প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অভিনৱ ভাৰ্চুৱেল জি-২০ সন্মিলন

Posted On: 26 MAR 2020 10:08PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ প্ৰাৰ্দূভাৱে সৃষ্টি কৰা প্ৰত্যাহ্বান আৰু এক গোলকীয় সমন্বিত পদক্ষেপ গ্ৰহণ কৰিবলৈ ২৬ মাৰ্চ,২০২০ত জি-২০ নেতাসকলৰ মাজত এখন অভিনৱ ভাৰ্চুৱেল সন্মিলন অনুষ্ঠিত হয়৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ছৌদি আৰৱৰ যুৱৰাজৰ সৈতে টেলিফোন যোগে এই বিষয়ত আলোচনা কৰে৷ কভিড-১৯ মহামাৰীক লৈ জি-২০ সন্মিলনৰ অসাধাৰণ বৈঠক হল বিত্তমন্ত্ৰী আরু কেন্দ্ৰীয় বেংকৰ গৱৰ্ণৰৰ বৈঠক তথা জি-২০ শ্বেৰপাছ বৈঠকৰ এক ফল৷

বৈঠকত জি-২০ নেতাসকলে এই মহমাৰী প্ৰতিৰোধ কৰিবলৈ আৰু জনসাধাৰণক সুৰক্ষিত কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সহমতত উপনীত হয়৷ কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত বিশ্ব স্বাস্থ্য সংস্থাৰ অধিকাৰ অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সমৰ্থন আগবঢ়ায়৷

মহামাহীৰ অৰ্থনৈতিক আৰু সামাজিক প্ৰভাৱ হ্ৰাস কৰিবলৈ আৰু গোলকীয় বিকাশৰ হাৰ, বজাৰৰ সুস্থিৰতা পুনৰোদ্ধাৰ কৰিবলৈ উপলব্ধ সকলো নীতি প্ৰয়োগ কৰিবলৈ নেতাসকলে সংকল্প গ্ৰহণ কৰে৷ কভিড-১৯ৰ ফলত সৃষ্টি হবলগীয়া সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ মোকাবিলা কৰিবলৈ জি-২০ দেশসমূহে ৫ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিবলৈ দৃঢ়বদ্ধ৷ বিশ্ব স্বাস্থ্য সংস্থা নেতৃত্বাধীন কভিড-১৯ ছলিডাৰিটী ৰেছপন্স ফাণ্ডলৈ স্বেচ্ছামূলকভাৱে বৰঙণি আগবঢ়াবলৈও নেতাসকল সন্মত হয়৷

প্ৰধানমন্ত্ৰীয়ে জি-২০ৰ এই অভিনৱ সন্মিলন আহ্বান কৰাৰ বাবে ছৌদি আৰৱ ৰজাক ধন্যবাদ জ্ঞাপন কৰে৷ নিজৰ ভাষণত প্ৰধানমন্ত্ৰীয়ে মহামাৰীৰ সম্ভাব্য সামাজিক আৰু অৰ্থনৈতিক ব্যয়ৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে বিশ্বৰ মুঠ জিডিপিলৈ ৮০% আৰু বিশ্বৰ মুঠ জনসংখ্যালৈ ৬০% অৱদান আগবঢ়োৱা সত্ত্বেও কভিড-১৯ত আক্ৰান্ত ৯০ শতাংশ আৰু মৃত্যু হোৱা ৮৮% লোক হল জি-২০ দেশৰ নাগৰিক৷ গোলকীয় মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ এক বাস্তৱসন্মত কৰ্ম পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ জি-২০ ৰাষ্ট্ৰসমূহক আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে গোলকীয় সমৃদ্ধি আৰু সহযোগৰ ক্ষেত্ৰত থকা আমাৰ দৃষ্টিকোণৰ কেন্দ্ৰবিন্দু হিচাপে মানৱতাক ৰখাৰ ওপৰত জোৰ দিয়ে, ত চিকিৎসা গৱেষণা আৰু বিকাশমূলক পদক্ষেপসমূহ বিনামূলীয়াকৈ আৰু মুকলিভাৱে আদান-প্ৰদান কৰিব পাৰো৷ কভিড-১৯ৰ ফলত সৃষ্টি হব পৰা অৰ্থনৈতিক সংকটৰ প্ৰতি লক্ষ্য ৰাখি এক নতুন সংকট ব্যৱস্থাপনা প্ৰটল মুকলি কৰা আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ দৰে সংস্থাসমূহক সৱল কৰাৰ দৰে বিষয়সমূহ প্ৰধানমন্ত্ৰীয়ে গুৰুত্বসহকাৰে উপস্থাপন কৰে৷

প্ৰধানমন্ত্ৰীয়ে লগতে মানৱ সমাজৰ সামগ্ৰিক কল্যাণৰ বাবে গোলকীয়কৰণৰ এক নতুন পৰিভাষাৰ পোষকতা কৰে৷

সন্মিলনৰ সামৰণিত জি-২০ নেতাসকলে এক বিবৃতি জাৰি কৰে, ত মহামাৰী কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ এক ঐক্যবদ্ধ গোলকীয় প্ৰতিক্ৰিয়াৰ আহ্বান জনোৱা হৈছে৷ গোলকীয় অৰ্থনীতিক সুৰক্ষা দিয়া, ব্যৱসায়ত বাধা দূৰ কৰা আৰু গোলকীয় সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিভিন্ন উপায়ো বিবৃতিত প্ৰকাশ পাইছে৷ 

***

VRRK/AK/MS



(Release ID: 1608781) Visitor Counter : 176