বিত্ত মন্ত্ৰালয়

ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ঘোষণা কৰা যুঁজত দুখীয়া শ্ৰেণীক সহায়ৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত বিত্তমন্ত্ৰীৰ ১.৭০ লাখ কোটি টকাৰ সাহায্য পেকেজৰ ঘোষণা

Posted On: 26 MAR 2020 5:12PM by PIB Guwahati
  • বীমা আঁচনিৰ অধীনত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ হোৱা প্ৰতিজন স্বাস্থ্যকৰ্মীক ৫০ লাখ টকাৰ বীমাৰ সুবিধা
  • আগন্তুক তিনি মাহৰ বাবে প্ৰতি মাহে ৮০ কোটি দৰিদ্ৰ লোকে লাভ কৰিব ৫ কিলোগ্ৰাম আটা অথবা চাউল আৰু ১ কিলোগ্ৰামকৈ দাইল
  • আগন্তুক তিনি মাহলৈ ২০ কোটি জন ধন একাউণ্টৰ মহিলা উপভোক্তাই প্ৰতি মাহে পাব ৫০০ টকা
  • ১৩.৬২ কোটি পৰিয়াল উপকৃত হোৱাকৈ এমএনৰেগা বেতন প্ৰতিদিনে ১৮২ টকাৰ পৰা ২০২ টকালৈ বৃদ্ধি কৰা হ’ব
  • ৩ কোটি দৰিদ্ৰ জ্যেষ্ঠ নাগৰিক, দৰিদ্ৰ বিধৱা আৰু দৰিদ্ৰ দিব্যাংগক ১০০০ টকাৰ অনুগ্ৰহ ধনৰাশি
  • ৮.৭ কোটি কৃষক উপকৃত হোৱাকৈ পিএম কিষাণ যোজনাৰ অধীনত এপ্ৰিলৰ প্ৰথম সপ্তাহত চৰকাৰে কৃষকক প্ৰদান কৰিব ২,০০০ টকা
  • কেন্দ্ৰ চৰকাৰে নিৰ্মাণ কৰ্মীসকলক সাহায্য প্ৰদানৰ বাবে ৰাজ্য চৰকাৰক ভৱন আৰু নিৰ্মাণ কৰ্মী কল্যাণ পুঁজিৰ ধন ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে

 

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ঘোষণা কৰা যুঁজত দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰিবলৈ ১.৭০ লাখ কোটি টকাৰ সাহায্য পেকেজৰ বিষয়ে ঘোষণা কৰে৷ আজি অনুষ্ঠিত সংবাদ মেল এখনত ভাষণ প্ৰদান কৰি শ্ৰী সীতাৰমণে এইদৰে কয়, ‘‘আজি দৰিদ্ৰতম ব্যক্তিৰ হাতত খাদ্য আৰু ধনৰ যোগান ধৰাৰ পদক্ষেপ গ্ৰহণৰ প্ৰয়াস কৰা হৈছে যাতে তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয়৷’’

আজিৰ বৈঠকখনত ৰাজ্যিক বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী অতনু চক্ৰৱৰ্তী আৰু বিত্তীয় সেৱা বিভাগৰ সচিব শ্ৰী দেৱাশীষ পাণ্ডাও উপস্থিত আছিল৷ আজিৰ বৈঠকখনত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত নিম্নোক্ত ঘোষণাসমূহ কৰা হয়-

 

 

প্ৰধানমন্ত্ৰী গৰীব কল্যাণ পেকেজ

১. চৰকাৰী চিকিৎসালয় আৰু স্বাস্থ্য সেৱা কেন্দ্ৰসমূহত ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত অৱতীৰ্ণ স্বাস্থ্য কৰ্মীসকললৈ বীমা আঁচনি

