ৰেল মন্ত্ৰালয়

লক্-ডাউনৰ সময়ছোৱাত ক্ষুধাৰ্তজনক ৰন্ধন খাদ্য যোগানৰ বাবে প্ৰস্তুত ভাৰতীয় ৰে’লৱে

১৩টা আইআৰচিটিচি পাকঘৰক যোগানৰ বাবে ন’ডেল পইণ্ট হিচাপে গঢ়ি তোলা হৈছে

আজি ২৯ মাৰ্চ ২০২০ তাৰিখে সমগ্ৰ দেশতে মুঠ ১১০৩০ সংখ্যক দুপৰীয়াৰ আহাৰ যোগান ধৰিছে আইআৰচিটিচিয়ে

সমৰ্থন প্ৰদান কৰিছে নিৰ্ধাৰিত মণ্ডল আৰু শাখাৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াই

Posted On: 29 MAR 2020 5:05PM by PIB Guwahati

ভাৰতীয় ৰে’লৱেয়ে লক্-ডাউনৰ সময়ছোৱাত আইআৰচিটিচিৰ পাকঘৰৰ পৰা বিভিন্ন স্থানত ক্ষুধাৰ্তসকলক কাগজৰ প্লেটৰ সৈতে ৰন্ধন খাদ্য যোগান ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

মণ্ডলভিত্তিত আইআৰচিটিচিৰ পাকঘৰৰ তালিকা তলত উল্লেখ কৰা হ’লঃ

১. ছাউথ চেণ্ট্ৰেল ৰে’লৱেঃ বিজয়ৱাড়া

২. ৱেষ্টাৰ্ণ ৰে’লৱেঃ আহমেদাবাদ, মুম্বাই চেণ্ট্ৰেল

৩. ইষ্ট ক’ষ্ট ৰে’লৱেঃ খুৰধা ৰোড

৪. ছাউথ ইষ্টাৰ্ণ ৰে’লৱেঃ বালাছোৰ

৫. নৰ্দাণ ৰে’লৱেঃ নতুন দিল্লী, পাহাৰগঞ্জ

৬. নৰ্থ চেণ্ট্ৰেল ৰে’লৱেঃ প্ৰয়াগৰাজ, ঝাঁচী, কানপুৰ

৭. চেণ্ট্ৰেল ৰে’লৱেঃ চিএছএমটি, পুমে, ছোলাপুৰ, ভুছাৱাল

৮. ৱেষ্ট চেণ্ট্ৰেল ৰে’লৱেঃ ইটৰাছি

৯. ছাউথ ৱেষ্টাৰ্ণ ৰে’লৱেঃ বেংগালোৰ, হুব্বালি

১০. ছাউথ ৰে’লৱেঃ তিৰুৱনন্তপুৰম, চেংগালপাট্টু, কাটাপাড়ি, মাংগালোৰ

১১. ইষ্টাৰ্ণ ৰে’লৱেঃ শিয়ালদহ, হাওড়া

১২. ইষ্ট চেণ্ট্ৰেল ৰে’লৱেঃ ৰাজেন্দ্ৰনগৰ

১৩. নৰ্থ ফ্ৰণ্টিয়াৰ ৰে’লৱেঃ কাতিহাৰ

আজি ২৯ মাৰ্চ ২০২০ তাৰিখে আইআৰচিটিচিয়ে মুঠ ১১০৩০ সংখ্যক দুপৰীয়াৰ আহাৰ ক্ষুধাৰ্ত, প্ৰব্ৰজনকাৰী শ্ৰমিক, বৃদ্ধাৱাসৰ বাসিন্দাসকলক যোগান ধৰিছে৷

স্থান                খাদ্যৰ সংখ্যা

১. দিল্লী                 ৫০৩০

২. বেংগালোৰ         ২০০০

৩. হুবলি              ৭০০

৪. ব’ম্বে চেণ্ট্ৰেল       ১৫০০

৫. হাওড়া/শিয়ালদহ     ৫০০

৬. পাটনা             ৪০০

৭. টাটা               ৪০০

৮. ৰাঁচী             ৩০০

৯. কাতিহাৰ         ২০০

 

নিৰ্ধাৰিত মণ্ডল আৰু শাখাসমূহৰ মহা প্ৰৱন্ধক/ডিআৰএমসকলকো আইআৰচিটিচিৰ এই সাহায্যত সমৰ্থন দিবলৈ আহ্বান জনোৱা হৈছে৷ আইআৰচিটিচিয়ে চাহিদা অনুসাৰে খাদ্যৰ যোগান ধৰিব৷ বিতৰণসমূহ আৰপিএফ আৰু ৰে’লৱে প্ৰাধিকৰণৰ দ্বাৰা সম্পন্ন কৰা হৈছে৷ এই কাৰ্যত এনজিঅ’, স্বেচ্ছাসেৱকসকলৰো প্ৰয়োজন আৱশ্যক হ’ব পাৰে৷ খাদ্য বিতৰণৰ সময়ত সামাজিক ব্যৱধানৰ লক্ষ্য ৰখা হৈছে৷

উল্লেখ্য, ভাৰতীয় ৰে’লৱে আৰু আইআৰচিটিচিয়ে লক্-ডাউনৰ সময়ছোৱাত বৰ্ধিত খাদ্য প্ৰয়োজনীয়তাৰ চাহিদা পূৰণৰ দিশত অগ্ৰসৰ হৈছে৷

 

****

SG/MKV/MANN



(Release ID: 1609104) Visitor Counter : 129