স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ৰাষ্ট্ৰীয় ‘টেলিকনছালটেশ্যন কেন্দ্ৰ’ (CoNTeC) মুকলি কৰিলে ড০ হৰ্ষ বৰ্দ্ধনে

Posted On: 28 MAR 2020 7:53PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী ড০ হৰ্ষ বৰ্দ্ধনে আজি ৰাষ্ট্ৰীয় টেলিকনছালটেশ্যনকেন্দ্ৰ(CoNTeC)টো আনুষ্ঠানিক ভাবে মুকলি কৰাৰ লগতে দেশৰ ৰাজ্যসমূহৰ চিকিত্সা মহাবিদ্যালয় তথা ভিন্ন প্ৰান্তত থকা ‘সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান’(এইমছ)কেইখনৰ ন’ডেল বিষয়াসকলৰ সৈতে ক’ভিড-১৯ৰ বিৰুদ্ধে অব্যাহত ৰখা প্ৰতিৰোধী কাৰ্যক্ৰমৰ শেহতীয়া স্থিতি পৰ্যালোচনা কৰে।

স্বাস্থ্য মন্ত্ৰালয়ে ক’ভিড-১৯ৰ বিৰুদ্ধে অভিযানৰ অন্যতম অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ ৰাষ্ট্ৰীয় ‘টেলিকনছালটেশ্যন কেন্দ্ৰ’(CoNTeC)ৰ পৰিকল্পনা কৰাৰ বিপৰীতে কেন্দ্ৰটোৰ বাস্তৱ ৰূপ দিছে ‘সৰ্ব ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী’য়ে।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে ক’ভিড-১৯ৰ চিকিত্সা সম্পৰ্কীয় যাৱতীয় পৰামৰ্শ ততমুহূতৰ্তে আগবঢ়াব পৰাকৈ দেশৰ সকলো চিকিত্সকক সংযোজিত কৰাৰ বাবেই কেন্দ্ৰটো স্থাপন কৰা হৈছে। ২৪ ঘণ্টাই মুকলি থাকিব লগা এই কেন্দ্ৰত দিনটোৰ ২৪ঘণ্টাই চিকিত্সকসকলে পৰামৰ্শ দান কৰাৰ বাবে উপস্থিত থাকিব বুলি তেওঁ জানিবলৈ দিয়ে। এই কেন্দ্ৰত উপস্থিত থকা চিকিত্সকলসকলৰ থকা-খোৱাৰ সকলো ব্যৱস্থাও কৰা হৈছে। কেন্দ্ৰটোৰ জৰিয়তে সৰু সৰু ৰাজ্য তথা দূৰ-দূৰণিৰ প্ৰত্যন্ত অঞ্চলসমূহৰ ৰাইজেও যাতে এইমছ-ৰ দৰে প্ৰতিষ্ঠানৰ অভিজ্ঞতাপূৰ্ণ চিকিত্সকৰ পৰামৰ্শ লাভ কৰিব পাৰে সেই কথা চিন্তা কৰিয়ে কেন্দ্ৰটো স্থাপন কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰসংগক্ৰমে অভিমত ব্যক্ত কৰে। পৃথিৱীৰ বিভিন্ন প্ৰান্তত ক’ভিড-১৯ৰ চিকিত্সাৰ বাবে ভিন্ন বিধি-ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত সকলো চিকিত্সকক সংযোজিত কৰি সকলোৰে পৰামৰ্শৰ আধাৰত দেশত আটাইতকৈ ফলপ্ৰসূ চিকিত্সাবিধিৰ ব্যৱস্থা কৰাটোৱো এই কেন্দ্ৰই সুনিশ্চিত কৰিব বুলি মন্ত্ৰীগৰাকী আশা প্ৰকাশ কৰে।

মন্ত্ৰীগৰাকীয়ে তথ্য দাঙি ধৰি কয় যে তেওঁৰ মন্ত্ৰালয়ে ডিজিটেল প্লেটফৰ্ম আৰু প্ৰযুক্তি ব্যৱস্থাৰ সহযোগত ‘টেলিমেডিচিন’ সংক্ৰান্তীয় বিধি নিৰ্দেশনাৱলী ইতিমধ্যে প্ৰকাশ কৰিছে আৰু ইয়াৰ দ্বাৰা দেশৰ ৰাইজে ক’ভিড-১৯ সম্পৰ্কীয় চিকিত্সা পৰামৰ্শৰ লগতে অন্যান্য ৰোগৰ চিকিত্সা পৰামৰ্শও লাভ কৰিব। এই ব্যৱস্থাৰ জৰিয়তে দেশৰ দুখীয়াৰো দুখীয়া লোকসকলেও ঘৰতে থাকি ‘এইমছ’-ৰ দৰে চিকিত্সা প্ৰতিষ্ঠানৰ সেৱা লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে।

পৃথিৱী জুৰি পৰিস্থিতি সঘনে সলনি হৈ আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ চিকিত্সা ব্যৱস্থাৰ শক্তি বৰ্দ্ধনো কৰি থাকিব লাগিব বুলি মন্তব্য কৰে। তেওঁ চিকিত্সা সেৱা দেশৰ বাহিৰলৈও সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰি থকা হৈছে বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে।