  • এই বিশেষ বীমা আঁচনিৰ অধীনত চাফাই কৰ্মচাৰী, ৱাৰ্ড-বয়, নাৰ্ছ, আশা কৰ্মী, পেৰামেডিকছ, কাৰিকৰবিদ, চিকিৎসক আৰু বিশেষজ্ঞসকল তথা অন্যান্য স্বাস্থ্য কৰ্মীসকলক সামৰি লোৱা হ’ব৷
  • ক’ভিড-১৯ ৰোগীক শুশ্ৰূষা কৰি থকা যিকোনো স্বাস্থ্য কৰ্মীয়ে যদি কোনো দুৰ্ঘটনাৰ সন্মুখীন হয় তেন্তে তেওঁক এই আঁচনিৰ অধীনত ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব৷
  • সকলো চৰকাৰী স্বাস্থ্য কেন্দ্ৰ, কল্যাণ কেন্দ্ৰ আৰু কেন্দ্ৰ তথা ৰাজ্যৰ চিকিৎসালয়সমূহক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব৷ প্ৰায় ২২ লাখ স্বাস্থ্য কৰ্মীক এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বীমা আঁচনিৰ অধীনত সামৰি লোৱা হ’ব৷

২. পিএম গৰীব কল্যাণ অন্ন যোজনা

  • ভাৰত চৰকাৰে কোনো লোককে, বিশেষকৈ কোনো দুখীয়া পৰিয়ালকে আগন্তুক তিনি মাহৰ বাবে খাদ্যৰ অভাৱত কষ্ট ভুগিবলৈ নিদিয়ে৷
  • ৮০ কোটি লোক অৰ্থাৎ ভাৰতৰ জনসংখ্যাৰ প্ৰায় দুই তৃতীয়াংশ লোকক এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব৷
  • প্ৰতিজন লোকক তেওঁলোকে বৰ্তমানে লাভ কৰি থকা সুবিধাৰ দুগুণ সুবিধা আগন্তুক তিনি মাহলৈ প্ৰদান কৰা হ’ব৷
  • এই অতিৰিক্ত সুবিধাসমূহ বিনামূলীয়া হ’ব৷

 

 

দাইলঃ

  • ওপৰত উল্লিখিত ব্যক্তিসকলৰ বাবে পৰ্যাপ্ত পৰিমাণে প্ৰ’টিনৰ নিশ্চিতিৰ বাবে প্ৰতিটো পৰিয়ালক আগন্তুক তিনিমাহলৈ আঞ্চলিক অগ্ৰাধিকাৰ অনুসৰি ১ কিলোগ্ৰামকৈ দাইলৰ যোগান ধৰা হ’ব৷
  • এই দাইল ভাৰত চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব৷

 

৩. প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত

কৃষকসকলৰ বাবে সুবিধাঃ

  • ২০২০-২১ৰ প্ৰথমটো ২০০০ টকাৰ কিস্তি পিএম কিষাণ যোজনাৰ অধীনত এপ্ৰিল ২০২০ত প্ৰদান কৰা হ’ব৷
  • এই যোজনাই ৮.৭ কোটি কৃষকক সামৰি ল’ব৷

 

 

 

 

৪. পিএম গৰীব কল্যাণ যোজনাৰ অধীনত নগদ স্থানান্তৰণঃ

দুখীয়ালৈ সাহায্যঃ

  • পিএমজেডিৱাইৰ ২০.৪০ কোটি মহিলা হিতাধিকাৰীক আগন্তুক তিনি মাহলৈ প্ৰতি মাহে ৫০০ টকাৰ অনুগ্ৰহ ধনৰাশি প্ৰদান কৰা হ’ব৷

 

গেছ চিলিণ্ডাৰ

  • প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ অধীনত আগন্তুক তিনি মাহলৈ ৮ কোটি পৰিয়ালক বিনামূলীয়াকৈ গেছ চিলিণ্ডাৰৰ যোগান ধৰা হ’ব৷

 

আনুষ্ঠানিক খণ্ডৰ নিম্ন বেতনভোগীসকলৰ বাবে সাহায্যঃ

  • যিবোৰ ব্যৱসায়ত ১০০ত কৈ কম কৰ্মী আছে আৰু মাহিলী বেতন যাৰ ১৫,০০০ টকাতকৈ কম তেওঁলোকৰ চাকৰি হেৰুওৱাৰ ক্ষতিশংকাই দেখা দিছে৷
  • এই পেকেজৰ অধীনত চৰকাৰে আগন্তুক তিনিমাহলৈ কৰ্মচাৰীসকলৰ পিএফ একাউণ্টত তেওঁলোকৰ মাহিলী দৰমহাৰ ২৪ শতাংশ পৰিশোধ কৰাৰ প্ৰস্তাৱ দাখিল কৰিছে৷
  • ইয়াৰ জৰিয়তে তেওঁলোকৰ কৰ্ম সংস্থাপন সুনিশ্চিত হৈ থাকিব৷

