ৰেল মন্ত্ৰালয়

দেশৰ বিভিন্ন প্ৰান্তলৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানত দ্ৰুত গতিত ধাৱমান হৈছে ভাৰতীয় ৰে’লৱে

বিগত দুটা দিনত ভাৰতীয় ৰে’লৱেয়ে পৰিবহণ কৰিছে ৭১২৬১টা মালবাহী ৱাগন-

৪৮৬১৪টা অত্যাৱশ্যকীয় সামগ্ৰীৰ আৰু ২২৬৪৭টা অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰীৰ

Posted On: 30 MAR 2020 4:30PM by PIB Guwahati

সম্পূৰ্ণ দেশ ক’ৰনা ভাইৰাছ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে লক্-ডাউনত আৱদ্ধ হৈ থকাৰ সময়তে ভাৰতীয় ৰে’লৱেয়ে দেশৰ বিভিন্ন প্ৰান্তলৈ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ পৰিবহণ অব্যাহত ৰখাৰ বাবে অহৰ্নিশে ব্যস্ত হৈ পৰিছে৷

২৮ মাৰ্চ ২০২০ তাৰিখে মুঠ ৬৯৫টা ৰেক/৩৫৯৪২টা ৱাগন বোজাই কৰা হৈছিল য’ত ৪৪২টা ৰেক/২৪৪১২টা ৱাগনত অত্যাৱশ্যকীয় সামগ্ৰী বোজাই কৰা হৈছিল (এটা ৱাগনত ৫৮-৬০ টন কনছাইনমেণ্ট থাকে)৷ ইয়াৰ ভিতৰত ৫৪টা ৰেক/২৪০৫টা ৱাগনত খাদ্য-সামগ্ৰী, ৩টা ৰেক/১২৬টা ৱাগনত চেনী, ১টা ৰেক/৪২টা ৱাগনত নিমখ, ১টা ৰেক/৫০টা ৱাগনত খোৱা তেল, ৩৫৬টা ৰেক/২০৫১৯টা ৱাগনত কয়লা আৰু ২৭টা ৰেক/১২৭০টা ৱাগনত পেট্ৰ’লিয়ামজাত সামগ্ৰী আছিল৷

২৯ মাৰ্চ ২০২০ তাৰিখে মুঠ ৬৮৪টা ৰেক/৩৫৩১৯টা ৱাগন বোজাই কৰা হৈছিল য’ত ৪৩৭টা ৰেক/২৪২০২টা ৱাগনত অত্যাৱশ্যকীয় সামগ্ৰী বোজাই কৰা হৈছিল৷ ইয়াৰ ভিতৰত ৪০টা ৰেক/১৭২৭টা ৱাগনত খাদ্য-সামগ্ৰী, ৫টা ৰেক/২১০টা ৱাগনত চেনী, ১টা ৰেক/৪২টা ৱাগনত নিমখ, ১টা ৰেক/৪২টা ৱাগনত খোৱা তেল, ৩৬৩টা ৰেক/২০৯০৪টা ৱাগনত কয়লা আৰু ২৭টা ৰেক/১২৭৭টা ৱাগনত পেট্ৰ’লিয়ামজাত সামগ্ৰী আছিল৷

এয়া উল্লেখ কৰা প্ৰয়োজন যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সমগ্ৰ দেশতে যোগান শৃংখলা অটুট ৰখাৰ বাবে সামগ্ৰীসমূহৰ পৰিবহণত অনুমতি প্ৰদান কৰিছে৷ ৰে’লৱে আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে নিৰৱচ্ছিন্নভাৱে ৰাজ্য চৰকাৰসমূহৰ সৈতে যোগাযোগ স্থাপন কৰি টাৰ্মিনেলসমূহত সুগম ব্যৱস্থাপনা নিশ্চিত ৰখাৰ দিশত অগ্ৰসৰ হৈছে৷

 

****

SG/MKV/MANN


(Release ID: 1609326) Visitor Counter : 156