প্ৰতিৰক্ষা মন্ত্ৰালয়

ভাৰতীয় নৌসেনাৰ IL38 বিমানযোগে দিল্লীৰ পৰা গোৱাৰ স্বাস্থ্যকৰ্মীলৈ অনা হ’ল ফে’চমাস্ক

Posted On: 27 MAR 2020 6:54PM by PIB Guwahati

ইতিমধ্যেই ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে জাৰি কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত গোৱাৰ ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে অৰ্ডাৰ কৰা ৬০,০০০ ফে’চমাস্ক কঢ়িয়াই অনা ট্ৰাক দিল্লীত আবদ্ধ হৈ থকা বাবে সমগ্ৰ গোৱাতে মাস্কৰ ব্যাপক নাটনিৰ সৃষ্টি হৈছিল।

ইয়াৰ পিছতেই গোৱাস্থিত ভাৰতীয় নৌ সেনাবাহিনীক এই মাস্কখিনি গোৱালৈ লৈ অহাত সহায় কৰিবৰ বাবে ভাৰতীয় মেডিকেল এছ’চিয়েশ্যনৰ অধ্যক্ষই অনুৰোধ কৰিছিল।

আৰু সেই অনুসৰিয়েই, ভাৰতীয় নৌ সেনাৰ Ilyushin 38SD (IL-38) নামৰ লং ৰেঞ্জ মেৰিটাইম ৰিক’নাইছেন্স বিমানখনে আজি ২৭ মাৰ্চ, ২০২০ তাৰিখে আইএনএছ হংসৰ সহযোগত নতুন দিল্লীৰ পালাম বিমানবন্দৰত উপস্থিত হয়। পালামৰ বায়ু সেনা ছাউনীৰ সহযোগত দিল্লীত এই সামগ্ৰীখিনি সংগ্ৰহ কৰি একেদিনাই মাস্কখিনি লৈ গোৱালৈ উভতি যায় বিমানখন।

___________________________________________________________________

VM/ MS/RD


(Release ID: 1608741) Visitor Counter : 157