ৰেল মন্ত্ৰালয়

সমগ্ৰ দেশতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰাৰ নিৰবিচ্ছিন্ন প্ৰয়াস ভাৰতীয় ৰে’লৰ

কালিৰ দিনটোত ৩৪০০০ৰো অধিক ডবাত সা-সামগ্ৰীৰ সৰবৰাহ, ২৩০০০ৰো অধিক ডবাত
অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিবহণ

Posted On: 28 MAR 2020 2:48PM by PIB Guwahati

ভিড-১৯ মহামাৰিৰ পৰিপ্ৰেক্ষিতত দেশত বলবত্ কৰা সম্পূৰ্ণ লক ডাউনৰ তৃতীয় দিনটোতো নিত্য ব্যৱহাৰ্য সা-সামগ্ৰীৰ যাতে নাটনি নহয় সেই কথা নিশ্চিত কৰাৰ বাবে ভাৰতীয় ৰেল মন্ত্ৰালয়ে ইয়াৰ অধীনস্থ মালবাহী সেৱাসমূহৰ জৰিয়তে সকলো ধৰণৰ প্ৰয়াস অব্যাহত ৰাখিছে। প্ৰতিখন ৰাজ্যতে লক ডাউন হোৱাৰ সময়ত দেশৰ কোনো প্ৰন্ততে যাতে খাদ্য-দ্ৰব্যকে ধৰি অন্যান্য সা-সামগ্ৰীসমূহৰ নাটনি হব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবে ৰেল বিভাগৰ সকলো কৰ্মচাৰীকে বিভিন্ন মাল-বস্তুৰ উঠোৱা-নমোৱা কৰা শ্বেদসমূহৰ লগতে বিভিন্ন ষ্টেশ্যন আৰু নিয়ন্ত্ৰণ কাৰ্যালয়সমূহত নিয়োজিত কৰি দিনটোৰ ২৪x হিচাপত কাম-কাজ চলাই ৰখাৰ বাবে ব্যাপক তত্পৰতা অব্যাহত ৰাখা হৈছে।

কালি অৰ্থাত, ২৭ মাৰ্চ,২০২০ তাৰিখে অবিৰত যোগান শৃংখল বৰ্তাই ৰখাৰ বাবে দিনটোত ৩৪৬৪৮টা ডবা ভৰ্তি সা-সামগ্ৰী প্ৰেৰণৰ দিহা কৰিছিল। ইয়াৰ ভিতৰত ৪২৫টা ৰেকৰ জৰিয়তে সৰবৰাহ কৰা ২৩৬৮২টা ডবা ব্যৱহাৰ কৰিছিল অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহৰ বাবে। প্ৰসংগতে উল্লেখ্য যে, বিগত পাঁচোটা দিনত ৰেল বিভাগে নিত্য ব্যৱহাৰ্য সামগ্ৰী ভৰ্তি প্ৰায় ১.২৫লাখটা ডবা বিভিন্ন স্থানলৈ  প্ৰেৰণ কৰিছে।

কালি ২৩৬৮২টা ডবাত প্ৰেৰণ কৰা সা-সামগ্ৰীসমূহৰ ভিতৰত ১৫৭৬টা ডবাত খাদ্য-দ্ৰব্য, ৪২টাত ফল-মূল আৰু শাক-পাচলি, ৪২টাত নিমখ, ২০৪৮৮টা ডবাত কয়লা আৰু ১৪৯২টা ডবাত প্ৰেট্ৰোলজাত সামগ্ৰী আছিল।

উল্লেখ্য যে সাম্প্ৰতিক পৰিস্থিতিত সা-সামগ্ৰীৰ সঞ্চালন সহজে সম্পন্ন হব পৰাকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ বিধি নিয়ম শিথিল কৰাৰো উদ্যোগ গ্ৰহণ কৰিছে।

****

SG/MKV/KB


(Release ID: 1608884)