব্য আক্ৰান্তৰ জৰিয়তে প্ৰদূষিত হোৱা বায়ু আৰু আৱদ্ধ এলেকা পৰিষ্কাৰণৰ সামৰ্থ্য আছে ইয়াৰ। সেয়ে এইবিধ সামগ্ৰীয়ে ‘কোৱাৰাইণ্টাইন’ ব্যৱস্থাত চৌবিশ ঘ্ণ্টাই সেৱা আগবঢ়োৱা চিকিত্সক, নাৰ্ছসকলৰ বিজাণু প্ৰতিৰোধ ক্ষমতা বঢ়াই ৰোগবিধৰে যুঁজাৰ সামৰ্থ্য আগবঢ়াব পাৰিব বুলি আশা কৰা হৈছে।
ঘৰৰ ভিতৰ, হাস্পটাল, বিদ্যালয় ভৱন, ফাৰ্ম, উদ্যোগ আদিৰ দৰে চৌহদৰ আবদ্ধ এলোকাবোৰত আবিৰ্ভাৱ ঘটা ভাইৰাছ আৰু বেক্টেৰিয়া মষিমূৰৰ কৰাৰ ক্ষেত্ৰত যতনটোৰ সামৰ্থ্য তথা দক্ষতা সন্দৰ্ভত বিশ্বৰ বহুকেইটা প্ৰসিদ্ধ বৈজ্ঞানিক পৰীক্ষাগাৰত ইতিমধ্যে পৰীক্ষা সম্পন কৰা হৈছে। ‘আয়ন জেনেৰেটৰ’টো এঘণ্টাৰ বাবে চলাই ৰাখিলে আকাৰৰ ওপৰত নিৰ্ভৰ কৰি একোটা কোঠাৰ পৰা ৯৯.৭ শতাংশ পৰ্যন্ত বিজাণুৰ মাত্ৰা কমি যাব বুলি বৈজ্ঞানিক পৰীক্ষাই সিদ্ধ কৰিছে।
উল্লেখ্য, ‘ছাইটেক আইৰণ’ শীৰ্ষক ‘আয়নাইজাৰ’টোৱে প্ৰতি ৮ ছেকেণ্ড(১০আয়ন প্ৰতি ছেকেণ্ড)ত ১০০ নিযুত ঋণাত্মক আয়ন উত্পাদন কৰিব পাৰে। ‘আয়নাইজাৰ’টোৱে উত্পাদন কৰা এই ঋণাত্মক আয়নবোৰে একোটা গোটৰ ৰূপত বায়ু সংক্ৰমিত বিজাণু, ক’ৰোনা অথবা ইনফ্লুৱেঞ্জা ভাইৰাছ, মাইট’ এলাৰ্জিন, বেক্টেৰিয়া, প’ল্লেন ডাষ্ট দৰে সুক্ষ্মাতি সুক্ষ্ম বীজাণুবোৰ ঘেৰি ধৰি বিশেষ ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটাই সিহঁতক নিষ্ক্ৰিয় কৰাৰ লগতে অতি স্পৰ্শকাতৰ ‘হাইড্ৰক্সিল’ শীৰ্ষক ‘অ’এইচ গ্ৰুপ’ সৃষ্টি কৰাৰ লগতে বায়ুমণ্ডলৰ ‘ডিটাৰজেণ্ট’ বুলি প্ৰসিদ্ধ আৰু অতিকে স্পৰ্শকাতৰ ‘এইচ অ’-ৰ সৃষ্টি কৰে।
‘আয়ন জেনেৰেটৰ’টোৱে উতপাদন কৰা ‘ডিটাৰজেণ্ট’য়ে এলাৰ্জিন, ভাইৰাছ আৰু বেক্টেৰিয়াবোৰৰ বহিৰ্ভাগত থকা প্ৰ’টিন বিভাজিত কৰি বায়ু সংক্ৰমিত ৰোগসমূহ নিয়ন্ত্ৰণত সহায় কৰে। ইয়ে শৰীৰত ৰোগৰ প্ৰকোপ আৰু পাৰিবেশিক অপকাৰক প্ৰতিৰোধী সামৰ্থ্য বৃদ্ধি কৰে। এই আয়নৰ সহায়ক-প্ৰভাৱ পৰৱৰ্তি ২০-৩০ দিনলৈকে থাকিব পাৰে। ইয়ে কাৰ্বন মন’ক্সাইড(কাৰ্বন ডাই অক্সাইডতকৈ ১০০০ গুণে অপকাৰী), নাইট্ৰ’জেন ডাইঅক্সাইড আৰু অপকাৰী জৈৱিক মিশ্ৰৰ দৰে গেছ প্ৰদূষককো নিষ্ক্ৰিয় কৰিব পাৰে।
এই ‘আয়ন জেনেৰেটৰ’টোৱে ইনফ্লুৱেঞ্জা ভাইৰাছ, ক’ক্সাকি ভাইৰাছ, পলিঅ’ ভাইৰাছ, হিউমেন ক’ৰোনা ভাইৰাছ, বহুবিধ এলাৰ্জী, বেক্টেৰিয়া আৰু ভেঁকুৰৰ বিৰুদ্ধেও সফলতা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।
ৰাজহুৱা পৰিবহণ ব্যৱস্থা, ৰে’ল ষ্টেশ্যন, বিমান বন্দৰ আৰু বিশেষকৈ কোনো বিমানৰ কেবিন, ঘৰ, চিকিত্সালয়ৰ ওৱাৰ্ড দৰে আবদ্ধ এলেকাবোৰৰ বতাহত ওপঙি থকা ভাইৰাছ মষিমূৰ কৰাৰ ক্ষেত্ৰতো ই বিশেষভাবে সহায়ক হ’ব বুলি আশা কৰা হৈছে।
*****
KGS(DST)/KB
(Release ID: 1609411)