গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

ডিষ্টিলেৰী-চেনী কলসমূহক ‘হেণ্ড ছেনিটাইজাৰ’ৰ উত্পাদন সৰ্বাধিক কৰাৰ নিৰ্দেশ চৰকাৰৰ

১০০ ডিষ্টিলেৰী, ৫০০ৰো অধিক উত্পাদনকাৰীক ‘হেণ্ড ছেনিটাইজাৰ’ উত্পাদনৰ অনুমতি

प्रविष्टि तिथि: 26 MAR 2020 3:42PM by PIB Guwahati

ভেল কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বলবত্ কৰা লক ডাউনৰ সময়চোৱাত যাতে নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ যোগান অব্যাহত ৰাখিব পৰা যায়, তাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সময়চোৱাত কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে সৰ্ব-সাধাৰণ ৰাইজ, স্বাস্থ্য কৰ্মী তথা চিকিত্সালয়সমূহত ব্যাপক হাৰত হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰি আছে। এনে প্ৰেক্ষাপটত এইবিধ সামগ্ৰীৰ চাহিদা দিনক দিনে বাঢ়িয়েই আছে। বজাৰত  বৃদ্ধি পোৱা হেণ্ড ছেনিটাইজাৰৰ চাহিদা আৰু যোগানৰ সমতুলতা বৰ্তাই ৰখাৰ পৰিপ্ৰেক্ষিততে আবকাৰী আয়ুক্ত, কুঁহিয়াৰ আয়ুক্ত, ঔষধ নিয়ন্ত্ৰক তথা জিলা উপায়ুক্তসকলকে ধৰি ৰাজ্য চৰকাৰসমূহৰ সংশ্লিষ্ট প্ৰাধিকাৰীসমূহক ইথানল’/‘ইএনএ-ৰ যোগানত থকা বাধা-নিষেধ শিথিল কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে হেণ্ড ছেনিটাইজাৰৰ উত্পাদন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰি ইতিমধ্যে আবেদন কৰা ডিষ্টিলেৰী, চেনী কলসমূহক অনুমতি প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় অনুজ্ঞা পত্ৰ প্ৰদানৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। বিশাল পৰিমাণত হেণ্ড ছেনিটাইজাৰ উত্পাদন কৰিব খোজা ডিষ্টিলেৰী, চেনী কলসমূহক উত্সাহিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণত গুৰুত্ব প্ৰদান কৰা হৈছে। উত্পাদনৰ হাৰ সৰ্বাধিক কৰাৰ বাবে দৈনিক তিনিটাকৈ খেপত কাম কৰিবলৈও উত্পাদকসকলক নিৰ্দেশ দিয়া হৈছে।

ইতিমধ্যে প্ৰায় ৪৫টা ডিষ্টিলেৰী আৰু ৫৬৪টা আন উত্পাদক প্ৰতিষ্ঠানক ইতিমধ্যে হেণ্ড ছেনিটাইজাৰ উত্পাদন কৰাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। সেইদৰে অহা এদিন-দুদিনৰ ভিতৰত আৰু ৫৫টা ডিষ্টিলেৰী অনুমতি প্ৰদানৰ বিধি ব্যৱস্থা সম্পূৰ্ণ কৰি থকাৰ বিপৰীতে আন বহু সংখ্যকক ইয়াৰ বাবে উত্সাহিত কৰাৰো পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইফালে সৰ্ব-সাধাৰণ ৰাইজৰ লগতে হাস্পটালসমূহত উচিত মূল্যত হেণ্ড ছেনিটাইজাৰৰ যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে সামগ্ৰীবিধৰ ন্যূনতম মূল্য নিৰ্দ্ধাৰণ কৰি দিছে। সেই অনুসৰি হেণ্ড ছেনিটাইজাৰৰ প্ৰতিটো ২০০ মিলিগ্ৰামৰ বটলৰ খুচুৰা দাম সৰ্বাধিক ১০০টকা, ইয়াৰ আনুপাতিক হিচাপত ইয়াৰ পাইকাৰী মূল্য নিৰ্দ্ধাৰণ কৰা হব।

****

APS/PK/KB


(रिलीज़ आईडी: 1608407) आगंतुक पटल : 132
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , Bengali , English , Marathi , हिन्दी , Gujarati , Tamil , Telugu , Kannada , Malayalam