বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

ৰপ্তানি উত্তৰণ পৰিষদৰ প্ৰতিনিধিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে কথা পাতিলে শ্ৰী পীয়ুষ গোৱেলে

Posted On: 27 MAR 2020 5:07PM by PIB Guwahati

ৰেলৱে আৰু বাণিজ্য তথা উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলে কভিড-১৯ আৰু চলিত লক্-ডাউনৰ সম্বন্ধত সমগ্ৰ দেশৰ ৰপ্তানি উত্তৰণ পৰিষদৰ বিভিন্ন প্ৰতিনিধিৰ সৈতে ভিডিঅকনফাৰেন্সযোগে কথা পাতে আৰু পৰিস্থিতি চম্ভালিবলৈ তেওঁলোকৰ পৰা বিভিন্ন প্ৰতিক্ৰিয়া আৰু পৰামৰ্শ গ্ৰহণ কৰে৷ এই আলোচনাত ৰাজ্যিক বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰী, বাণিজ্য সচিব ড অনুপ ৱাধাৱান, ডিজিএফটিৰ সঞ্চালক প্ৰধান শ্ৰী অমিত যাদৱো উপস্থিত আছিল৷

শ্ৰী পীষুষ গোৱেলে কয় যে দেশৰ বাবে আমদানি-ৰপ্তানি গুৰুত্বপূৰ্ণ হলেও একেটা সময়তে ১৩০ কোটি ভাৰতীয়ৰ সুৰক্ষাৰ বাবে লক্-ডাউনো সমানেই প্ৰয়োজনীয়৷ সেয়েহে এই ভাৰসাম্য বৰ্তাই ৰাখিবলৈ জটিলতাসমূহ হ্ৰাস কৰিবলৈ সমাধান সন্ধান কৰাটো আৱশ্যক৷ এই পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰী আৰু আৰবিআইৰ গৱৰ্ণৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ শ্ৰী গোৱেলে কয় যে এই বৈঠকত লাভ কৰা পৰামৰ্শসমূহৰ শীঘ্ৰ কাৰ্যকৰীকৰণৰ বাবে গুৰুত্ব প্ৰদান কৰা হব৷ চৰকাৰে আমদানি-ৰপ্তানি গোটটোৰ যুক্তিপূৰ্ণ দাবীসমূহো পালন কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷

আজিৰ এই বৈঠকখনত এফআইইঅ’, এইপিচি, এছআৰটিইপিচি, জিজেইপিচি, চিএলই, শ্বেফেক্সিল, ফাৰ্মেক্সিল, ইলেক্ট্ৰনিক আৰু ছফটৱেৰ ইপিচি, ছাৰ্ভিচেছ ইপিচি, ছিল্ক ইপিচি, ইইপিচি, ইপিচিএইচ, প্ৰজেক্ট ইপিচি, টেক্সপ্ৰচিল, টেলিকম ইপিচি, কেশ্বিঅইপিচি, প্লাষ্টিক ইপিচি, স্পৰ্টছ গুডছ্ ইপিচি, কেপেক্সিল, কেমেক্সিল, ইঅইউ আৰু এছইজেডৰ ইপিচি, ঊল আৰু ঊলৰ ইপিচি, এইচইপিচি আৰু আইঅপিইচি শীৰ্ষক সংস্থাসমূহে অংশগ্ৰহণ কৰিছিল৷

*****

YB/AP/MANN



(Release ID: 1608810) Visitor Counter : 101