 

জ্যেষ্ঠ নাগৰিক (৬০ বছৰ বয়সৰ ঊৰ্ধৰ), বিধৱা আৰু দিব্যাংগসকললৈ সাহায্যঃ

  • দিব্যাং লোকসকল আৰু প্ৰায় ৩ কোটি বৃদ্ধ বিধৱা ক’ভিড-১৯ৰ বাবে অৰ্থনৈতিক অসুৰক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছে৷
  • চৰকাৰে আগন্তুক তিনি মাহৰ বাবে তেওঁলোকক এই কঠিন পৰিস্থিতিৰ পৰা মুক্তি পাবলৈ ১০০০ টকাকৈ প্ৰদান কৰিব৷

 

এমএনৰেগা

  • পিএম গৰীব কল্যাণ যোজনাৰ অধীনত ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ এমএনৰেগা বেতন ২০ টকাকৈ বৃদ্ধি কৰা হ’ব৷ এমএনৰেগাৰ অধীনত বেতন বৃদ্ধিৰ জৰিয়তে প্ৰতিজন কৰ্মীয়ে বাৰ্ষিক ২০০০ টকাৰ অতিৰিক্ত সুবিধা লাভ কৰিব৷
  • ইয়াৰ জৰিয়তে প্ৰায় ১৩.৬২ কোটি পৰিয়াল উপকৃত হ’ব৷ 

৫. আত্ম-সহায়ক গোটসমূহঃ

  • ৬৩ লাখ আত্ম-সহায়ক গোট (এছএইচজি)ৰ জৰিয়তে সংবদ্ধ মহিলাসকলে ৬.৮৫ কোটি পৰিয়ালক সমৰ্থন প্ৰদান কৰি আহিছে৷

ক) কোলেটাৰেল (collateral) মুক্ত ঋণৰ পৰিমাণ ১০ লাখ টকাৰ পৰা ২০ লাখ টকালৈ বৃদ্ধি কৰা হ’ব৷

৬. পিএম গৰীব কল্যাণ পেকেজৰ অন্যান্য অংশসমূহ

 

 

আনুষ্ঠানিক খণ্ডঃ

  • কৰ্মচাৰীৰ ভৱিষ্য নিধি নিয়ামকৰ সংশোধন কৰা হ’ব যাতে মহামাৰীৰ বাবে ৭৫ শতাংশ ৰাশি অথবা তিনি মাহৰ বেতনৰ অ-ফেৰৎযোগ্য অগ্ৰীম, যিটোৱেই তেওঁলোকৰ একাউণ্টতকৈ কম হয় সেয়া ঘূৰাই দিয়াৰ অনুমতি প্ৰাপ্ত হয়৷
  • ইপিএফৰ অধীনত চাৰি কোটি পঞ্জীকৃত কৰ্মীৰ পৰিয়ালে এই সুবিধাৰ দ্বাৰা উপকৃত হ’ব৷

 

ভৱন আৰু অন্যান্য নিৰ্মাণ কৰ্মীৰ কল্যাণ পুঁজিঃ

  • কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত ভৱন আৰু অন্যান্য নিৰ্মাণ কৰ্মীৰ কল্যাণ পুঁজি গঠন কৰা হৈছে৷
  • এই পুঁজিৰ অধীনত ৩.৫ কোটি পঞ্জীকৃত কৰ্মী আছে৷
  • এই কৰ্মীসকলক অৰ্থনৈতিক অসুবিধাৰ পৰা সুৰক্ষা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক এই পুঁজি ব্যৱহাৰ কৰি সাহায্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হ’ব৷

 

জিলা খনিজ পুঁজি

  • ক’ভিড-১৯ মহামাৰীক প্ৰতিৰোধ কৰিবলৈ আৰু এই মহামাৰীত আক্ৰান্ত ৰোগীক তিকিৎসা কৰিবলৈ চিকিৎসা পৰীক্ষণ, নিৰীক্ষণ আৰু অন্যান্য প্ৰয়োজনসমূহৰ বাবে ৰাজ্য চৰকাৰক জিলা খনিজ পুঁজি (ডিএমই)ত উপলব্ধ পুঁজিসমূহ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া হ’ব৷ 

****

RM/KMN/MANN



(Release ID: 1608370) Visitor Counter : 513