প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু আৰু কাশ্মীৰৰ অপনী পাৰ্টীৰ ২৪ সদস্য প্ৰতিনিধিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

Posted On: 14 MAR 2020 8:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গত জম্মু আৰু কাশ্মীৰৰ অপনী পাৰ্টীৰ শ্ৰী আলটাফ বুখাৰীৰ নেতৃত্বত ২৪জনীয়া সদস্য প্ৰতিনিধিক সাক্ষাৎ কৰে৷

প্ৰতিনিধি দলটোৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত জন সহযোগিতাৰ দ্বাৰা পৰিৱৰ্তনৰ সূচনা কৰি জনতাৰ কণ্ঠ চৰকাৰৰ ওচৰলৈ লৈ যোৱাত গুৰুত্ব প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰীয়ে ইয়াকো কয় যে ৰাজনৈতিক অখণ্ডতাৰ দ্ৰুত প্ৰক্ৰিয়াকৰণৰ জৰিয়তে অঞ্চলটো শক্তিশালী কৰা উচিত৷

যুৱ সৱলীকৰণৰ বিষয়ে মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু আৰু কাশ্মীৰৰ বিকাশত যুৱ সমাজে অনুঘটকৰ দৰে কাম কৰিব পাৰে৷ তেওঁ দক্ষতা বিকাশক অধিক গুৰুত্ব প্ৰদান কৰি অঞ্চলটোত যুৱ সমাজৰ মাজত কৰ্ম স্পৃহা বৃদ্ধি কৰিবলৈ আহ্বান জনায়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে আন্তঃগাঁথনিমূলক বিকাশেৰে অঞ্চলটোত ব্যাপক অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হোৱাৰ লগতে পৰ্যটনৰ দৰে নতুন ক্ষেত্ৰসমূহত বিনিয়োগৰ পৰিবেশো গঢ়ি তুলিব৷ জম্মু আৰু কাশ্মীৰৰ সকলো সমস্যা সমাধানৰ বাবে চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি তেওঁ মন্তব্য প্ৰদান কৰে৷

প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোৰ সৈতে ভৌগোলিক পৰিৱৰ্তন, সীমা নিৰ্ধাৰণ আৰু ৰাজ্যিক বাসগৃহ নিৰ্মাণৰ বাবে সাহায্য প্ৰদান আদি বিভিন্ন বিষয়ত আলোচনা কৰে৷ সংসদত তেওঁ পূৰ্বে ঘোষণা কৰা বিবৃতিৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰে ৰাজ্যিক মৰ্যাদা অতি শীঘ্ৰেই লাভ কৰাৰ বাবে চৰকাৰে কাম কৰিব বুলি মন্তব্য কৰে৷

অপনী পাৰ্টীৰ অধ্যক্ষ শ্ৰী আলটাফ বুখাৰীয়ে কয় যে ৫ আগষ্ট ২০১৯ তাৰিখে জম্মু আৰু কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আৰু অনুচ্ছেদ ৩৫ (ক) বিলোপ কৰাৰ সিদ্ধান্ত ৰাজ্যখনৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত আছিল৷

প্ৰতিনিধিৰ দলটোৱে প্ৰধানমন্ত্ৰীক তেওঁৰ সাহায্য আৰু জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ বাবে কৰা প্ৰয়াসক ধন্যবাদ জনায়৷ তেওঁলোকে চৰকাৰ, সুৰক্ষা সংস্থাৰ প্ৰয়াস তথা জম্মু আৰু কাশ্মীৰৰ জনসাধাৰণে শান্তি বৰ্তাই ৰখাৰ বাবেও প্ৰশংসা কৰে৷

 

 

***

VRRK/AK/MANN



(Release ID: 1606739) Visitor Counter : 83