গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে চলাই থকা সংগ্ৰামৰ সময়ত সমগ্ৰ দেশতেই জাৰি কৰা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত জনসাধাৰণৰ সমস্যা আঁতৰোৱাৰ বাবে মোদী চৰকাৰ প্ৰতিজ্ঞাবদ্ধ – কেন্দ্ৰীয় গৃহমন্ত্ৰী

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰব্ৰজক শ্ৰমিকসকলৰ আৰ্থিক দুৰৱস্থাৰ বিষয়টোৰ উপযুক্ত দিহা কৰি লকডাউনৰ সকলো ব্যৱস্হা প্ৰভাৱী ৰূপত কাৰ্যকৰী কৰিব লাগে - অমিত শ্বাহ

Posted On: 29 MAR 2020 6:35PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশবাসীয়ে সমূখীন হ’বলগীয়া বিভিন্ন সমস্যা আঁতৰ কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সামাজিক দূৰত্ব বজাই ৰখাৰ উদ্দেশ্যৰে জাৰি কৰা লকডাউন প্ৰভাৱী ৰূপত কাৰ্যকৰী হোৱাটো সুনিশ্চিত কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সৈতে বিতংভাৱে আলোচনা কৰে। ইয়াৰ লগতে তেওঁ এই লকডাউনৰ সময়ছোৱাত প্ৰবাসী শ্ৰমিকসকলক আৰ্থিক সমস্যা আঁতৰ কৰাৰ ওপৰতো আলোচনা কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি গৃহ সচিবে সকলোবোৰ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইয়াত থকা বহৎ সংখ্যক প্ৰবাসী কৰ্মচাৰী বা শ্ৰমিকসকলক নিজ নিজ গৃহৰাজ্যলৈ উভতি যোৱাত বাধা প্ৰদান কৰিবৰ বাবে সকলোধৰণৰ বুনিয়াদী সুবিধা সম্বলিত সাহায্য শিবিৰ নিৰ্মাণ কৰিবলৈ আৰু তেওঁলোকৰ আৰ্থিক সমস্যা আঁতৰ কৰিবৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ নিৰ্দেশ দিছে, যাৰ যোগেদি ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়।

লকডাউন কাৰ্যসূচী প্ৰভাৱী ৰূপত ফলপ্ৰসূ হোৱাটো সুনিশ্চিত কৰিবলৈ আৰু পলায়ন কৰিবলৈ লোৱা শ্ৰমিকসকলৰ আৰ্থিক সমস্যা আঁতৰ কৰিবৰ বাবে সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ নিম্নোল্লিখিত অতিৰিক্ত পদক্ষেপ গ্ৰহণ কৰাৰ পৰামৰ্শ দিয়া হৈছে -

  • - ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে লকডাউনৰ বাবে সংশ্লিষ্ট এলেকাত আবদ্ধ হৈ থকা প্ৰবাসী কৰ্মচাৰী বা শ্ৰমিকসকলৰ লগতে সেই ঠাইৰ দৰিদ্ৰ আৰু নিষ্পেষিত শ্ৰেণীৰ লোকসকলৰ বাবে অস্থায়ী আশ্ৰয়ৰ বাবে পৰ্যাপ্ত ব্যৱস্থা সুনিশ্চিত কৰক আৰু খাদ্য আদিৰো সুব্যৱস্থা কৰক;
  •  
  • - নিজ গৃহ ৰাজ্য বা গৃহ চহৰলৈ যাবলৈ ওলোৱা প্ৰবাসী লোকসকলক সংশ্লিষ্ট ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা পৰ্যাপ্ত পৰীক্ষাৰ পিছত নিকটৱৰ্তী আশ্ৰয়স্থলত অতি কমেও ১৪ দিনৰ বাবে কোৰেণ্টাইন (একান্তবাস) ত ৰখা হওঁক। এই সময়ছোৱাত মানক স্বাস্থ্য প্ৰ’ট’কল কঠোৰভাৱে পালন কৰক;
  •  
  • - উদ্যোগ বা দোকান বা কোনো বাণিজ্যিক প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকলক এই লকডাউনৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠান বন্ধ থকা সময়ছোৱাত দৰমহা কৰ্তন নকৰিবলৈ আৰু নিয়মিত সময়ত দৰমহা প্ৰদানৰ বাবে নিয়োগকৰ্তালৈ নিৰ্দেশ প্ৰেৰণ কৰক;
  •  
  • - এই কথা সুনিশ্চিত কৰক যে ঘৰভাৰা লৈ থকা লোক আৰু শ্ৰমিকসকলক ঘৰৰ মালিকে এমাহৰ ঘৰভাড়া বিচাৰিব নালাগে।
  •  
  • - যদিহে কোনো ঘৰৰ মালিকে জোৰজুলুমকৈ শ্ৰমিক বা শিক্ষাৰ্থীক ঘৰ খালী কৰাৰ নিৰ্দেশ দিয়ে তেন্তে তেনে মালিকৰ বিৰুদ্ধে আইনগত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

নিৰ্দেশত কোৱা হৈছে যে সংশ্লিষ্ট নিৰ্দেশনাবোৰৰ যিকোনো এটাও উলঙ্ঘনৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ ৰ অধীনত জৰুৰী পদক্ষেপ গ্ৰহণ কৰিব লাগিব আৰু জিলা দণ্ডাধীশ/উপায়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক/আৰক্ষী অধীক্ষক/ উপ আৰক্ষী আয়ুক্তসকল উক্ত দিশনিৰ্দেশ আৰু পূৰ্বতে জাৰি কৰা লকডাউনৰ উপায়বোৰ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যক্তিগতভাৱে দায়বদ্ধ থাকিব।

 

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ...

 

*****

VG/SNC/VM/RD



(Release ID: 1609241) Visitor Counter : 199