প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ৰাজস্থানৰ যোধপুৰত দুৰ্ঘটনাত নিহত হোৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 14 MAR 2020 9:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ যোধপুৰত এক পথ দুৰ্ঘটনাত প্ৰাণহানি হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, “ৰাজস্থানৰ যোধপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ পাই অতিশয় দুঃখিত হৈছো৷”

তেওঁ দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷

***

VRRK/AK/DB


(ৰিলিজ আই ডি : 1606854) অতিথি কক্ষ : 110