তেওঁ এইমছসমূহৰ লগতে দেশৰ চিকিত্সা মহাবিদ্যালয়সমূহে পৰস্পৰৰে সংযোজিত হৈ চিন্তা-ভাবনাৰ আদান-প্ৰদান কৰি স্বাস্থ্য সম্পৰ্কীয় বিধি ব্যৱস্থা উন্নত কৰাৰ লগতে নীতি নিৰ্দ্ধাৰণতো আগভাগ ল’ব পাৰে বুলি মন্তব্য কৰে। প্ৰসংগক্ৰমে তেওঁ এইমছসমূহ দেশৰ জিলা চিকিত্সালয়সমূহৰ বাবে পৰামৰ্শদান, টেলিমেডিচিন, শিক্ষা, প্ৰশিক্ষণ, চিন্ত-চৰ্চাৰ আদান-প্ৰদান আদিৰ দৰে কাম-কাজৰ যোগসূত্ৰ কেন্দ্ৰৰ ভুমিকাত অৱতীৰ্ণ হোৱা উচিত বুলিও মন্তব্য কৰে।

‘এইমছ-দিল্লী’ত স্থাপন কৰা ‘টেলিকনছালটেশ্যন কেন্দ্ৰ’টোত ২৪x৭ হিচাপত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ চিকিত্সকসকল উপস্থিত থাকি চিকিত্সা পৰামৰ্শ দান কৰিব। দেশৰ যি কোনো প্ৰান্তৰ লগতে পৃথিৱীৰ যিকোনো স্থানৰ পৰাই এই কেন্দ্ৰৰে যোগাযোগ কৰি অডিঅ’-ভিডিঅ’ আৰু ‘টেক্সত  ফৰ্ম’ত চিকিত্সা পৰামৰ্শ  লাভ কৰিব পাৰিব। যিকোনো সাধাৰণ মোবাইল ফোনৰে পৰামৰ্শ গ্ৰহণ কৰিব পৰা এই কেন্দ্ৰৰে ‘হোৱাটছ এপ’, ‘স্কাইপ’ আৰু ‘গুগুল ডুঅ’-ৰ দৰে মাধ্যমেৰে দৃশ্য আৰু শ্ৰাব্য মাধ্যমেৰেও সেৱা লাভ কৰিব পাৰিব।

ইফালে ‘ভিডিঅ’ কন্ফাৰেন্সিং’ ব্যৱস্থাৰে সংযোজিত হ’ব পৰাকৈ কেন্দ্ৰটোক সম্পূৰ্ণ ৰুপে ‘ৰাষ্ট্ৰীয় চিকিত্সা মহাবিদ্যাল নেটৱৰ্ক’ চমুকৈ ‘এনএমচিএন’-ৰ লগতে  লক্ষ্ণৌস্থিত ‘এচজিপিজিআই’-ৰ ‘ৰাষ্ট্ৰীয় সমল কেন্দ্ৰ’ৰ সৈতেও সংযোজিত কৰা হৈছে।

এইমছ-য়ে নিৰ্দ্ধাৰিত কৰা বিধি নিৰ্দেশনাৱলী আৰু এইমছ-ৰ সঞ্চালকে মনোনীত কৰা গোটে নিৰ্দিষ্ট কৰা বিধি-ব্যৱস্থাৰ আধাৰত ৰোগী প্ৰৱন্ধন ব্যৱস্থাৱলী পৰিচালনা কৰাৰ দিহা কৰা হৈছে।

CoNTeC-কেন্দ্ৰৰে কেনেকৈ সংযোগ স্থাপন কৰিব?

কেন্দ্ৰটোৰে সংযোজিত হ’বলৈ (+91 9115444155) নম্বৰত ডায়েল কৰিব লাগিব। এই মুহূৰ্তত ইয়াৰ ৬টা লাইন একেসময়তে ব্যৱহাৰ কৰিব পাৰিব। পৰৱৰ্তি সময়ত এনে লাইনৰ সংখ্যা প্ৰয়োজন সাপেক্ষে বৃদ্ধি কৰা হ’ব। সংযোগ স্থাপন হোৱা কলসমূহ পোনতে প্ৰৱন্ধকসকলে গ্ৰহণ কৰিব আৰু ৰোগৰ বৃতান্ত শুনাৰ পিছত তেওঁলোকে সংশ্লিষ্ট বিশেষজ্ঞ চিকিত্সকলৈ সেই সংযোগ আগবঢ়াই দিব।

‘হোৱাটছ এপ’, ‘স্কাইপ’ আৰু ‘গুগুল ডুঅ’-ৰ দৰে ব্যৱস্থাৰে দৃশ্য আৰু শ্ৰাব্য মাধ্যমেৰে সেৱা লাভ কৰাৰ বাবে যাৱতীয় পৰামৰ্শ আগবঢ়াব কেন্দ্ৰৰ প্ৰবন্ধকসকলে। কল কৰোতাসকলে ‘টেলিমেডিচিন’ৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰি যিকোনো মুহূতৰ্তে ‘এনএমচিএন’-ৰেও সংযোজিত হ’ব পাৰিব।

 

 

MV/MR/KB



(Release ID: 1608957) Visitor Counter : 186