কেবিনেট

দেশত চিকিৎসাজাতীয় সামগ্ৰীসমূহৰ ঘৰুৱা উৎপাদনক উদগনি দিবলৈ কেবিনেটৰ অনুমোদন

Posted On: 21 MAR 2020 4:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিম্নোক্ত আঁচনিসমূহৰ বাবে অনুমোদন জনাইছেঃ

১. মেডিকেল ডিভাইচ পাৰ্ক গঠন কৰি ৪খন মেডিকেল ডিভাইচ পাৰ্কত সাধাৰণ আন্তঃগাঁথনিৰ বিত্তপোষণৰ বাবে ৪০০ কোটি টকা আৱণ্টনৰ আঁচনি৷

২. ৩,৪২০ কোটি টকাৰ বিত্তীয় প্ৰণয়নৰ সৈতে চিকিৎসা সামগ্ৰীৰ ঘৰুৱা নিৰ্মাণৰ প্ৰচাৰৰ বাবে উৎপাদন সংযোজিত সাহায্য (পিএলআই) আঁচনি৷

উপৰোক্ত আঁচনিকেইটাৰ বাবে আগন্তুক পাঁচ বছৰৰ বাবে অৰ্থাৎ ২০২০-২১ৰ পৰা ২০২৪-২৫লৈ ব্যয় বহন কৰা হ’ব৷

সবিশেষঃ

ক) মেডিকেল ডিভাইচ পাৰ্ক গঠন

খ) চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰখন বৰ্তমানে এক উন্নয়নশীল ক্ষেত্ৰ আৰু স্বাস্থ্যসেৱাৰ বজাৰত ইয়াৰ সম্ভাৱনীয়তা আটাইতকৈ অধিক৷ ২০১৮-১৯ত ইয়াৰ মূল্য ৫০,০২৬ কোটি টকা হোৱাৰ বিপৰীতে ২০২১-২২ৰ ভিতৰত ইয়াৰ মূল্য ৮৬,৮৪০ কোটি টকালৈ বৃদ্ধি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ ভাৰতে চিকিৎসা সামগ্ৰীৰ ঘৰুৱা চাহিদাৰ ৮৫% সামগ্ৰীয়েই আমদানি কৰে৷

গ) এই আঁচনিৰ জৰিয়তে দেশত ৰাজ্যসমূহৰ সহযোগিতাত মেডিকেল ডিভাইচ পাৰ্ক স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ প্ৰতিখন পাৰ্কৰ বিপৰীতে ৰাজ্যসমূহক ১০০ কোটি টকাকৈ সাহায্য প্ৰদান কৰা হ’ব৷

ঘ) উৎপাদন সম্বন্ধীয় সাহায্য আঁচনি

ঙ) চিকিৎসা সামগ্ৰীৰ ক্ষেত্ৰখনে ১২%ৰ পৰা ১৫%লৈ নিৰ্মাণ অক্ষমতাৰ ব্যয় বহন কৰি আহিছে লগতে অপৰ্যাপ্ত আন্তঃগাঁথনি, ঘৰুৱা যোগান শৃংখল আৰু লজিষ্টিক, উচ্চ পৰিমাণৰ বিত্ত, অপৰ্যাপ্ত শক্তি, সীমিত ডিজাইন সামৰ্থতা, গৱেষণা আৰু বিকাশত তথা দক্ষতা বিকাশত ন্যূনতম গুৰুত্ব ইত্যাদিৰ ফলতো ই বাৰুকৈয়ে প্ৰভাৱিত হৈছে৷ সেয়েহে এই নিৰ্মাণ অক্ষমতা দূৰ কৰিবলৈ এনে ধৰণৰ ব্যৱস্থাপনাৰ প্ৰয়োজন হৈ পৰিছে৷

চ) এই আঁচনিয়ে চিকিৎসা সামগ্ৰী ক্ষেত্ৰত বৃহৎ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰি ঘৰুৱা নিৰ্মাণক উদগনি জনাব৷

প্ৰণয়নঃ

নিম্নোল্লিখিত চিকিৎসা সামগ্ৰীসমূহৰ ২৫-৩০টা শাখাৰ নিৰ্মাণত সাহায্য প্ৰদান কৰা হ’ব-

১) কৰ্কট সেৱা/ৰেডিঅ’থেৰাপী চিকিৎসা সামগ্ৰীসমূহ

২) ৰেডিঅ’ল’জী আৰু ইমেজিং চিকিৎসা সামগ্ৰী(আয়নাইজিং আৰু নন-আয়নাইজিং, ৰেডিয়েচন সামগ্ৰীসমূহ) আৰু নিউক্লীয়াৰ ইমেজিং সামগ্ৰীসমূহ

৩) কাৰ্ডিঅ’ ৰেছপাইৰ’টৰী আৰু ৰেনেল কেয়াৰ মেডিকেল ডিভাইচৰ কেথেটাৰকে ধৰি এনেষ্ঠেটিক আৰু কাৰ্ডিঅ’ ৰেছপাইৰ’টৰী চিকিৎসা সঁজুলি

৪) ক’চ্চেলাৰ ইমপ্লাণ্ট আৰু পেচমেকাৰকে ধৰি সকলো সংৰোপণ কৰিব পৰা বৈদ্যুতিক সামগ্ৰী৷

 

***

VRRK/AK/MANN



(Release ID: 1607904) Visitor Counter : 159